অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰীমা সেন

ৰীমা সেন (ইংৰাজী: Reema Sen; জন্ম: ২৯ অক্টোবৰ ১৯৮১) এগৰাকী প্ৰাক্তন ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তামিল, তেলুগু আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছিল।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ২৬৯ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

ৰীমা সেন (ইংৰাজী ভাষা: Reema Sen; জন্ম: ২৯ অক্টোবৰ ১৯৮১)১ এগৰাকী প্ৰাক্তন ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তামিল ভাষা, তেলুগু ভাষা আৰু হিন্দী ভাষা চলচ্চিত্ৰত অভিনয় কৰিছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৮১ চনৰ ২৯ অক্টোবৰত কলকাতাত ৰীমা সেনৰ জন্ম হৈছিল।২ তেওঁ কলকাতাৰ খিদৰপুৰৰ চেইণ্ট থমাছ গাৰ্লছ স্কুলৰপৰা হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰে, যাৰ পিছত তেওঁৰ পৰিয়াল মুম্বাইলৈ স্থানান্তৰিত হয়।

ব্যক্তিগত জীৱন

২০১২ চনত সেনে ব্যৱসায়ী শিৱ কৰণ সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৩ ২০১৩ চনৰ ২২ ফেব্ৰুৱাৰীত তেওঁলোকৰ এটা পুত্ৰ সন্তানৰ জন্ম হয়।৪

কেৰিয়াৰ

চলচ্চিত্ৰ আৰু মডেলিং কেৰিয়াৰ

মুম্বাইত তেওঁ নিজৰ মডেলিং কেৰিয়াৰ আৰম্ভ কৰি কেইবাটাও বিজ্ঞাপনত অভিনয় কৰিছিল। ইয়াৰ পিছত তেওঁ চলচ্চিত্ৰ জগতলৈ আহে আৰু তেলুগু ছবি চিত্ৰমৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে। এই ছবিত তেওঁ উদয় কিৰণৰ বিপৰীতে অভিনয় কৰিছিল আৰু পিছলৈ তেওঁলোকক মানসন্থা নুভভে ছবিতো একেলগে দেখা গৈছিল। তেওঁ আৰ মাধৱনৰ সৈতে তামিল ছবি মিন্নালেত অভিনয় কৰিছিল, যিখন অতি সফল হৈছিল।৫ তেওঁৰ প্ৰথমখন হিন্দী ছবি হম হো গয়ে আপকে বিফল হয় আৰু তেওঁ তামিল চলচ্চিত্ৰত কাম কৰি যোৱাৰ সিদ্ধান্ত লয়। পুনৰ মাধৱনৰ সৈতে অভিনয় কৰা তামিল ছবি ৰেণ্ডু সফল হয়। দৰ্শকে থিমিৰু ছবিখনত তেওঁৰ অভিব্যক্তি অতি মৰমলগা বুলি গণ্য কৰিছিল। আয়িৰাথিল অৰুভান আৰু বল্লভন ছবিত তেওঁৰ নেতিবাচক চৰিত্ৰক দৰ্শক আৰু সমালোচকে উচ্চ প্ৰশংসা কৰিছিল।৬৭

২০১২ চনত বিবাহপাশত আবদ্ধ হোৱাৰ পিছত তেওঁ চলচ্চিত্ৰ জীৱনৰ সমাপ্তি ঘটায়। তেওঁৰ শেষৰখন বলীউডৰ ছবি আছিল মনোজ বাজপেয়ী, নৱাজুদ্দিন চিদ্দিকী আৰু ৰিচা চড্ডা অভিনীত গেংছ অৱ ৱাছেপুৰ।৮

সংগীত ভিডিঅ’ত অভিনয়

১৯৯৮ চনত তেওঁ ছামছা কনৱালে গোৱা "চান্দনী ৰাতেঁ" গীতটোৰ ভিডিঅ’ত অভিনয় কৰিছিল।৯

বিতৰ্ক

২০০৬ চনৰ এপ্ৰিল মাহত মাদুৰাইৰ এখন আদালতে ছান গ্ৰুপৰ মালিকানাধীন তামিল বাতৰি কাকত দিনকৰণত প্ৰকাশিত ফটোত "অশ্লীল ধৰণে প’জ দিয়া"ৰ বাবে সেন আৰু শিল্পা চেট্টীৰ বিৰুদ্ধে অ-জামিনযোগ্য ৱাৰেণ্ট জাৰি কৰিছিল।১০ প্ৰতিৱেদনত উল্লেখ কৰা হৈছিল যে একেটা কাৰণতে পূৰ্বৰ চমন পালন নকৰাৰ বাবেই দুই অভিনেত্ৰীৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰা হৈছে।১০ আৱবেদনকাৰীয়ে উল্লেখ কৰে যে কাকতখনে ইয়াৰ ২০০৫ চনৰ ডিচেম্বৰ আৰু ২০০৬ চনৰ জানুৱাৰী সংখ্যাত অত্যন্ত আবেদনময়ী ফটো প্ৰকাশ কৰিছিল, যিয়ে ১৯৮৬ চনৰ-নাৰীৰ অশোভন প্ৰতিনিধিত্ব (প্ৰতিষেধক) আইন, ১৯৫৬ চনৰ কিশোৰ ব্যক্তি (ক্ষতিকাৰক প্ৰকাশন) আইন আৰু ভাৰতীয় দণ্ডবিধিৰ ২৯২ ধাৰা (অশ্লীল কিতাপ বিক্ৰী) উলংঘা কৰা বুলি অভিযোগ কৰা হৈছিল। আৱবেদনকাৰীয়ে ১৮৬৭ চনৰ প্ৰেছ এণ্ড ৰেজিষ্ট্ৰেশন অৱ বুক এক্টৰ অধীনত ছবিসমূহ বাজেয়াপ্ত কৰিবলৈও দাবী জনায়।

২০০৭ চনৰ জানুৱাৰী মাহত বিদায়ী মুখ্য ন্যায়াধীশ ৱাই কে চবৰৱালে নিশ্চিত কৰে যে সেনে শিল্পীৰ বিৰুদ্ধে তুচ্ছ গোচৰৰ বিৰুদ্ধে নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ তেওঁলৈ পত্ৰ লিখিছিল। কিন্তু পত্ৰ লিখাৰ পৰিৱৰ্তে আনুষ্ঠানিক আৱেদন দাখিল কৰিব লাগিছিল বুলি উল্লেখ কৰি ন্যায়াধীশে তেওঁৰ আৱেদন নাকচ কৰে।১১

তথ্যসূত্ৰ

  1. ↑ (29 October 2009). Happy Birthday Reema Sen. bollyspice.com
  2. ↑ (1 February 2012). Reema Sen to get hitched. Sify
  3. ↑ (2012-03-14). Reema Sen weds hotelier in Delhi. Hindustan Times
  4. ↑ (February 26, 2013). Reema Sen delivers a baby boy. News18
  5. ↑ Gautham Vasudev Menon – the south's Yash Chopra. Firstpost
  6. ↑ Aayirathil Oruvan is not for the faint hearted. Rediff
  7. ↑ Aayirathil Oruvan Movie Review {3/5}: Critic Review of Aayirathil Oruvan by Times of India
  8. ↑ (7 August 2012). Recap: What happened in 'Gangs of Wasseypur 1'. News18
  9. ↑ Reemma Sen appeared in the video of Chandni Raatein. The Times of India
  10. ↑ Non-bailable warrants against Shilpa Shetty, Reema Sen. in.rediff.com
  11. ↑ Legal, Our. (14 January 2007). Top judge snubs Shilpa's plea. telegraphindia.com

সম্পৰ্কিত শ্ৰেণী

তামিল চলচ্চিত্ৰৰ অভিনেত্ৰীতেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰীমা সেন” প্ৰবন্ধৰ সংশোধন ৬৩৭৯৭৪ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।