ৰিচাৰ্ড এন্থনী হাডছন এফ বি এ ( Richard Anthony Hudson FBA; জন্ম: ১৮ ছেপ্টেম্বৰ ১৯৩৯) এগৰাকী ব্ৰিটিছ ভাষাবিদ। বাক্য গঠনৰ এক ব্যাপক তত্ত্ব শব্দ ব্যাকৰণৰ বাবে তেওঁ বেছিকৈ জনাজাত।
জীৱনী
হাডছন উদ্যান শস্যবিদ আৰু বোমা নিষ্কাশন বিষয়াজন পিলকিংটন হাডছনৰ পুত্ৰ। জীৱনৰ বেছিভাগ সময় ইংলেণ্ডত বাস কৰি আহিছে (নিউজিলেণ্ডত তিনি বছৰ, ১৯৪৫–১৯৪৮)। লেষ্টাৰশ্বাৰৰ ল’ফব’ৰ’ গ্ৰামাৰ স্কুল (১৯৪৮–১৯৫৮), কেম্ব্ৰিজৰ কৰ্পাছ ক্ৰীষ্টি কলেজ (১৯৫৮–১৯৬১) আৰু স্কুল অৱ অৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টাডিজ (পি.এইচ.ডি., ১৯৬১–১৯৬৪)ত ভাষাবিজ্ঞান অধ্যয়ন কৰে। তেওঁ মাইকেল হেলিডেৰ সৈতে ইউনিভাৰ্চিটি কলেজ লণ্ডনত গৱেষণা সহায়ক হিচাপে কাম কৰিছিল: ৰডনি হাডলষ্টনৰ সৈতে বৈজ্ঞানিক ইংৰাজীৰ ব্যাকৰণৰ ওপৰত (১৯৬৪–১৯৬৭), আৰু ভাষাবিজ্ঞান আৰু ইংৰাজী পাঠদানৰ ওপৰত (১৯৬৭–১৯৭০)। ১৯৭০ চনত তেওঁ ইউচিএলত প্ৰবক্তা হিচাপে নিযুক্তি লাভ কৰে আৰু কৰ্মজীৱনৰ বাকী সময়খিনি বেছিভাগেই ধ্বনিবিজ্ঞান আৰু ভাষাবিজ্ঞান বিভাগত কটায় আৰু ২০০৪ চনত অৱসৰ গ্ৰহণ কৰে। তেওঁ ব্ৰিটেইনৰ বিদ্যালয়সমূহত শৈক্ষিক ভাষাবিজ্ঞান আৰু ভাষাৰ (আৰু ভাষাৰ বিষয়ে) পাঠদানৰ মাজত সেতু নিৰ্মাণৰ কামো কৰিছে।
সাহিত্য কৰ্ম
- হাডচন, ৰিচাৰ্ড. (১৯৭৬). Arguments for a Non-Transformational Grammar. Chicago University Press. ISBN 9780226357997
- হাডচন, ৰিচাৰ্ড. (১৯৮৪). Word Grammar. Blackwell. ISBN 9780631131861
- হাডচন, ৰিচাৰ্ড. (১৯৯৬). Sociolinguistics. Cambridge University Press. ISBN 9780521565141
- হাডচন, ৰিচাৰ্ড. (১৯৯৭). Inherent Variability and Linguistic Theory. Cognitive Linguistics. পৃ. 73–108
- হাডচন, ৰিচাৰ্ড. (২০০০). A Cognitive Approach to the Verb: Morphological and Constructional Perspectives. Mouton de Gruyter. পৃ. 49–72. ISBN 9783110170313
- হাডচন, ৰিচাৰ্ড. (২০০৩). Mismatch: Form-Function Incongruity and the Architecture of Grammar. CSLI Publications. পৃ. 355–402. ISBN 9781575863832
- হাডচন, ৰিচাৰ্ড. (২০০৭). Language Networks: The New Word Grammar. Oxford University Press. ISBN 9780199298389
- হাডচন, ৰিচাৰ্ড. (২০১০). An Introduction to Word Grammar. Cambridge University Press. ISBN 9780521721646
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিচাৰ্ড হাডছন (ভাষাবিদ)” প্ৰবন্ধৰ সংশোধন ৬৩২৩২৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।