ৰিধিমা ঘোষ এগৰাকী ভাৰতীয় বঙালী ভাষা চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী।১ তেওঁ ২০০৭ চনত সংঘমিত্ৰা চৌধুৰীৰ ছবি ৰাতপৰিৰ ৰূপকথাৰ জৰিয়তে ডাঙৰ পৰ্দাত আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ পিছত ২০০৯ চনত বাংলা ধাৰাবাহিক বৌ কথা কওৰ জৰিয়তে তেওঁ দূৰদৰ্শনত ভূমুকি মাৰে। তেওঁ ২০১১ চনৰ অন্যতম প্ৰশংসিত ছবি কৌশিক গাংগুলীৰ ৰং মিলান্তিত কৰা অভিনয়ৰ বাবে জনাজাত। এফএফএচিই (FFACE) কেলেণ্ডাৰৰ প্ৰথম সংস্কৰণৰ বাবে ৰিধিমা প্ৰথমগৰাকী চেলিব্ৰিটি মডেল হিচাপেও নিৰ্বাচিত হৈছিল।
শিক্ষা
ঘোষে কলকাতাৰ লৰেটো হাউচত স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল।২ পৰৱৰ্তী সময়ত তেওঁ ভৱানীপুৰ এডুকেশ্যন ছচাইটি কলেজৰপৰা ইংৰাজী সাহিত্যত ডিগ্ৰী লাভ কৰে।
ব্যক্তিগত জীৱন

১৯৮৯ চনৰ ১৮ জানুৱাৰীত ভাৰতৰ পশ্চিমবংগৰ কলকাতাত ৰিধিমাৰ জন্ম হৈছিল আৰু তাতেই ডাঙৰ-দীঘল হৈছিল।৩ ২০১৭ চনৰ ২৮ নৱেম্বৰত তেওঁ তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক তথা অভিনেতা গৌৰৱ চক্ৰৱৰ্তীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ২০১০ চনৰ ৫ ছেপ্টেম্বৰত ৰং মিলান্তিৰ চিত্ৰনাট্য পাঠৰ সময়ত তেওঁলোকৰ প্ৰথম সাক্ষাৎ হৈছিল।৪৫ ৰিধিমা অভিনেতা সব্যসাচী চক্ৰৱৰ্তী আৰু অভিনেত্ৰী মিঠু চক্ৰৱৰ্তীৰ বোৱাৰী। তেওঁৰ দেওৰেক হ’ল অভিনেতা অৰ্জুন চক্ৰৱৰ্তী।৬ ২০২৩ চনৰ ১৬ ছেপ্টেম্বৰত তেওঁ ধীৰ নামৰ এটা পুত্ৰ সন্তান জন্ম দিয়ে।৭
কেৰিয়াৰ
ৰিধিমাই ষ্টাৰ জলছাৰ মেগা ধাৰাবাহিক বৌ কথা কওৰ জৰিয়তে দূৰদৰ্শনত আত্মপ্ৰকাশ কৰে। ২০০৭ চনত মুক্তি পোৱা সংঘমিত্ৰা চৌধুৰীৰদ্বাৰা পৰিচালিত ৰাতপৰিৰ ৰূপকথাৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত খোজ পেলায়। তেওঁ ২০১১ চনৰ ছেপ্টেম্বৰত মুক্তি পোৱা কৌশিক গাংগুলীৰ ৰং মিলান্তিৰ অভিনয়ৰ জৰিয়তে ব্যাপক জনপ্ৰিয়তা লাভ কৰে।৮
ঘোষে ২০১৪ চনত কালাৰ্ছ বাংলাত সম্প্ৰচাৰিত ব্যোমকেশ ধাৰাবাহিকৰ জৰিয়তে পুনৰ দূৰদৰ্শনলৈ উভতি আহে। এই ধাৰাবাহিকখনত সত্যৱতীৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ দৰ্শকৰ মাজত যথেষ্ট সুপৰিচিত হৈ পৰে।
হইচৈ ৱেব ধাৰাবাহিক ব্যোমকেশৰ (ছিজন ১–৮) জৰিয়তে তেওঁ অ’টিটি (OTT) জগতত ভৰি দিয়ে। ইয়াত তেওঁ কৰা সত্যৱতীৰ চৰিত্ৰটো দৰ্শক আৰু সমালোচক উভয়ৰেদ্বাৰা প্ৰশংসিত হৈছিল। ইয়াৰ পিছত তেওঁ আৰু কেইবাখনো ৱেব ধাৰাবাহিকত অভিনয় কৰে।৯
২০২৪ চনত ঘোষে পুনৰ দূৰদৰ্শনলৈ উভতি আহে আৰু স্বামী অভিনেতা গৌৰৱ চক্ৰৱৰ্তীৰ সৈতে জি বাংলাৰ অনুষ্ঠান ৰন্ধনে বন্ধনৰ আঁত ধৰে।১০
তথ্যসূত্ৰ
- ↑ Ridhima Ghosh: Movies, Photos, Videos, News, Biography & Birthday · eTimes. The Times of India
- ↑ Shohoj Katha. (2025-03-07). Shohoj Katha · Episode 15 · Ridhima Ghosh · Rahul Arunoday Banerjee
- ↑ আনন্দ, ওয়েব ডেস্ক, এবিপি. 'এই জন্মদিনটা তোমাৰ জন্য কঠিন হ’লেও ভালো ৰাখাৰ চেষ্টা কৰব', ৰিধিমাকে গৌৰব. ABP Bengali
- ↑ (24 November 2021). Gaurav Chakrabarty Ridhima Ghosh Anniversary Kiss: গৌৰবেৰ ঠোঁটে ঠোঁট ৰেখে ভালোবাসা এঁকে দিলেন ৰিধিমা, কেন জানেন?. News18 Bengali
- ↑ TIme to say I do!. The Telegraph (India)
- ↑ সংবাদদাতা, নিজা. Ridhima Ghosh-Arjun Chakrabarty: অৰ্জুন আমাকে 'বৌদি' বলে ডাকলে খুব ৰেগে যায়, কিন্তু আমাৰ বাৰণ শোনে না: ৰিধিমা. anandabazar.com
- ↑ Ridhima Ghosh: 'মাতৃত্বেৰ উপহাৰ', ছেলে ধীৰেৰ সঙ্গে Mother's Day পালন, পোষ্ট ৰিধিমাৰ. Aaj Tak বাংলা
- ↑ (23 February 2022). Rang Milanti: 'ৰং মিলান্তি' টিমেৰ 'ৰিইউনিয়ন'! নষ্ট্যালজিয়ায় ডুব পাঁচ বন্ধুৰ. Hindustantimes Bangla
- ↑ (2017-09-02). Byomkesh’s OTT debut on Hoichoi gets hotter with the central characters’ First Look reveal
- ↑ (2024-05-18). Gaurav and Ridhima are set to host ‘Randhane Bandhan’ together; Share their food preferences. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিধিমা ঘোষ” প্ৰবন্ধৰ সংশোধন ৫৯৯৯৯৮ (৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।