ৰিপুঞ্জয় বৰদলৈ (১৯৮৪) একাধাৰে বিজ্ঞানৰ নিবন্ধ লেখক, বিজ্ঞান ৰূপকৰ ৰচক, পৰিৱেশ বিজ্ঞানৰ শিশু নাটিকা লেখক, গ্ৰন্থ সমালোচক, বিজ্ঞান জনপ্ৰিয়কৰণৰ কৰ্মী, পৰিৱেশ সচেতক আৰু শিক্ষক। তেখেতে চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে শিক্ষকতা কৰি আছে। বিজ্ঞান আৰু গণিত শিক্ষা উদ্ভাৱনীমূলক কৌশল ব্যৱহাৰ কৰি হাতে-কামে শিকোৱা বাবে তেখেত ছাত্ৰ-ছাত্ৰীৰ মাজত যথেষ্ট জনপ্ৰিয়।১ বিদ্যালয়ৰ চাৰিবেৰৰ বাহিৰেও বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে তেখেতে অসমৰ বিভিন্ন কাকত-আলোচনীত প্ৰবন্ধ, বিজ্ঞানৰ নাটক লিখাৰ উপৰিও অনলাইন মাধ্যমতো লিখা-মেলা কৰি আছে। ২ ২০২৪ চনত তেওঁ অসম চৰকাৰৰ ৰাজ্যিক কৃতি শিক্ষকৰ সন্মান লাভ কৰে৷৩ ২০২৫ বৰ্ষৰ এপ্ৰিল মাহত অসম সাহিত্য সভাৰ ‘বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞান উপ সমিতি’ৰ কাৰ্যকৰী সভাপতি হিচাপে বৰদলৈক দায়িত্ব দিয়া হৈছে৷
জন্ম আৰু বংশ
বৰদলৈৰ জন্ম হয় ১৯৮৪ চনৰ নৱেম্বৰ মাহৰ ২১ তাৰিখে৷ জন্ম স্থান হৈছে বিশ্বনাথ জিলাৰ বৰপাম তিনিআলি, চতিয়াত ৷ পিতৃৰ নাম নৃপেন বৰদলৈ আৰু মাতৃৰ নাম অবন্তী বৰদলৈ। তেওঁৰ বিবাহ হয় ২০১৪ চনত ৷ পত্নীৰ নাম প্ৰিয়ংকা বৰদলৈ।৪
শিক্ষা
তেখেতে ২০০০ চনত দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ দৰং মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু তাৰ পিছত বিশ্বনাথ মহাবিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞান বিষয়ত অনাৰ্চসহ স্নাতক ডিগ্ৰী লাভ কৰে। CIPETৰ ২০০৭বৰ্ষৰ Student of the Year বঁটাপ্ৰাপ্ত বৰদলৈয়ে ২০০৮চনত পলিমাৰ বিজ্ঞানত ডিষ্টিংচনসহ ডিগ্ৰী লাভ কৰে।৪ ২০১১ চনত বিশ্বনাথ কলেজ অব এডুকেশ্বনৰ পৰা BEd ডিগ্ৰী লাভ কৰে। গণিতৰ প্ৰতি থকা তেওঁৰ হেপাহৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গণিতৰ স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰে।৪
কৰ্মজীৱন
ৰিপুঞ্জয় বৰদলৈ ২০০৮ চনৰ পৰা ২০১০ চনৰ ভিতৰত চুপ্ৰিম ইণ্ডাষ্ট্ৰিজ লিমিটেডত কৰ্মৰত আছিল। ২০১০ চনৰ অক্টোবৰ মাহৰ পৰা বৰ্তমানলৈকে চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত গণিতৰ শিক্ষক হিচাপে কৰ্মৰত হৈ আছে। তেওঁ SCERT. NCERT, RMSA, SSA, IIT-Ghy, Royal Society of Chemistry, অসম বিজ্ঞান সমিতি, বিজ্ঞান প্ৰসাৰ আদিৰ দৰে অনুষ্ঠানৰ বিজ্ঞান আৰু গণিত বিষয়ৰ সমল ব্যক্তি হিচাপে দায়িত্ব পালন কৰি আহিছে।৫ তাৰোপৰি ইনছপায়াৰ এৱাৰ্ড, ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ আদিত ছাত্ৰ-ছাত্ৰীৰ লগেত শিক্ষক-শিক্ষয়িত্ৰীক প্ৰকল্প প্ৰস্তুতৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।
সামাজিক অৱদান
- ২০১৩ চনত পৰ্যাৱৰণ মিত্ৰ আৰু উত্তৰ-পূব পৰিৱেশ শিক্ষাকেন্দ্ৰই উত্তৰ পূৰ্বাঞ্চলৰ সকলোবোৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভিতৰত 'শ্ৰেষ্ঠ পৰিৱেশ বন্ধু শিক্ষক' ৰ সন্মান লাভ কৰে।
- ২০০১ চনত স্থাপিত আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰ নামৰ শিশুৰ মাজত বৈজ্ঞানিক মানসিকতাৰ উত্তৰণত ব্ৰতী অনুষ্ঠানত ২০১১ চনৰ পৰা সম্পাদক হিচাপে দায়িত্ব পালন কৰি আছে।
- ২০১৩ চনৰ পৰা WWF আৰু UNICEF ৰ দ্বাৰা Sustainable Development বিষয়ৰ ওপৰত নিয়োজিত সমল ব্যক্তি হিচাবে কাম কৰি আছে।৬
- ২০১৮ চনৰ পৰা ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অন্তৰ্গত VIGYAN PRASAR অনুষ্ঠানৰ উদ্যোগত "Innovative Physics Training" ৰ জৰিয়তে অসমৰ জনজাতীয় অঞ্চলৰ উচ্চ মাধ্যমিক বিদ্যালয়সমূহৰ শিক্ষকসকলক পদাৰ্থ বিজ্ঞানৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।
- বৰদলৈয়ে বিজ্ঞান বিষয়ৰ নাটক নিজে লিখি ছাত্ৰ-ছাত্ৰীক নিজে শিকাই অসমৰ বিভিন্ন ঠাইত প্ৰদৰ্শন কৰাইছে। নাটক সমূহৰ ভিতৰত 'শিহু আমাৰ প্ৰাণ (২০১১), প্ৰকৃতিৰ বান্ধোন (২০১২), প্ৰকৃতিৰ সন্তান(২০১৩), হাঁহে মাহে এসাজ (২০১৪), আহক আহক ৰাইজ, প্লাষ্টিকৰ বটল দিয়ক আৰু কাপোৰ নিয়ক(২০১৫), সমুদ্ৰ তোমাৰ বাবে(২০১৬), ডাইনী কোন?(২০১৭), মোৰ ল'ৰাটো পঢ়াত বৰ কেঁচা (২০১৮), বেলুনে আনে বতৰৰ বতৰা(২০১৯) উল্লেখযোগ্য।
- বৰদলৈয়ে অসম বিজ্ঞান সমিতি বিশ্বনাথ চাৰিআলি শাখাৰ যুটীয়া সম্পাদক, ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ( NCSC) বিশ্বনাথ জিলাৰ সমন্বয়ক, অসম গণিত শিক্ষায়তন (AAM) বিশ্বনাথ জিলাৰ সহকাৰী সম্পাদক হিচাপে সেৱা আগবঢ়াই আছে। তেখেত অসম বিজ্ঞান লেখক সংস্থাৰ সক্ৰিয় সদস্য। অসম সাহিত্য সভাৰো আজীৱন সদস্য।
- ২০১৯ চনত গঠিত জাতীয় আদৰ্শ শিক্ষা সংসদৰ অধীনস্থ অসম আদৰ্শ বিদ্যালয় সমূহৰ ‘পাঠ্যপুথি প্ৰণয়ন আৰু সংকলন’ সমিতি’ৰ তত্ত্বাৱধায়ক হিচাপে ২০২০ চনৰ পৰা অবৈতনিকভাৱে সেৱা আগবঢ়াই আহিছে। উক্ত সমিতিৰ তত্ত্বাৱধানত বৰ্তমানলৈকে ৩০খন পাঠ্যপুথি (প্ৰাক-প্ৰাথমিক আৰু প্ৰাথমিক) নতুন শিক্ষানীতিৰ আধাৰত প্ৰকাশিত হৈছে। উক্ত পাঠ্যপুথি সমূহ SCERTৰ দ্বাৰা অনুমোদিত।৭
প্ৰকাশিত সাহিত্যৰাজি
- ‘আমাৰ হেৰাই যোৱা চৰাইবোৰ’ (২০১২)
- ‘জীৱবিচিত্ৰতা’(২০১৩)
- ‘অৰন্য মানৱ যাদৱ পায়েং’(২০১৬)
- ‘প্ৰকৃতি, বিজ্ঞান আৰু আমি’ (২০১৭)
- ‘নেম’নিকছ’(২০১৯)
- ‘বিজ্ঞান অৰঙে দৰঙে’ (২০২১)
- সৰ্বত্ৰ বিয়পি আছে প্লাষ্টিক (২০২৫)
- তুমি দেখাটো সঁচা নহ’বও পাৰে (২০২৫)
বঁটা আৰু সন্মান
- উত্তৰ পূৰ্বাঞ্চলৰ"শ্ৰেষ্ঠ পৰিৱেশ বন্ধু শিক্ষক ২০১৩" বঁটা
- বিজ্ঞান জনপ্ৰিয়কৰণৰ অক্লান্ত কৰ্মী বঁটা (১৫ আগষ্ট, ২০১৯ চন, বিশ্বনাথ জিলা প্ৰশাসন)
- ‘বিজ্ঞান জনপ্ৰিয়কৰণ আৰু গৱেষণা ২০২৩’ বঁটা (২০২৪ চনৰ ২৮ ফেব্ৰুৱাৰী, অসম চৰকাৰৰ বিজ্ঞান প্ৰয়ুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ)
- ‘ৰাজ্যিক কৃতী শিক্ষক ২০২৪’, (২০২৪, অসম চৰকাৰ)৮
তথ্যসূত্ৰ
- ↑ (নিয়মীয়া বাৰ্তা, বুধবাৰ, ৪ছেপ্তেম্বৰ, ২০২৪,). বিজ্ঞান শিক্ষক ৰিপুঞ্জয় ৰদলৈ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত. পৃ. পৃষ্ঠা ৮
- ↑ সভাপতি-ৰিপুঞ্জয় বৰদলৈ
- ↑ (, ৩-৯-২০২৪). অসমীয়া প্ৰতিদিন৷ শিক্ষকলৈ ৰাজ্যিক কৃতী শিক্ষকৰ সন্মান,. পৃ. পৃষ্ঠা ১ আৰু ১৩
- ↑ অংশুমান হাজৰিকা. (১২,২,২০২০). ৰিপুঞ্জয় বৰদলৈৰ বিষয়ে কিছু কথা. পৃ. ৪
- ↑ গ্ৰামাঞ্চলত বিজ্ঞান শিক্ষা জনপ্ৰিয়কৰণৰ কাণ্ডাৰীস্বৰূপ শিক্ষক ৰিপুঞ্জয় বৰদলৈ
- ↑ Workshop on environment education programme held. The sentinel. পৃ. Friday, 24 March
- ↑ (৬ছেপ্তেম্বৰ, ২০২৪). গণকণ্ঠ, তেজপুৰৰ পৰা প্ৰকাশিত সাপ্তাহিক বাতৰিকাকত৷ শিক্ষক দিৱসৰ কথাৰে, এগৰাকী শিক্ষকৰ কথা. পৃ. ১১
- ↑ (৬ছেপ্তেম্বৰ, ২০২৪). অসম বাৰ্তা ৷ বিশ্বনাথৰ বিজ্ঞান শিক্ষক ৰিপুঞ্জয় বৰদলৈ ৰাজ্যিক কৃতী শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত. পৃ. ৫
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিপুঞ্জয় বৰদলৈ” প্ৰবন্ধৰ সংশোধন ৫৫৫০৩৭ (২২ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।