ৰীতা কইৰাল বা ৰীতা কয়ৰাল (ইংৰাজী ভাষা: Rita Koiral; ৩ জুলাই ১৯৫৯ – ১৯ নৱেম্বৰ ২০১৭) এগৰাকী ভাৰতীয় বঙালী ভাষা অভিনেত্ৰী আছিল। তেওঁ টেলিভিছন আৰু চলচ্চিত্ৰৰ চৰিত্ৰসমূহৰ বাবে পৰিচিত আছিল।১ তেওঁ কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছিল আৰু প্ৰায়েই খলনায়িকাৰ চৰিত্ৰত তথা মনামী ঘোষৰ বিপৰীতে অভিনয় কৰিছিল।২ তেওঁ কাম কৰা পৰিচালকসকলৰ ভিতৰত আছিল প্ৰভাত ৰায়, অগ্নিদেৱ চেতাৰ্জী আৰু অপৰ্ণা সেন। ইয়াৰ উপৰি তেওঁ যাত্ৰা পাৰ্টিতো অভিনয় কৰিছিল।৩
কইৰালৰ জন্ম কলকাতাত হৈছিল আৰু মৃত্যুৰ সময়লৈকে তেওঁ তাতেই বাস কৰিছিল। তেওঁ কলকাতা বিশ্ববিদ্যালয়ৰপৰা একাউণ্টেন্সীত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। পিছলৈ তেওঁ দূৰদৰ্শন কেন্দ্ৰ কলকাতাৰ সংবাদ পাঠিকা হিচাপে যোগদান কৰিছিল।
তেওঁৰ প্ৰথম বিবাহ হৈছিল সহ-অভিনেতা সৌমিত্ৰ বেনাৰ্জীৰ সৈতে। বিখ্যাত অভিনেতা জহৰ গাংগুলী তেওঁৰ মাতামহ আছিল। তেওঁৰ দ্বিতীয় পতিৰ সৈতে তেওঁৰ সম্পৰ্ক মধুৰ নাছিল, যাৰফালৰপৰা তেওঁৰ অমৃতা নামৰ এগৰাকী কন্যা সন্তান আছিল।২ তেওঁৰ এজন পুত্ৰ সন্তানো আছিল যিয়ে কম বয়সতে প্ৰাণ হেৰুৱাইছিল।
কৰ্মজীৱন
অনুপম খেৰৰ ২০০০ চনৰ ছবি বাৰীৱালীত ৰীতা কইৰালে আন এগৰাকী ভাৰতীয় অভিনেত্ৰী তথা প্ৰযোজকৰ পত্নী কিৰণ খেৰৰ বাবে কণ্ঠদান কৰিছিল। কিন্তু খেৰে ছবিখনত কৰা অভিনয়ৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ সময়ত কইৰালক তাৰ কৃতিত্ব দিয়া হোৱা নাছিল। নিয়ম অনুসৰি, চৰিত্ৰটো ডাবিং কৰা হোৱা বাবে খেৰ এই বঁটাৰ বাবে যোগ্য হ’ব নালাগিছিল।৪ কইৰালে দাবী কৰিছিল যে অনুপম খেৰে তেওঁক বঁটাৰ ধনৰ এটা অংশ যাচিছিল, কিন্তু কিৰণ খেৰে তেওঁৰ চৰিত্ৰটোত আনৰ কণ্ঠ ব্যৱহাৰ কৰা কথাটো অস্বীকাৰ কৰিছিল।৫ কইৰালৰ মৃত্যুৰ পাছত দ্য টাইমছ অৱ ইণ্ডিয়াই দাবী কৰিছিল যে তেওঁ জীৱনৰ বাকী সময়ছোৱাত "প্ৰাপ্য স্বীকৃতিৰপৰা বঞ্চিত হোৱাৰ আঘাত" বুকুত কঢ়িয়াই ফুৰিছিল।৬
অভিনয়ৰ উপৰি কইৰালে এখন নৃত্য বিদ্যালয় চলাইছিল।২ যকৃতৰ কেন্সাৰ (লিভাৰ কেন্সাৰ) ধৰা পৰাৰ পাছতো তেওঁ অভিনয় অব্যাহত ৰাখিছিল৭ আৰু ৫৮ বছৰ বয়সত কলকাতাৰ এখন চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।১
তথ্যসূত্ৰ
- ↑ (19 November 2017). Actor Rita Koiral passes away. Indian Express
- ↑ Ruman Ganguly. (20 November 2017). Tollywood mourns for Rita Koiral. The Times of India
- ↑ (19 November 2017). Bengali actress Rita Koiral dead at 58. India New England News
- ↑ Radha Rajadhyaksha. (10 April 2016). Recognising 'behind the voice actors'. The Hindu
- ↑ S. Kalidas. (4 September 2000). Dub and be damned. India Today
- ↑ Zinia Seni. (20 November 2017). One of Rita Koiral's most significant works remains unacknowledged. The Times of India
- ↑ (19 November 2017). Bengali actress Rita Koiral dead. Business Standard
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰীতা কইৰাল” প্ৰবন্ধৰ সংশোধন ৬০০০০১ (৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।