ৰিজা ৰাকুৱেল ছাণ্টোষ (ইংৰাজী ভাষা: Riza Raquel Santos; জন্ম: ৩১ আগষ্ট ১৯৮৬)১ এগৰাকী কানাডিয়ান প্ৰাক্তন অভিনেত্ৰী, টেলিভিছন ঘোষিকা, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। বৰ্তমান তেওঁ কেলগেৰীত মুখ্য কাৰ্যালয় থকা এটা প্ৰযুক্তি প্ৰতিষ্ঠান 'আৰ্গাইল ফক্স ইনক'ৰ উপ-সভাপতি। তেওঁ "কানাডাৰ ট্ৰিপল ক্ৰাউন" অৰ্থাৎ মিছ আৰ্থ কানাডা ২০০৬, মিছ ৱৰ্ল্ড কানাডা ২০১১ আৰু মিছ ইউনিভাৰ্ছ কানাডা ২০১৩ খিতাপ অৰ্জন কৰিছে।২
ব্যক্তিগত জীৱন
ছাণ্টোষৰ জন্ম আৰু ডাঙৰ-দীঘল এলবাৰ্টাৰ কেলগেৰীত হৈছিল। তেওঁ ফিলিপিনো বংশোদ্ভৱ।২
পৰিৱেশ সুৰক্ষাৰ এগৰাকী পোষকতা কৰা ব্যক্তি হিচাপে ছাণ্টোষে হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিছত 'কানাডিয়ান ইণ্টাৰনেচনেল ডেভেলপমেণ্ট এজেন্সী'ৰ সৈতে কাম কৰিছিল। তেওঁ কানাডিয়ান ফৰ্চেছ আৰ্মী ৰিজাৰ্ভতো সেৱা আগবঢ়াইছিল। ৰিজাই ৰকি মাউণ্টেইন বাইবেল আৰু কেলগেৰী বিশ্ববিদ্যালয়ৰ শুলিখ স্কুল অৱ ইঞ্জিনিয়াৰিংত অধ্যয়ন কৰিছিল।৩
টেলিভিছনৰ অভিজ্ঞতা
পিনয় বিগ ব্ৰাদাৰ: চেলিব্ৰিটি এডিচন ২-ত অংশগ্ৰহণ কৰাৰ সময়ত তেওঁ এবিএচ-চিবিএন ফাউণ্ডেশ্যনৰ দাতব্য প্ৰতিষ্ঠান 'বান্তায় বাতা'ৰ হৈ খেলিছিল। ৮৪ তম দিনত তেওঁক এই শ্ব’টোৰ দ্বিতীয় স্থানৰ বিজয়ী হিচাপে ঘোষণা কৰা হয়।৪ ২০০৮ আৰু ২০০৯ চনত তেওঁ এচিয়ান পোকাৰ ট্যুৰ পৰিচালনা কৰিছিল।৫ তেওঁ আন কেইবাখনো টেলিভিছন ধাৰাবাহিক আৰু চলচ্চিত্ৰত অভিনয় কৰিছে।
সৌন্দৰ্য প্ৰতিযোগিতাৰ কেৰিয়াৰ
ছাণ্টোষ তিনিটাকৈ ৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী আছিল আৰু তেওঁ বিশ্বৰ চাৰিটা বৃহৎ আন্তৰ্জাতিক সৌন্দৰ্য প্ৰতিযোগিতাৰ ভিতৰত তিনিটাত প্ৰতিদ্বন্দ্বিতা কৰিছে। তেওঁ মিছ আৰ্থ কানাডা ২০০৬, মিছ ৱৰ্ল্ড কানাডা ২০১১ আৰু অতি সম্প্ৰতি মিছ ইউনিভাৰ্ছ কানাডা ২০১৩-ত অংশগ্ৰহণ কৰি বিজয়ী হৈছিল।৬৭ তেওঁ মিছ আৰ্থ ২০০৬ প্ৰতিযোগিতাত অংশ লৈছিল য’ত তেওঁক 'মিছ আৰ্থ ফটোজেনিক ২০০৬', 'মিছ আৰ্থ টেলেণ্ট ২০০৬'ৰ ফাইনেলিষ্ট আৰু আন ৫টা বিশেষ বঁটা প্ৰদান কৰা হৈছিল। ইয়াৰ পিছত তেওঁ মিছ অৰা ইণ্টাৰনেচনেল ২০০৬-ত কানাডাক প্ৰতিনিধিত্ব কৰাৰ অধিকাৰ লাভ কৰে আৰু তাত তেওঁ চতুৰ্থ ৰানাৰ-আপ হিচাপে নিৰ্বাচিত হয়।৮ তেওঁ মিছ ৱৰ্ল্ড ২০১১ প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিল য’ত তেওঁ ১২০ গৰাকী প্ৰতিযোগীৰ ভিতৰত ৩০ তম স্থান লাভ কৰে আৰু ক্ৰীড়া প্ৰতিযোগিতাত চতুৰ্থ স্থান দখল কৰে।৯১০১১ পৰৱৰ্তী সময়ত তেওঁ ৰাছিয়াৰ মস্কোত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ২০১৩ প্ৰতিযোগিতাত কানাডাক প্ৰতিনিধিত্ব কৰিছিল।
মিছ ইউনিভাৰ্ছ কানাডা ২০১৩

ছাণ্টোষে টৰণ্টোত অনুষ্ঠিত ২০১৩ চনৰ মিছ ইউনিভাৰ্ছ কানাডা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল, য’ত তেওঁক ডেনিছ গাৰাইডোৰ পিছত প্ৰথম ৰানাৰ আপ হিচাপে ঘোষণা কৰা হৈছিল। অৱশ্যে ২৪ ঘণ্টাৰ পিছত জানিব পৰা গৈছিল যে শীৰ্ষ ৫ গৰাকী প্ৰতিযোগীৰ ৰেটিং টাইপ কৰোঁতে হোৱা এটা ভুলৰ বাবেহে তেওঁ প্ৰথম হৈছিল, যিটোৱে পৰৱৰ্তী সময়ত প্ৰতিযোগিতাখনৰ চূড়ান্ত ফলাফলত যথেষ্ট প্ৰভাৱ পেলাইছিল। এসপ্তাহৰ পিছত তেওঁৰ গৃহ চহৰ এলবাৰ্টাৰ কেলগেৰীত তেওঁক আধিকাৰিকভাৱে নতুন মিছ ইউনিভাৰ্ছ কানাডা ২০১৩ হিচাপে মুকুট পিন্ধোৱা হয়। বিউটিজ অৱ কানাডা (BOC)-এ যোৱা ১১ বছৰ ধৰি আয়োজন কৰি অহা মিছ ইউনিভাৰ্ছ কানাডা প্ৰতিযোগিতাত এইটোৱেই আছিল এনেধৰণৰ ভুলৰ প্ৰথম ঘটনা। গাৰাইডো আচলতে তৃতীয় ৰানাৰ আপ হিচাপেহে স্থান লাভ কৰিছিল।
ফিল্মগ্ৰাফী
চলচ্চিত্ৰ
| বছৰ | শীৰ্ষক | ভূমিকা | তথ্যসূত্ৰ |
|---|---|---|---|
| ২০০৮ | ৱেন লাভ বিগিনচ | ক্ৰীষ্টিন | |
| ইকাও পা ৰিন: বংগা কা বয়! | মিছ কানাডা | ||
| ডবল ট্ৰবল: লেটচ গেট ৰেডি ২ ৰেম্বল! | বনী | ||
| ২০১৪ | ৱাটাৰ ৱাৰ্ছ | ইৰিন | |
| ২০১৫ | পেইনকিলাৰচ | মেডেলিন |
টেলিভিছন
| বছৰ | শীৰ্ষক | ভূমিকা | তথ্যসূত্ৰ |
|---|---|---|---|
| ২০০৭ | পিনয় বিগ ব্ৰাদাৰ: চেলিব্ৰিটি এডিচন ২ | চেলিব্ৰিটি হাউচমেট; ৰানাৰ আপ | ৪ |
| ২০০৮ | এএচএপি (ASAP) | স্বয়ং (গায়িকা/নৃত্যশিল্পী) | |
| লাভ স্পেল | লিভিং ডল | ৯ | |
| পালোচ | লেডী চিমন | ৯১২ | |
| লাভবুকচ প্ৰেজেণ্টচ | গিজেল | ৯ | |
| মিছ আৰ্থ | টেলিভিছন ঘোষিকা | ১৩১৪ | |
| আই লাভ বেটি লা ফিয়া | আমাণ্ডা (মডেল) | ১৫১৬ | |
| ২০০৮–০৯ | এচিয়ান পোকাৰ ট্যুৰ | আধিকাৰিক টেলিভিছন ঘোষিকা | ৯ |
| ২০১৫ | দ্য কিং অৱ ফাইটাৰ্ছ ২০০০: ১০ ইয়েৰ্ছ আফটাৰ | বন জেনেট (কেৱল কণ্ঠ) |
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Fortney, Valerie. Miss Universe Canada crowns Calgary woman as rightful winner. www.calgaryherald.com
- ↑ Why Calgary is a hotbed for up and coming Filipino pageant contestants · CBC News. CBC
- ↑ Miss Universe® Canada » Riza Santos. www.beautiesofcanada.com
- ↑ Dimaculangan, Jocelyn. (January 5, 2008). Ruben Gonzaga wins "Pinoy Big Brother" Celebrity Edition 2. Philippine Entertainment Portal
- ↑ Train, F. (January 29, 2009). Day 1a Draws to a Close. Poker News
- ↑ Yan, Carrie B. (June 30, 2011). Miss World Canada 2011 Riza Raquel Santos. Global Pinoy
- ↑ Miss Universe Canada. (May 2013). Miss Universe Canada 2013 Final Results
- ↑ Site Suspended - This site has stepped out for a bit. Rosotro.com
- ↑ Requintina, Robert R. (May 27, 2011). Canada's Miss World is Filipina. Manila Bulletin
- ↑ (November 6, 2011). Miss World Canada 2012. Missworldcanada.com
- ↑ Avante, Wells. (November 27, 2006). Miss Chile crowned Miss Earth 2006. Philippine Entertainment Portal
- ↑ Dimaculangan, Jocelyn. (March 5, 2008). Jake Cuenca and Riza Santos get intimate in "Palos". Philippine Entertainment Portal
- ↑ Mata, Paul. (November 10, 2008). Miss Philippines Karla Henry wins Ms Earth pageant. Philippine Entertainment Portal
- ↑ (November 19, 2008). Miss Earth Post Coronation, November 9, 2008, Philippines. Jamaican.com
- ↑ Godinez, Bong. (September 8, 2008). Ruffa Gutierrez criticizes Riza Santos for tardiness in "Betty La Fea" taping. Philippine Entertainment Portal
- ↑ Santiago, Erwin. (September 13, 2008). Riza Santos apologizes to Ruffa Gutierrez, but insists on her innocence. Philippine Entertainment Portal
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিজা ছাণ্টোষ” প্ৰবন্ধৰ সংশোধন ৫৯৯৯৯৫ (৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।