অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰীমা ৰাকেশ নাথ

ৰীমা ৰাকেশ নাথ (ইংৰাজী: Reema Rakesh Nath) এগৰাকী বলীউড চলচ্চিত্ৰ লেখিকা, পৰিচালক, আৰু প্ৰযোজক৷ তেওঁ সাজন, আৰজু আৰু হম তুম্হাৰে হেঁ সনমৰ দৰে ছবিৰ চিত্ৰনাট্যৰ লিখাৰ বাবে পৰিচিত।

হালনাগাদ: ২৪ ফেব্ৰুৱাৰী ২০২৫ ১৫১ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ৰীমা ৰাকেশ নাথ (ইংৰাজী: Reema Rakesh Nath) এগৰাকী বলীউড চলচ্চিত্ৰ লেখিকা, পৰিচালক, আৰু প্ৰযোজক৷ তেওঁ সাজন, আৰজু আৰু হম তুম্হাৰে হেঁ সনমৰ দৰে ছবিৰ চিত্ৰনাট্যৰ লিখাৰ বাবে পৰিচিত। ১৯৯১ চনত মুক্তি পোৱা সাজন ছবিখন সেই বছৰত সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হৈছিল৷ ১৯৯৭ চনৰ মহাব্বত (১৯৯৭) ছবিখনো তেওঁ পৰিচালনা কৰিছিল।১

ব্যক্তিগত জীৱন

ৰীমা ৰাকেশ নাথ বলিউডৰ প্ৰবীন অভিনেতা ডি. কে. সপ্ৰু আৰু হেমৱতীৰ কন্যা। তেওঁৰ ভাতৃ তেজ সপ্ৰু আৰু ভগ্নী প্ৰীতি সপ্ৰু দুয়ো অভিনেতা। প্ৰযোজক ৰাকেশ নাথৰ সৈতে ৰীমাৰ বিবাহ হৈছিল আৰু তেওঁলোকৰ পুত্ৰ হৈছে বলীউডৰ অভিনেতা কৰণ নাথ।২

চলচ্চিত্ৰসমূহ

ৰীমা ৰাকেশ নাথে বহুকেইখন জনপ্ৰিয় ছবিৰ চিত্ৰনাট্য ৰচনা কৰিছিল৷ সেলাব, সাজন, জয় দেৱা, য়াৰাণা আদি চলচ্চিত্ৰৰ তেওঁ চিত্ৰনাট্য ৰচনা কৰিছিল৷ সাজন ছবিৰ বাবে তেওঁ কাহিনী আৰু সংলাপো ৰচনা কৰিছিল৷ সেইদৰে য়াৰাণা, জয় দেৱা ছবিৰ কাহিনী আৰু সংলাপ লিখিছিল৷ দিল তেৰা আছিক আৰু আৰজো ছবিৰ কাহিনী, হম তুম্হাৰে হেঁ সনম ছবিৰ সংলাপ তেওঁ ৰচনা কৰিছিল৷ য়াৰানা ছবিৰ প্ৰযোজক কৰিছিল আৰু মহব্বত ছবি পৰিচালনা কৰিছিল৷৩

তথ্যসূত্ৰ

  1. ↑ Bollywood Hungama. Madhuri Dixit. bollywoodhungama.com
  2. ↑ Karan Nath - Top 100 Handsome Indian Men
  3. ↑ (13 June 2011). Reema Nath made Husain act in 'Mohabbat'. Deccan Herald

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰীমা ৰাকেশ নাথ” প্ৰবন্ধৰ সংশোধন ৪৮১৯১৪ (২৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।