অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰিয়া মজুমদাৰ সিংঘাল

ৰিয়া মজুমদাৰ সিংঘাল (: Rhea Mazumdar Singhal জন্ম ১৯৮২); হৈছে জৈৱ-বিঘ্নিত ডিচপ’জেবল সামগ্ৰী সৃষ্টি কৰা এগৰাকী ভাৰতীয় উদ্যোগী। তেওঁৰ বঁটাসমূহৰ ভিতৰত নাৰী শক্তিপুৰস্কাৰ অন্তভুক্ত।

হালনাগাদ: ২৫ জুলাই ২০২৬ ২০৭ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ৰিয়া মজুমদাৰ সিংঘাল (: Rhea Mazumdar Singhal জন্ম ১৯৮২); হৈছে জৈৱ-বিঘ্নিত ডিচপ’জেবল সামগ্ৰী সৃষ্টি কৰা এগৰাকী ভাৰতীয় উদ্যোগী। তেওঁৰ বঁটাসমূহৰ ভিতৰত নাৰী শক্তিপুৰস্কাৰ অন্তভুক্ত।

জীৱন

১৯৮২ চনত মুম্বাইত জন্মগ্ৰহণ কৰা সিংঘালে ব্রিষ্টল, অক্সফর্ড আৰু হার্ভাৰ্ড বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। লণ্ডন আৰু ডুবাইত জীৱনৰ কিছু সময় কটায় আৰু ২০০৯ চনত ভাৰতলৈ উভতি আহে। ফাইজাৰ ফাৰ্মাচিউটিকেল কোম্পানীটোৰ লণ্ডনস্তিত কাৰ্যালয়ত বিক্ৰীৰ কাম কৰিছিল আৰু তাত পুনঃব্যৱহাৰৰ বাবে চিন্তা নকৰাকৈ এক বৃহৎ পৰিমানৰ প্লাষ্টিক পেলাই দিয়া দেখি তাই আচৰিত হৈছিল। ২০০৯ চনৰ মে' মাহত তেওঁ ভাৰতত জৈৱ-বিঘ্নিত সামগ্ৰী সৃষ্টিৰ বাবে ১ মিলিয়ন ডলাৰৰ এটা কোম্পানী আৰম্ভ কৰে।১

সিংঘালে ২০১৯ চনৰ মাৰ্চ মাহত নাৰী শক্তিপুৰস্কাৰ লাভ কৰিছিল
সিংঘালে ২০১৯ চনৰ মাৰ্চ মাহত নাৰী শক্তিপুৰস্কাৰ লাভ কৰিছিলছবি: Ministry of WCD of gov of India · GODL-India

তেওঁ ২০ জন কৰ্মচাৰীৰ সৈতে এই কোম্পানীটোৰ কাম অৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ নিজৰ সামগ্ৰী সমূহ বজাৰত বিক্ৰি কৰিবলৈ ওলাইছিল যদিও তেওঁ ভাল সমাদৰ লাভ কৰা নাছিল।১ তেওঁৰ সামগ্ৰীসমূহ ৯০ দিনৰ ভিতৰত মাটিত জৈৱ-বিঘ্নিত হৈ মিলি যায়১ Her products would biodegrade in soil in 90 days১ আৰু ইয়াৰ তুলনাত সাধাৰণ প্লাষ্টিক মাটিৰ লগত পচি নাযায়, য'ত প্ৰতিজন মানুহে ব্যৱহাৰ কৰা প্ৰথম পেলনীয়া প্লাষ্টিক এতিয়াও নপচা কৈ কোনো ঠাইত অৱশিষ্ট হৈ আছে।১

তেওঁৰ কোম্পানীটোয়ে কাটলেৰী আৰু প্লেটৰ দৰে ডিচপ’জেবল সামগ্ৰীৰ বৃহৎ পৰিসৰ তৈয়াৰ কৰে। এই বোৰ শস্য উদ্যোগৰ আৱৰ্জনাৰে তৈয়াৰ কৰা হয়। তাই লাভ কৰা অন্যতম গুৰুত্বপূৰ্ণ গ্ৰাহক হৈছে ভাৰতীয় ৰেলৱে।২

২০১৯ চনত ভাৰতত "বহনক্ষম খাদ্য পেকেজিং উদ্যোগৰ পথ প্ৰদৰ্শক"ৰ বাবে তেওঁক 'মহিলা শক্তি বঁটা' (নাৰী শক্তিপুৰস্কাৰ) প্ৰদান কৰা হয়। মনোনীত হোৱা ১০০০ৰো অধিক লোকৰ মাজৰ পৰা তেওঁক নিৰ্বাচিত কৰা হৈছিল।৩ নতুন দিল্লীৰ ৰাষ্ট্ৰপতি প্ৰসাদৰ ৰাষ্ট্ৰপতি ভৱনত এই বঁটা প্ৰদান কৰা হয়। বিশেষকৈ ভাৰতৰ মহিলাসকলৰ বাবে সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰা ৪০ গৰাকীৰো অধিক মহিলাৰ ভিতৰত তেওঁ অন্যতম। ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই বঁটা প্ৰদান কৰিছিল।৪

বঁটা আৰু সন্মান

  • নাৰী শক্তি পুৰাস্কাৰ৫
  • বিশ্ব অৰ্থনৈতিক মঞ্চ ‘যুৱ গ্ল’বেল লিডাৰ’ (YGL)৫
  • কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীৰ নেচনেল কমিটি অন উইমেন এম্পাৱাৰমেণ্ট এণ্ড ক্লিন এয়াৰৰ সদস্য।৫

তথ্যসূত্ৰ

  1. ↑ Sood, Kartik. (2019-03-01). This Entrepreneur Makes Tableware that Turn into Soil in 90 days. Entrepreneur
  2. ↑ WCD, Ministry of. (2019-03-08). Ms. Rhea Mazumdar Singhal - #NariShakti Puraskar 2018 Awardee in Individual category.pic.twitter.com/2lYJ26G3Vk. @ministrywcd
  3. ↑ ecoideaz. (2019-04-03). Ecoware founder Rhea Mazumdar Singhal receives Nari Shakti Puraskar. EcoIdeaz
  4. ↑ (2019-03-12). Snehlata Nath conferred with the Prestigious Nari Shakthi Puraskar Award. Keystone Foundation
  5. ↑ Rhea Mazumdar Singhal. World Economic Forum

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিয়া মজুমদাৰ সিংঘাল” প্ৰবন্ধৰ সংশোধন ৬১৯২৩৩ (২৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।