ৰিমি নাটছুকাৱা (জাপানী: 夏川 りみ, ইংৰাজী: Rimi Natsukawa; জন্ম: ৯ অক্টোবৰ ১৯৭৩)১ এগৰাকী জাপানী লোক-গায়িকা। ২০০১ চনত মুক্তি পোৱা তেওঁৰ একক গীত "নাডা ছ'ছ'"ৰ বাবে তেওঁ পৰিচিত।
প্ৰাৰম্ভিক জীৱন
নাৎছুকাৱাৰ জন্ম হৈছিল য়ায়েয়ামা দ্বীপপুঞ্জ শৃংখলৰ আটাইতকৈ ডাঙৰ চহৰ ইছিগাকিত। সৰুৰে পৰাই তেওঁ গান গাই ভাল পাইছিল, আৰু দেউতাকক য়ায়েয়ামা লোকগীত, যেনে "চুকি নু কাইছা" (月ぬ美しゃ, চন্দ্ৰৰ সৌন্দৰ্য্য) আৰু "ডেনছা বুছি" (デンサー節, পৰম্পৰাগত গীত) গোৱা শুনি তেঁৱো গায়িকা হ'ব বিচাৰিছিল।২৩ ৭ বছৰ বয়সৰ পৰাই এনকা সংগীতৰ গায়িকা হ’বলৈ তেওঁ দেউতাকৰ সৈতে প্ৰতিদিনে দুঘণ্টাকৈ অনুশীলন কৰিছিল। ৯ বছৰ বয়সত তেওঁ Chibikko Nodo Jiman Daikai নামৰ স্থানীয় সংগীত প্ৰতিযোগিতাত জয়ী হৈছিল। ইয়াৰ পিছত নাৎছুকাৱা বিভিন্ন প্ৰতিযোগিতাত জয়লাভ কৰে আৰু ১৯৮৪ চনত এমবিএছ টিভি অনুষ্ঠান শ্বিৰোটো মেইজি-কাই (素人名人会, এমেচাৰ মাষ্টাৰ মিট)ৰ চূড়ান্ত বঁটা লাভ কৰে। ১৯৮৬ চনত তেওঁ নাগাছাকি কায়োছাই (長崎歌謡祭, নাগাছাকি গীত উৎসৱ)ৰ চূড়ান্ত বঁটা লাভ কৰে আৰু তেওঁ সেই সময়ত এই বঁটা লাভ কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তি আছিল।২
ব্যক্তিগত জীৱন
২০০৯ চনৰ ১ জানুৱাৰীত নাৎছুকাৱাই পাৰ্কাচনিষ্ট মাছাকি তামাকি (玉木正昭, তামাকি মাছাকি)ক বিয়া কৰায়।৪ ২০১০ চনৰ ২০ আগষ্টত তেওঁলোকৰ প্ৰথম সন্তানৰ জন্ম হয়।৫
তথ্যসূত্ৰ
- ↑ 夏川 りみ | プロフィール | ビクターエンタテインメント. jvcmusic.co.jp
- ↑ (2005). 歌手 夏川 りみさん. Wendy
- ↑ (July 2005). あっと九州/夏川 りみインタビュー. Atkyushu
- ↑ 歌手の夏川りみさん、元日に結婚…パーカッション演奏家と (Singer Natsukawa Rimi will marry on New Year's... to percussionist). Yomiuri Shimbun. 28 December 2008. Accessed 30 December 2008
- ↑ Birth Announcement. Official website
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিমি নাৎছুকাৱা” প্ৰবন্ধৰ সংশোধন ৪৮৭৫৩১ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।