ৰিতু কুমাৰ (জন্ম: ১১ নৱেম্বৰ ১৯৪৪) এগৰাকী ভাৰতীয় ফেশ্বন ডিজাইনাৰ। ১৯৬০ চনৰ পৰা দিল্লীত পঢ়ি থকা কালৰে পৰা তেওঁ এই দিশত আছে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
অমৃতসৰত শিক্ষাৰ সুবিধাৰ অভাৱত স্কুলীয়া শিক্ষাৰ বাবে চিমলালৈ যাবলৈ বাধ্য হয়, য'ত তেওঁ লৰেটো কনভেণ্টত অধ্যয়ন কৰে। পিছলৈ তেওঁ লেডী ইৰউইন কলেজত অধ্যয়ন কৰে আৰু শশী কুমাৰক লগ পায় আৰু বিয়া কৰায় আৰু তাৰ পিছত নিউয়ৰ্কৰ ব্ৰায়াৰক্লিফ কলেজত বৃত্তিৰে শিল্প ইতিহাস অধ্যয়ন কৰে।১ ভাৰতলৈ উভতি অহাৰ পাছত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ আসুতোষ মিউজিয়াম অৱ ইণ্ডিয়ান আৰ্টত সংগ্ৰহালয় বিজ্ঞান অধ্যয়ন কৰে।২ তেওঁৰ পুত্ৰ হৈছে অস্কাৰৰ বাবে মনোনীত পৰিচালক অশ্বিন কুমাৰ।
কৰ্মজীৱন
কুমাৰে কলিকতাত দুখন সৰু টেবুল আৰু হেণ্ড-ব্লক প্ৰিণ্টিং কৌশল ব্যৱহাৰ কৰি ফেশ্বন ব্যৱসায় আৰম্ভ কৰিছিল। ১৯৬০ আৰু ৭০ৰ দশকত ব্ৰাইডাল ৱেৰ আৰু ইভিনিং ৱেৰৰপৰা আৰম্ভ কৰি তেওঁ পৰৱৰ্তী দুটা দশকত আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ সম্প্ৰসাৰণ কৰে। ভাৰতত ষ্ট’ৰৰ উপৰি কুমাৰৰ কোম্পানীয়ে পেৰিছ, লণ্ডন, নিউয়ৰ্কত শাখা খুলিছিল। তিনি বছৰৰ পাছত ১৯৯৯ চনত লণ্ডন শাখাটো বন্ধ হৈ পৰে। সেই সময়ত তেওঁৰ কোম্পানীটোৰ বাৰ্ষিক ব্যৱসায় ভাৰতীয় যিকোনো ফেশ্বন আউতলেটতকৈ সৰ্বাধিক আছিল, প্ৰায় ১০ বিলিয়ন ₹ বুলি অনুমান কৰা হৈছে।৩৪ ২০০২ চনত তেওঁ পুত্ৰ অমৃশৰ সৈতে অংশীদাৰিত্বৰে "লেবেল" লাইন আৰম্ভ কৰে।৫ ২০১৫ চনত হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ ক্ৰিয়েটিং ইমাৰ্জিং মাৰ্কেটছ প্ৰজেক্টৰ বাবে দিয়া এক সাক্ষাৎকাৰত কুমাৰে ১৯৭০ চনত পেৰিছ আৰু নিউয়ৰ্ক মহানগৰৰ ফেশ্বন হাউচ আৰু ডিপাৰ্টমেণ্ট ষ্ট’ৰত প্ৰথমবাৰৰ বাবে কেনেকৈ প্ৰৱেশ কৰিছিল সেই বিষয়ে বৰ্ণনা কৰিছিল। ৬৭
ডিজাইনসমূহ
কুমাৰৰ ডিজাইনসমূহে প্ৰাকৃতিক কাপোৰ আৰু পৰম্পৰাগত ছপা আৰু বয়ন কৌশলৰ ওপৰত গুৰুত্ব আৰোপ কৰে।[ ৪ She has তেওঁ নিজৰ কামত পশ্চিমীয়া উপাদানসমূহো অন্তৰ্ভুক্ত কৰিছে, কিন্তু সাধাৰণতে পৰম্পৰাগত শাড়ীৰ ডিজাইনৰ বাহিৰলৈ যোৱা নাই।৮ তেওঁৰ কাপোৰ পিন্ধিছে ৰাজকুমাৰী ডায়েনা, প্ৰিয়ংকা চোপ্ৰা, [+লাৰা দত্ত]], দীপিকা পাডুকন, মাধুৰী দীক্ষিত নেনে, মাধুৰ জাফ্ৰি, কল্কি ক’চলিন, দিয়া মিৰ্জা, শোহা আলী খান, জেমিমা গোল্ডস্মিথৰ দৰে চেলিব্ৰিটিয়ে। ৩৯১০
বঁটা আৰু স্বীকৃতি
২০১৩ চনত ঋতু কুমাৰক ভাৰত চৰকাৰে পদ্মশ্ৰী প্ৰদান কৰে।১১
২০১২ চনত ল’ৰিয়েল পেৰিছ ফেমিনা মহিলা বঁটাত তেওঁ এচিভমেণ্ট বঁটা লাভ কৰে। ১২
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (2016-03-01). All About Ritu Kumar Fashion Designer in India. Utsavpedia
- ↑ Garg, Nikshubha. (21 December 2014). Meet Ritu Kumar, the doyen of Indian haute couture. Mid-Day
- ↑ Parminder Bhachu. (5 October 2005). Dangerous Designs: Asian Women Fashion the Diaspora Economies. Routledge. পৃ. 68–69. ISBN 1-134-90863-6
- ↑ Hindol Sengupta. (2009). Ramp Up. Pearson Education India. পৃ. 158–162. ISBN 978-81-317-1974-9
- ↑ Jill Bryant. (2010). Dazzling Women Designers. Second Story Press. পৃ. 65. ISBN 978-1-897187-82-1
- ↑ Interview with Ritu Kumar. Creating Emerging Markets. Harvard Business School
- ↑ (8 August 2015). Ritu Kumar Gets Featured in Harvard Business School Study. Life and Trendz
- ↑ (1 January 2010). Indian Essentials. Penguin Books India. পৃ. 184. ISBN 978-0-14-306526-5
- ↑ (2016-08-04). Kalki Koechlin shoots for Label Ritu Kumar's new campaign
- ↑ (2015-08-05). 10 times Bollywood chose Ritu Kumar wedding wear. VOGUE India
- ↑ McLaughlin-Duane, Rebecca. (1 June 2015). Indian celebrity designer Ritu Kumar unveils new collection in Dubai. The National
- ↑ (2016-03-01). All About Ritu Kumar Fashion Designer in India. Utsavpedia
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিতু কুমাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৭৯৭০ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।