অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰিয়া চক্ৰৱৰ্তী

ৰিয়া চক্ৰৱৰ্তী (ইংৰাজী: Rhea Chakraborty) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ভিজে যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ এমটিভি ইণ্ডিয়াৰ এগৰাকী ভিজে হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

হালনাগাদ: ৫ এপ্ৰিল ২০২৬ ২৫৮ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ৰিয়া চক্ৰৱৰ্তী (ইংৰাজী ভাষা: Rhea Chakraborty) এগৰাকী ভাৰতীয় অভিনেত্ৰী১ আৰু ভিজে যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে।২৩ তেওঁ এমটিভি ইণ্ডিয়াৰ এগৰাকী ভিজে হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।৪ ২০১২ চনত তেলুগু ছবি তুনিগা তুনিগাৰ জৰিয়তে তেওঁ অভিনয়ত আত্মপ্ৰকাশ কৰে আৰু পিছলৈ হিন্দী ছবি মেৰে ড্যাড কী মাৰুতি (২০১৩)-ত অভিনয় কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

ৰিয়া চক্ৰৱৰ্তীৰ জন্ম কৰ্ণাটকৰ বেংগালুৰুৰ এটা বঙালী পৰিয়ালত হৈছিল।৫ তেওঁৰ পিতৃ ভাৰতীয় সেনাবাহিনীৰ এজন লেফটেনেণ্ট কৰ্ণেল আছিল।৬৭ তেওঁ আম্বালা কেণ্টৰ আৰ্মী পাব্লিক স্কুল আৰু আগ্ৰাৰ ছেইণ্ট ক্লেয়াৰ স্কুলত শিক্ষা গ্ৰহণ কৰিছিল।৮৯

কেৰিয়াৰ

ৰিয়াই ২০০৯ চনত এমটিভি ইণ্ডিয়াৰ 'টিভিএছ স্কুটি টিন ডিভা'ৰ জৰিয়তে নিজৰ টেলিভিছন কেৰিয়াৰ আৰম্ভ কৰিছিল, য’ত তেওঁ প্ৰথম ৰানাৰ্ছ-আপ হৈছিল। পিছলৈ তেওঁ এমটিভি দিল্লীত ভিজে (VJ) হ’বলৈ অডিচন দিয়ে আৰু নিৰ্বাচিত হয়। তেওঁ এমটিভিৰ কেইবাটাও অনুষ্ঠান পৰিচালনা কৰিছে, যাৰ ভিতৰত 'পেপছি এমটিভি ৱাছআপ', 'টিকটাক কলেজ বিট' আৰু 'এমটিভি গন ইন ৬০ ছেকেণ্ডছ' অন্যতম।

২০১২ চনত তেওঁ তেলুগু ছবি তুনিগা তুনিগাৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে, য’ত তেওঁ নিধি নামৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল। ২০১৩ চনত তেওঁ মেৰে ড্যাড কী মাৰুতিত জছলিন হিচাপে অভিনয় কৰি বলিউডত পদাৰ্পণ কৰে।৫ ২০১৪ চনত তেওঁ সোণালী কেবলত সোণালীৰ চৰিত্ৰত অভিনয় কৰিছিল।১০

২০১৭ চনত তেওঁ যশ ৰাজ ফিল্মছৰ ছবি বেংক চোৰত অভিনয় কৰে।১১ ইয়াৰ উপৰি তেওঁ হাফ গাৰ্লফ্ৰেণ্ড আৰু দোবাৰা: চি ইউৰ ইভিলত অতিথি শিল্পী হিচাপে অভিনয় কৰিছিল।১২ ২০১৮ চনত তেওঁ নবাগত বৰুণ মিত্ৰৰ বিপৰীতে জলেবি ছবিত অভিনয় কৰিছিল।১৩

২০২০ চনত তেওঁ 'দ্য টাইমছ অৱ ইণ্ডিয়া'ৰ "আটাইতকৈ কাংক্ষিত মহিলা"ৰ তালিকাত শীৰ্ষস্থান দখল কৰিছিল।১৪ ২০২৩ চনত চক্ৰৱৰ্তীয়ে ভাৰতীয় ৰিয়েলিটী শ্বো 'এমটিভি ৰোডীজ'ৰ বিংশতম ছিজনত গেং লিডাৰ হিচাপে কাম কৰিছিল আৰু বিজয়ী গেং লিডাৰ হিচাপে পৰিগণিত হৈছিল।১৫

২০২৬ চনত ঘোষণা কৰা হৈছিল যে চক্ৰৱৰ্তীয়ে ৭ বছৰৰ বিৰতিৰ পিছত নেটফ্লিক্সৰ অনুষ্ঠান 'ফেমিলি বিজনেছ'ৰ জৰিয়তে পুনৰ অভিনয়লৈ উভতি আহিব।১৬

তথ্যসূত্ৰ

  1. ↑ (2024-07-20). Rhea Chakraborty addresses life after Sushant Singh Rajput's death, reveals she is no longer acting in films: 'Some people think I do black magic'. The Indian Express
  2. ↑ Rhea Chakraborty wants to do meaningful roles. The Times of India
  3. ↑ Rhea Chakraborty sizzles in bikini on the beaches of Maldives. See pics
  4. ↑ (17 May 2010). Female VJs giving tough competition to their male counterparts. dna
  5. ↑ Everyone thinks I am Punjabi: Rhea Chakraborty. The Times of India
  6. ↑ (27 August 2020). Rhea's father Lt Col Indrajit Chakraborty wasn't very ambitious, gave up career for daughter's acting dream. India Today
  7. ↑ Truly Unstoppable: Rhea Chakraborty. FHM
  8. ↑ Photos: Meet Rhea Chakraborty, a VJ-turned-actress
  9. ↑ (28 August 2020). Exclusive: Rhea Chakraborty's school photo from Agra, teachers say she was a bright student. India Today
  10. ↑ Sonali Cable: The story behind Ali and Rhea's crackling chemistry. The Times of India
  11. ↑ Rhea Chakraborty heats up the action in Bank Chor!. The Times of India
  12. ↑ Rhea Chakraborty bags a role in 'Half Girlfriend'. The Times of India
  13. ↑ 'Jalebi' First Look Poster: Love in an Age of Bewilderment. The Quint
  14. ↑ न्यूज, एबीपी. (8 June 2021). Times Most Desirable Women: कैटरीना कैफ और जैकलीन को पछाड़ नंबर वन बनीं रिया चक्रवर्ती, यहां देखिए Top 10 की लिस्ट. abplive.com
  15. ↑ (15 October 2023). Exclusive - Roadies - Karm Ya Kaand Winner Vashu Jain: Rhea Chakraborty ma'am has always prioritised me, she is the smartest of all. Times of India
  16. ↑ Sharma, Riya. (5 February 2026). Rhea Chakraborty didn’t expect to ‘act ever again’, calls her comeback with Family Business after 7 years ‘unreal’. হিন্দুস্তান টাইমছ

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিয়া চক্ৰৱৰ্তী” প্ৰবন্ধৰ সংশোধন ৫৯৯৯৯৯ (৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।