অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰীতা বেনাৰ্জি

ৰীতা বেনাৰ্জি ( Rita Banerji; জন্ম: ১৯৬৭) এগৰাকী ভাৰতীয় লেখক, আলোকচিত্ৰ শিল্পী আৰু জেণ্ডাৰ এক্টিভিষ্ট। তেওঁৰ ‘চেক্স এণ্ড পাৱাৰ: ডিফাইনিং হিষ্ট্ৰি, চেপিং চ’ছাইটি’ শীৰ্ষক কিতাপখন ২০০৮ চনত প্ৰকাশ পাইছিল।

হালনাগাদ: ১৪ জানুৱাৰী ২০২৫ ৪৮৭ শব্দ · ৩ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ৰীতা বেনাৰ্জি ( Rita Banerji; জন্ম: ১৯৬৭) এগৰাকী ভাৰতীয় লেখক, আলোকচিত্ৰ শিল্পী আৰু জেণ্ডাৰ এক্টিভিষ্ট। তেওঁৰ ‘চেক্স এণ্ড পাৱাৰ: ডিফাইনিং হিষ্ট্ৰি, চেপিং চ’ছাইটি’ শীৰ্ষক কিতাপখন ২০০৮ চনত প্ৰকাশ পাইছিল। তেওঁ ভাৰতত মহিলাৰ ক্ষেত্ৰত দেখা দিয়া লিংগ বৈষম্য বিষয়ত সচেতনতা বৃদ্ধিৰ বাবে ‘ফিফটি মিলিয়ন মিচিং’ নামেৰে এটি অনলাইন প্ৰচাৰ অভিযান চলাইছিল। এই অভিযানটোৰ তেওঁ প্ৰতিষ্ঠাপক আছিল।

প্ৰাৰম্ভিক কৰ্মজীৱন

বেনাৰ্জিয়ে সংৰক্ষণ জীৱবিজ্ঞানৰ এগৰাকী বিশেষজ্ঞ পৰিৱেশবিদ ৰূপে কৰ্মজীৱন আৰম্ভ কৰিছিল। ১৯৯৫ চনত তেওঁ মাকৈৰ ওপৰত এচিড বৰষুণৰ প্ৰভাৱৰ ওপৰত কৰা পিএইচডি কামৰ বাবে এছ’চিয়েচন ফৰ ৱুমেন ইন চাইন্সৰ (এ ডব্লিউ আই এছ) পৰা প্লাণ্ট বায়’লজীত ‘এমি লুট্জ বঁটা’ লাভ কৰে। তেওঁ লাভ কৰা অন্যান্য বঁটা আৰু স্বীকৃতিৰ ভিতৰত আছে: পিএইচডি গৱেষণাৰ বাবে জীৱবিজ্ঞানত ‘মৰ্গান এডামছ বঁটা’; ‘চিগমা ছি চায়ণ্টিফিক ৰিচাৰ্ছ চ’ছাইটি’ৰ সহযোগী সদস্য; ব’টানিকেল চছাইটি অৱ এমেৰিকাৰ ‘ইয়ং বটানিষ্ট ৰিকগ্নিচন এৱাৰ্ড’; পৰিস্থিতি বিজ্ঞানত গৱেষণাৰ বাবে ‘চাৰ্লছ এ. ডানা ফেলোশ্বিপ’; জেনেটিক্সৰ গৱেষণাৰ বাবে ‘হাৱাৰ্ড হিউজেছ গ্ৰাণ্ট’। তেওঁৰ নাম ‘হু’জ হু এমং ষ্টুডেণ্টছ ইন এমেৰিকান ইউনিভাৰচিটিছ এণ্ড কলেজেজ’ত তালিকাভুক্ত হৈছিল। বেনাৰ্জিৰ বহুতো প্ৰকল্পৰ দৃষ্টিভংগী লিংগ সম্পৰ্কীয় আছিল। ইক’ ফেমিনিষ্ট বন্দনা শিৱ, ‘ইনষ্টিটিউট অৱ প’লিচি ষ্টাডিজ’ আৰু ‘ৱৰ্ল্ড ৰিচৰ্ছেচ ইনষ্টিটিউট’ৰ পৃষ্ঠপোষকাত ৰীতা বেনাৰ্জিয়ে ভাৰতত চিপকো মহিলাৰ তৃণমূল আন্দোলনৰ সপক্ষে কাম কৰিছিল।

লেখক আৰু জেণ্ডাৰ এক্টিভিষ্ট ৰূপে

ত্ৰিশ বছৰ বয়সত বেনাৰ্জি ভাৰতলৈ উভতি আহে আৰু ভাৰতত লিংগ সমতা আৰু মহিলাৰ অধিকাৰ বিষয়ত লিখিবলৈ আৰম্ভ কৰে।১ বিভিন্ন দেশৰ বিভিন্ন পত্ৰিকা আৰু আলোচনীত তেওঁৰ লিখনি আৰু ফটো প্ৰকাশ হৈছে। ২০০৯ চনত তেওঁ আলোচনী আৰু জাৰ্নেল ৰাইটিঙৰ বাবে ‘এপেক্স এৱাৰ্ড অৱ এক্সিলেঞ্চ’ লাভ কৰে।

চেক্স এণ্ড পাৱাৰ (গ্ৰন্থ)

বেনাৰ্জিৰ ‘চেক্স এণ্ড পাৱাৰ: ডিফাইনিং হিষ্ট্ৰি, চেপিং চ’ছাইটি’ শীৰ্ষক নন-ফিকচন কিতাপখন প্ৰথমবাৰৰ বাবে ২০০৮ চনত ভাৰতত প্ৰকাশিত হৈছিল। কিতাপখন যৌনতা (চেক্স) আৰু চেক্সুৱেলিটি বিষয়ত ভাৰতত চলোৱা পাঁচ বছৰীয়া সামাজিক আৰু ঐতিহাসিক অধ্যয়নৰ ফলাফল আছিল। তেওঁ কিতাপখনৰ শেষত এইবুলি মতামত পোষণ কৰিছে যে, সময়ৰ লগে লগে এখন সমাজৰ যৌন তাড়না বেলেগ বেলেগ হয় আৰু এইটো ক্ষমতাত থকা সামাজিক গোটবোৰৰ সৈতে সম্পৰ্কিত।২

ফিফটি মিলিয়ন মিচিং

২০০৬ চনৰ ডিচেম্বৰত বেনাৰ্জিয়ে ‘ফিফটি মিলিয়ন মিচিং’ আৰম্ভ কৰে, যি হৈছে ভাৰতত মহিলাৰ ক্ষেত্ৰত দেখা দিয়া লিংগ বৈষম্যভিত্তিক সজাগতা বৃদ্ধিৰ বাবে এক অনলাইন প্ৰচাৰ অভিযান। ২৪০০ তকৈও অধিক আলোকচিত্ৰশিল্পীৰ পৰা ভাৰতীয় ছোৱালী আৰু মহিলাৰ হাজাৰ হাজাৰ ফটো সংগ্ৰহ কৰি ফ্লিকাৰত এই অভিযান আৰম্ভ কৰা হৈছিল।৩ আৰম্ভণিৰ পৰা ই যথেষ্ট প্ৰচাৰ পাইছিল আৰু অন্যান্য সামাজিক মাধ্যমলৈও বিয়পি পৰিছিল আৰু ইয়াৰ ওপৰত তথ্য ব্লগও হৈছিল। ই হৈছে শূণ্য পুঁজিৰে আৰম্ভ কৰা এক প্ৰচাৰ অভিযান, যি একোটা সমভাৱাপন্ন সম্প্ৰদায়ৰ প্ৰচেষ্টা আৰু অংশগ্ৰহণৰ ওপৰত চলে।

লিংগভিত্তিক বৈষম্য সম্পৰ্কত

বেনাৰ্জিয়ে কৈছে যে, শিক্ষা আৰু অৰ্থনৈতিক বিকাশ ভাৰতৰ মহিলা লিংগহত্যাৰ সমাধান নহয়।৪ তেওঁ দাবী কৰে যে, শিক্ষা, স্বাস্থ্য সেৱা, চাকৰি আৰু অধিক উপাৰ্জনৰ সক্ষমতা বৃদ্ধিৰ ফলত গৰ্ভজাত মহিলা সন্তানৰ অধিক গৰ্ভপাত হয়, এগৰাকী মহিলাৰ শিক্ষাগত অৰ্হতা আৰু তেওঁ গৰ্ভজাত কন্যাক আঁতৰ কৰাৰ সম্ভাৱনাৰ মাজত পোনপটীয়া সম্পৰ্ক থাকে। বেনাৰ্জিয়ে লগতে দাবী কৰে যে, উচ্চ উপাৰ্জনৰ পেছাদাৰী মহিলাসকলও ভাৰতত যৌতুক হিংসা আৰু হত্যাৰ বলি হয়।৫

বেনাৰ্জিৰ মতে,ভাৰতে ইউৰোপ আৰু উত্তৰ আমেৰিকাত দেখাৰ দৰে যৌন বিপ্লৱৰ অভিজ্ঞতা লাভ কৰা নাই, যি প্ৰতিগৰাকী মহিলাক তেওঁৰ শৰীৰ আৰু যৌনতাৰ ওপৰত স্বতন্ত্ৰ আৰু ব্যক্তিগত অধিকাৰ প্ৰতিষ্ঠা কৰাই নহয়, তেওঁৰ পছন্দৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছিল।৬ বেনাৰ্জিয়ে বিশ্বাস কৰে যে, বিশেষকৈ ভাৰতীয় সমাজৰ বাবে লিংগবিজ্ঞানক দৃষ্টিকোণত ৰখাৰ পৰিপ্ৰেক্ষিতত, ভাৰততো নাৰী আন্দোলনৰ বাবে এনে বিপ্লৱ হোৱাটো অতি গুৰুত্বপূৰ্ণ।৭

তথ্যসূত্ৰ

  1. ↑ (2010-01-15). Published works. Rita Banerji
  2. ↑ Sengupta, Anandita. How we came to genocide. Tehelka. Anant Media Pvt. Ltd
  3. ↑ Todhunter, Colin. Where have they all gone?. Deccan Herald. The Printers (Mysore) Private Ltd
  4. ↑ Rita Banerji. (12 June 2011). Why Education and Economics are not the Solution to India's Female Genocide.. The Gender Bytes Blog
  5. ↑ Rita Banerji. (22 February 2012). Facebook Game 'Angry Brides' Trivializes Grave Human Rights Violations. The Women’s International Perspective (WIP)
  6. ↑ Rita Banerji. (January 2010). The Pink Panties Campaign and the Indian Women's Sexual Revolution. Gender and Sexuality in Asia and the Pacific, Issue 23
  7. ↑ Rita Banerji. (2012). Why Kali Won't Rage: A Critique of Indian Feminism. Gender Forum, Issue 38

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মীভাৰতীয় নাৰীবাদী লেখক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰীতা বেনাৰ্জি” প্ৰবন্ধৰ সংশোধন ৪৬৩৮৩১ (১৪ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।