উপ-লেফটেনেণ্ট ৰীতি সিং ভাটিয়া ভাৰতীয় নৌসেনাৰ এগৰাকী সেৱাৰ বিষয়া। উপ-লেফটেনেণ্ট কুমুদিনী ত্যাগীৰ সৈতে যুদ্ধজাহাজৰ পৰা চলাচলৰ বাবে wings অৰ্জন কৰা প্ৰথম দুগৰাকী মহিলাৰ ভিতৰত তেওঁ অন্যতম।১
প্ৰাথমিক জীৱন
চাৰিটা প্ৰজন্ম ধৰি সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়োৱাৰ ইতিহাস থকা পৰিয়াল এটাৰ পৰা আহিছে ৰীতি। তেওঁৰ ককাদেউতাকে ভাৰতীয় সেনাবাহিনীত চিগনেল অফিচাৰ হিচাপে কাম কৰিছিল। তেওঁৰ পিতৃ কমাণ্ডাৰ এছ কে সিঙে ভাৰতীয় নৌসেনাৰ পৰা অৱসৰ গ্ৰহণ কৰে। ২ মাক ইংৰাজী শিক্ষয়িত্ৰী, আৰু তেওঁৰ এগৰাকী ডাঙৰ ভনীয়েক ৰিয়া আছে।৩ তেওঁৰ মাক-দেউতাক দুয়োজনে তেওঁক প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰশিক্ষণ দিয়াত সহায় কৰিছিল।
১৯৯৬ চনত উত্তৰ প্ৰদেশত জন্মগ্ৰহণ হৈছিল। ২০০২ চনত তেখেতৰ পৰিয়ালটোৰ তেলেংগানাৰ হায়দৰাবাদলৈ গুচি যায়। ৰীতিয়ে কম্পিউটাৰ বিজ্ঞানত প্ৰযুক্তিবিদ্যাত স্নাতক ডিগ্ৰী লাভ কৰে। ২০২২ চনৰ এপ্ৰিল মাহত তেওঁৰ বিবাহ হয় এছ এল টি শুভম ভাটিয়াৰ সৈতে, যিয়ে ভাৰতীয় নৌসেনাতো কৰ্মৰত। ৩
কেৰিয়াৰ
ৰিটিয়ে কোচিৰ দক্ষিণ নৌসেনাৰ কমাণ্ডৰ পৰা ২২ সংখ্যক চুটি সেৱা আয়োগৰ পৰ্যবেক্ষক পাঠ্যক্ৰম সম্পূৰ্ণ কৰে। ৪৫ ইয়াৰ ভিতৰত ছৰ্টী আৰু চিমুলেটৰ বিমানকে ধৰি ৬০ ঘণ্টাৰ উৰণ প্ৰশিক্ষণ অন্তৰ্ভুক্ত আছিল।৬
২০২০ চনৰ ২১ ছেপ্টেম্বৰত ভাৰতীয় নৌসেনাৰ হেলিকপ্টাৰ বহৰত ৰীতিক Observer (Airborne Tactician) হিচাপে নিযুক্তি দিয়া হয়। কোচিৰ আই এন এছ গৰুডাত অনুষ্ঠিত এক অনুষ্ঠানত "পৰ্যবেক্ষক" হিচাপে স্নাতক হোৱাৰ লগে লগে "উইংছ" বঁটা দিয়া ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ তিনিগৰাকী বিষয়াকে ধৰি ১৭ জনীয়া এটা দলৰ ভিতৰত আছিল। এই অনুষ্ঠানৰ সভাপতিত্ব কৰা ৰিয়াৰ এডমিৰেল এণ্টনি জৰ্জে, মুখ্য কৰ্মচাৰী বিষয়া (প্ৰশিক্ষণ) ইয়াক এক উল্লেখযোগ্য অনুষ্ঠান হিচাপে আলোকপাত কৰে।৭
তেওঁৰ প্ৰশিক্ষণৰ ভিতৰত আছে এয়াৰ নেভিগেচন, ফ্লাইং প্ৰচিডিউৰ, এয়াৰ ৱাৰফেয়াৰ, এণ্টি ছাবমেৰিন ৱাৰফেয়াৰ। এতিয়া তেওঁ নৌসেনাৰ মাল্টি-ৰোল বা ইউটিলিটি হেলিকপ্টাৰত ছ’নাৰ কনছ’ল আৰু চোৰাংচোৱা, চোৱাচিতা আৰু ৰিকনেছান্স (আই এছ আৰ) পেলোডকে ধৰি বহুতো চেন্সৰ চলাবলৈ প্ৰশিক্ষণ লৈ আছে। তাই এম এইচ-৬০আৰ ছিহকত উৰা মাৰিব পাৰে।৮ দীৰ্ঘকালীন অভিযানকে ধৰি ভাৰতীয় নৌসেনাৰ ফ্ৰণ্টলাইন যুদ্ধজাহাজত তেওঁৰ নিয়োগ হোৱাৰ আশা কৰা হৈছে।৯
তথ্যসূত্ৰ
- ↑ (2020-09-21). In a first, 2 women officers to operate helicopters from Indian Navy warships. Hindustan Times
- ↑ Meet the lady officers making naval history. Rediff
- ↑ Been waiting for this moment all my life: Sub Lieutenant Riti Singh's dreams take 'wing'. The New Indian Express
- ↑ Observer - Join Indian Navy · Government of India. www.joinindiannavy.gov.in
- ↑ (2020-09-21). 2 महिला अफसरों को पहली बार वॉरशिप पर तैनात करेगी नौसेना, ये हेलिकॉप्टरों को ऑपरेट करेंगी; राफेल को भी पहली महिला पायलट जल्द मिलेगी. Dainik Bhaskar
- ↑ Designating enemies, pointing out targets will be my job: Navy woman officer picked for deployment on warship. www.timesnownews.com
- ↑ Women Officers in Helicopter Stream of Indian Navy. pib.gov.in
- ↑ Meet The Navy's First Women Combat Aviators To Be Deployed On Warships. NDTV.com
- ↑ 2 women officers to operate choppers from warships. Rediff
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰীতি সিং” প্ৰবন্ধৰ সংশোধন ৪৭২৫২৪ (৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।