অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰীমা লাগু

ৰীমা লাগু (ইংৰাজী: Reema Lagoo; জন্মগত নাম: নয়ন ভদভদে; ২১ জুন ১৯৫৮ – ১৮ মে' ২০১৭) এগৰাকী ভাৰতীয় মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী আছিল। তেওঁ মূলতঃ হিন্দী আৰু মাৰাঠী চিনেমাৰ কামৰ বাবে পৰিচিত আছিল।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ২৭৩ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ৰীমা লাগু (ইংৰাজী: Reema Lagoo; জন্মগত নাম: নয়ন ভদভদে; ১ ২১ জুন ১৯৫৮ – ১৮ মে' ২০১৭) এগৰাকী ভাৰতীয় মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী আছিল। তেওঁ মূলতঃ হিন্দী ভাষা আৰু মাৰাঠী ভাষা চিনেমাৰ কামৰ বাবে পৰিচিত আছিল।২ তেওঁ মাৰাঠী ভাষা থিয়েটাৰৰ জৰিয়তে নিজৰ অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল,৩ যাৰ পিছত ১৯৯০ আৰু ২০০০ চনৰ আৰম্ভণিতে মাতৃৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ ঘৰে ঘৰে পৰিচিত হৈ পৰিছিল। ৯০ৰ দশকৰ ক্লাছিক টিভি চিটকম শ্ৰীমান শ্ৰীমতী (কোকিলা কুলকাৰ্ণী হিচাপে)৪ আৰু তু তু ম্যেঁ ম্যেঁ (দেৱকী বাৰ্মা হিচাপে)-ত কৰা অভিনয়ৰ বাবে তেওঁ ব্যাপক চৰ্চা লাভ কৰিছিল।

ব্যক্তিগত জীৱন

ৰীমা লাগুৰ জন্ম ১৯৫৮ চনৰ ২১ জুনত নয়ন ভদভদে নামেৰে হৈছিল।১ তেওঁৰ মাতৃ আছিল মাৰাঠী মঞ্চ অভিনেত্ৰী মন্দাকিনী ভদভদে, যি 'লেকুৰে উদণ্ড জাহালী' নাটকৰ বাবে বিখ্যাত আছিল।৫ পুনেৰ হুজুৰপাগা এইচএইচচিপি হাইস্কুলত পঢ়ি থকা অৱস্থাতেই লাগুৰ অভিনয় ক্ষমতা লক্ষ্য কৰা হৈছিল।৬ মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত তেওঁ পেছাদাৰী অভিনয়ত নামি পৰে। ১৯৭৯ চনৰপৰা দহ বছৰ ধৰি তেওঁ বোম্বাইৰ (বৰ্তমান মুম্বাই) 'ইউনিয়ন বেংক অৱ ইণ্ডিয়া'ত কৰ্মৰত আছিল। সেই সময়ছোৱাত টেলিভিছন আৰু বোলছবিত অভিনয় কৰাৰ লগতে তেওঁ বেংকসমূহৰ মাজত হোৱা সাংস্কৃতিক অনুষ্ঠানবোৰতো অংশগ্ৰহণ কৰিছিল।৭

১৯৭৬ চনত তেওঁ বেংকৰ সহকৰ্মী তথা মঞ্চ অভিনেতা বিবেক লাগুক (১৯৫৩–২০২৫) লগ পায় আৰু ১৯৭৮ চনত তেওঁৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৮ বিবাহৰ পিছত তেওঁ ৰীমা লাগু নাম গ্ৰহণ কৰে। বিবেকে তেওঁলোকৰ সম্পৰ্কক "জীৱন পুনৰ নিৰ্মাণৰ এক বুজা-বুজি" বুলি অভিহিত কৰিছিল যদিও পিছলৈ তেওঁলোকৰ বিচ্ছেদ ঘটে। এই দম্পতীৰ কন্যা মৃণ্ময়ী লাগুও এগৰাকী অভিনেত্ৰী আৰু নাট্য পৰিচালক।৯১০১১

মৃত্যু

২০১৭ চনৰ ১৭ মে'ৰ সন্ধিয়া ৭ বজালৈকে লাগুৱে ধাৰাবাহিক নামকৰণৰ শ্বুটিং কৰি আছিল। সেইদিনা নিশা তেওঁ বুকুত বিষ অনুভৱ কৰাত নিশা ১ বজাত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বাণী হাস্পতাললৈ লৈ যোৱা হয়। হৃদক্ৰিয়া বন্ধ হোৱাৰ ফলত পুৱা ৩:১৫ বজাত তেওঁৰ মৃত্যু হয়।১২ মৃত্যুৰ সময়ত তেওঁক "সম্পূৰ্ণ সুস্থ" বুলি অভিহিত কৰা হৈছিল আৰু তেওঁৰ কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যা নাছিল।১৩১৪ মুম্বাইৰ ওছিৱাৰা শ্মশানত তেওঁৰ কন্যা মৃণ্ময়ীয়ে অন্তিম সংস্কাৰ সম্পন্ন কৰে।১৩

তথ্যসূত্ৰ

  1. ↑ (18 May 2017). Reema Lagoo dead after suffering cardiac arrest, she was 59. The Indian Express
  2. ↑ (17 May 2022). Reema Lagoo: Iconic Theatre And Screen Actress Who Left Her Own Artistic Legacy. feminisminindia.com
  3. ↑ (23 September 2016). Game for negative shades. The Hindu
  4. ↑ (7 August 2016). Shrimaan Shrimati star cast: Then and Now. The Times of India
  5. ↑ (3 May 2011). ज्येष्ठ अभिनेत्री मंदाकिनी भडभडे यांचे निधन. Sakal
  6. ↑ (18 May 2017). फोटो आणि रिमा लागूंची पुण्यातली एक आठवण. Zee News
  7. ↑ (18 May 2017). Reema Lagoo dead, filmdom remembers its fond 'Ma' (Third Lead). Business Standard. Indo-Asian News Service
  8. ↑ Reema Lagoo's Ex-Husband Vivek Talks: We Thought It's Acidity. She Started Snoring. And Suddenly.. It Was All Over!. Spotbye.com. Yahoo!
  9. ↑ Hello Direction!
  10. ↑ (5 November 2008). Reema Lagoo's Daughter, Mrunmayee Turns Theatre Director
  11. ↑ BOLLYWOOD VETERAN ACTRESS REEMA LAGOO PASSES AWAY AFTER CARDIAC ARREST. Mumbai Mirror
  12. ↑ Popular TV actress Reema Lagoo dies of cardiac arrest at 59. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  13. ↑ (18 May 2017). Actor Reema Lagoo passes away. The Hindu
  14. ↑ (18 May 2017). Reema Lagoo: Bollywood's 'favourite mother' dies. BBC News

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰীমা লাগু” প্ৰবন্ধৰ সংশোধন ৬৪০৩৯৬ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।