ৰিয়া লাইলা পিল্লাই (ইংৰাজী ভাষা: Rhea Laila Pillai) এগৰাকী ব্ৰিটিছ মডেল, যি টেলিভিছন আৰু বিজ্ঞাপনৰ কামৰ বাবে পৰিচিত।১২ ২০০৩ চনত সমাজসেৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত ৰবীনা টেণ্ডন, অনুষ্কা শংকৰ আৰু ৰিতু বেৰীৰ সৈতে তেওঁক "বছৰটোৰ মহিলা" হিচাপে সন্মানিত কৰা হৈছিল।৩ ২০০৬ চনত তেওঁ হিন্দী ছবি কৰ্পোৰেটত এটা সৰু চৰিত্ৰত অভিনয় কৰিছিল। পিল্লাই আৰ্ট অফ লিভিং ফাউণ্ডেচনৰ সৈতে জড়িত।৪
প্ৰাৰম্ভিক জীৱন
পিল্লাই ৰেমণ্ড পিল্লাই আৰু তেওঁৰ পত্নী দুৰ-এ-শ্বাহৱাৰ ধানৰাজগিৰৰ কন্যা হিচাপে জন্মগ্ৰহণ কৰিছিল।৫ তেওঁৰ পিতৃ-মাতৃ দুয়োৰে বংশধৰসকল মিশ্ৰ সম্প্ৰদায়ৰ আছিল। ৰেমণ্ড পিল্লাই এজন মালয়ালী হিন্দু পিতৃ আৰু এগৰাকী এংলো-ইণ্ডিয়ান মাতৃৰ সন্তান আছিল আৰু তেওঁ এজন খ্ৰীষ্টান হিচাপে ডাঙৰ-দীঘল হৈছিল। দুৰ-এ-শ্বাহৱাৰ ধানৰাজগিৰ আছিল হিন্দু মহাৰাজ নৰসিংহৰাজ ধানৰাজগিৰ জ্ঞান বাহাদূৰ (হায়দৰাবাদ ৰাজ্যৰ এজন শীৰ্ষস্থানীয় সম্ভ্ৰান্ত ব্যক্তি) আৰু তেওঁৰ সংগী জুবাইদাৰ কন্যা। জুবাইদা এগৰাকী ৰাজকীয় মুছলমান পৰিয়ালৰ আছিল আৰু তেওঁ ভাৰতৰ প্ৰথমখন সবাক ছবি আলম আৰাত (১৯৩১) অভিনয় কৰিছিল। তেওঁ ভাৰতৰ প্ৰথম মহিলা চলচ্চিত্ৰ পৰিচালক ফাতমা বেগমৰ আজো নাতিনী আৰু ভাৰতৰ প্ৰাচীনতম অভিনেত্ৰীসকলৰ অন্যতম চুলতানাৰ ভাগিনী (চুলতানা তেওঁৰ আইতাক জুবাইদাৰ ডাঙৰ ভগ্নী আছিল)।৬
ব্যক্তিগত জীৱন
ৰ সৈতে ৰিয়া]]
১৯৮৪ চনত পিল্লাই মাইকেল ভাজ নামৰ এজন আমেৰিকা যুক্তৰাষ্ট্ৰন নাগৰিকৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ১৯৮৮ চনত তেওঁলোক পৃথক হয় আৰু ১৯৯৪ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটে।
১৯৯৮ চনত পিল্লাই অভিনেতা সঞ্জয় দত্তৰ সৈতে বিবাহপাশত আবদ্ধ হয়, কিন্তু কেইবছৰমানৰ পিছত তেওঁলোক পৃথক হয়।৭ ২০০৬ চনত তেওঁ উল্লেখ কৰিছিল যে তেওঁলোক এতিয়াও ঘনিষ্ঠ বন্ধু হৈ আছে।৮ ২০০৮ চনত যেতিয়া আনুষ্ঠানিকভাৱে তেওঁলোকৰ বিবাহ বিচ্ছেদ হয় আৰু বুজা-বুজিৰ সবিশেষ টেব্লয়ড মিড ডেইত প্ৰকাশ পায়,৯ তেতিয়া বাতৰি কাকত দ্য টেলিগ্ৰাফ-এ পিল্লাইৰ ভৌতিকবাদী আচৰণ আৰু দত্তৰ সৈতে কৰা তেওঁৰ ব্যৱহাৰক সমালোচনা কৰিছিল।১০
২০০০-ৰ দশকত পিল্লাই ভাৰতীয় টেনিছ খেলুৱৈ লিয়েণ্ডাৰ পেজৰ সৈতে লিভ-ইন সম্পৰ্কত আছিল। ২০০৫ চনত তেওঁলোকৰ আয়ানা নামৰ এজনী কন্যা সন্তান জন্ম হয়।৮ ২০১৪ চনৰ জুন মাহত তেওঁ পেজ আৰু তেওঁৰ পিতৃৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগ উত্থাপন কৰি এখন স্থানীয় আদালতত গোচৰ ৰুজু কৰিছিল।১১১২ ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত আদালতে পেজক ঘৰুৱা হিংসাৰ বিভিন্ন কাৰ্যত দোষী সাব্যস্ত কৰে।১৩
তেওঁৰ কন্যা আয়ানা পেজ এগৰাকী টেনিছ খেলুৱৈ যিয়ে গ্ৰেট ব্ৰিটেইনক প্ৰতিনিধিত্ব কৰে।১৪
তথ্যসূত্ৰ
- ↑ Rhea Pillai. Indian Television Academy
- ↑ (11 February 2022). Rhea Pillai vs Leander Paes Anr. barandbench.com
- ↑ The ITA Awards » GR8! Women Achiever Awards 2003 . Indian Television Academy. Retrieved 2011-01-10
- ↑ (6 March 2009). Interview with Rhea Pillai. Soul Curry magazine
- ↑ (2014-05-04). Who is Rhea Pillai? An account of her past, association with Sanjay Dutt and much more
- ↑ Sultana
- ↑ (31 July 2007). Sanjay Dutt. India eNews
- ↑ (29 November 2006). Rhea Pillai interview. One India
- ↑ (25 October 2017). Rhea Pillai submits documents to show she did get a divorce from first husband. Mid-day
- ↑ Pradhan, Bharathi S. (23 March 2008). The Rhea Pillai affair. The Telegraph
- ↑ Paes didn't want me to have 'dignity of a wife': Rhea Pillai to court. The Times of India
- ↑ Rhea Pillai files complaint against Leander Paes, says evicted from their home. Indian Express
- ↑ (26 February 2022). Paes: Leander guilty of abuse, says court, orders relief for Rhea. The Times of India
- ↑ Aiyana Paes. ITF
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিয়া পিল্লাই” প্ৰবন্ধৰ সংশোধন ৬০৪৭০২ (৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।