অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুহানী শ্বাহ

সুহানী শ্বাহ ( ইংৰাজী: Suhani Shah; জন্ম: ২৯ জানুৱাৰী ১৯৯০) এগৰাকী ভাৰতীয় মেণ্টেলিষ্ট, যাদুকৰ আৰু ইউটিউবাৰ।

হালনাগাদ: ২২ জুলাই ২০২৫ ৩৯১ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

সুহানী শ্বাহ ( ইংৰাজী: Suhani Shah; জন্ম: ২৯ জানুৱাৰী ১৯৯০)১ এগৰাকী ভাৰতীয় মেণ্টেলিষ্ট, যাদুকৰ আৰু ইউটিউবাৰ।

প্ৰাৰম্ভিক জীৱন

সুহানী শ্বাহৰ জন্ম হৈছিল ১৯৯০ চনৰ ২৯ জানুৱাৰীত ৰাজস্থানৰ উদয়পুৰত।১ তেওঁ এটা মাৰৱাড়ী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।২৩ তেওঁ নিজৰ অনুৰাগ অনুসৰণ কৰিবলৈ দ্বিতীয় শ্ৰেণীত বিদ্যালয় এৰিছিল। অনবৰতে বিশ্বৰ বিভিন্ন ঠাইলৈ নিৰন্তৰ ভ্ৰমণৰ কৰিবলগীয়া হোৱাৰ বাবে তেওঁ ঘৰখনতেই পঢ়াশুনা (homeschool)আৰম্ভ কৰিছিল। সুহানীয়ে কেতিয়াও আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাছিল আৰু কৈছিল যে "বিদ্যালয়ৰ পৰা পাবলগীয়া শিক্ষাতকৈ মোক মোৰ অভিজ্ঞতাই অধিক শিকাইছে।" ৪

জীৱনৰ আৰম্ভণিৰ সময়ছোৱাৰ বিষয়ে ছুহানী শ্বাহে এটা সাক্ষাৎকাৰত এইদৰে কয়ঃ "ছয় বছৰ বয়সত মোৰ যাদুৰ জগতখনলৈ যাত্ৰা আৰম্ভ হৈছিল। মাক-দেউতাকৰ আগত মই এটা সহজ অথচ গম্ভীৰ ঘোষণা কৰিছিলোঁ: “দেউতা, মই যাদু কৰিব বিচাৰো।" মোৰ পৰিয়ালটোৱেই মোৰ বাবে অটল সমৰ্থনৰ উৎস। মোক ডাঙৰ সপোন দেখিবলৈ আৰু সমাজৰ নীতি-নিয়মৰ পৰা মুক্ত হ'বলৈ মোৰ পৰিয়ালটোৱে উৎসাহিত কৰিছে। সামাজিক আকাংক্ষাবোৰ কেতিয়াও মোৰ বাবে বাধা নাছিল।" ৫

যাদু শিক্ষা আহৰণ

ছয় বছৰ বয়সত সুহানীয়ে যাদু শিকাৰ এক প্ৰবল ইচ্ছাৰে দেউতাকৰ কাষ চাপিছিল। সুহানীয়ে কৈছে যে-মাক-দেউতাকক পতিয়ন নিয়াব পৰাটো তেওঁৰ বাবে এই যাত্ৰাৰ সহজ অংশ আছিল। আচল প্ৰত্যাহ্বানটো তাৰ পাছতহে দেখা পোৱা গ'ল। তেওঁক যাদু শিকাবলৈ ইচ্ছুক এজন যাদুকৰ বিচাৰি সুহানী আৰু তেওঁলোকৰ পিতৃ-মাতৃয়ে কেইজনমান বিখ্যাত যাদুকৰৰ ওচৰলৈ গ'ল। কিন্তু কোনোৱেও তেওঁক গুৰুত্ব দিবলৈ সন্মত নহ'ল। তেওঁ হতাশ হৈ ভাবিলে যে যাদু হয়তো তেওঁৰ বাবে সঠিক পথ নহয়।

সুহানীৰ মাক-দেউতাকে অৱশ্যে হাৰ মানিবলৈ অস্বীকাৰ কৰিলে আৰু নিজৰ সন্ধান অব্যাহত ৰাখিলে। অৱশেষত আহমেদাবাদৰ ওচৰৰ সৰু চহৰ কালোলত এটা বিশেষ পৰিয়ালৰ লগত তেওঁলোকে ভেটা-ভেটি হ'ল। এই পৰিয়ালটোৱে যাদুকৰৰ সহায়ক হিচাপে দীৰ্ঘদিনীয়া ভূমিকা পালন কৰিছিল। তেওঁলোকে একাধিক প্ৰখ্যাত যাদুকৰৰ বাবে শ্ব’বোৰ আয়োজন কৰিছিল আৰু সেইবোৰ প্ৰস্তুত কৰাত সহায় কৰিছিল। সুহানীৰ পিতৃ-মাতৃয়ে এই পৰিয়ালটোক তাইক যাদু শিকাবলৈ অনুৰোধ কৰিলে আৰু তেওঁৰ বাবে এটা শ্ব’ আয়োজন কৰিবলৈ পতিয়ন নিয়ালে। সুহানীৰ অভিভাৱকৰ অনুৰোধত অৱশেষত তেওঁলোকে মান্তি হ’ল আৰু এইদৰেই এক অগতানুগতিক আৰম্ভণিৰেই সুহানীৰ যাদুকৰী যাত্ৰাৰ আৰম্ভণি হ’ল।৫

কৰ্মজীৱন

১৯৯৭ চনৰ ২২ অক্টোবৰত আহমেদাবাদৰ ঠাকোৰভাই দেশাই হলত তেওঁৰ প্ৰথম মঞ্চ অনুষ্ঠান অনুষ্ঠিত হয়। সুহানীয়ে কেইবাটাও বঁটা লাভ কৰাৰ লগতে অল ইণ্ডিয়া মেজিক এছ’চিয়েশ্যনৰ পৰা "যাদুপৰী" (অনুবাদ যাদু পৰী) উপাধি লাভ কৰিছে।৬ তেওঁ ২০১৯ চনলৈকে ৫০০০ৰো অধিক শ্ব’ কৰিছে।৭আৰম্ভণিতে তেওঁ ভ্ৰমৰ যাদুকৰ হিচাপে কাম কৰিছিল আৰু বৰ্তমান তেওঁ এগৰাকী মেণ্টেলিষ্ট।৮গোৱাত অৱস্থিত ক্লিনিক সুহানী মাইণ্ডকেয়াৰত তেওঁ ক্লিনিকেল হিপ্নোথেৰাপিষ্ট হিচাপে কাম কৰে।৯ইয়াৰ উপৰিও তেওঁ এগৰাকী কৰ্পৰেট প্ৰশিক্ষক, এগৰাকী লেখিকা আৰু এগৰাকী পৰামৰ্শদাতা। ইতিমধ্যে তেওঁ কেইবাটাও টেড টকচ (TED Talks)ত ভাষণ প্ৰদান কৰিছে।১০

যাদু উদ্যোগত লিংগ বৈষম্য

সময়ৰ লগে লগে সুহানীয়ে যাদু উদ্যোগত থকা পুৰুষকেন্দ্ৰিক আধিপত্যৰ বিষয়ে সচেতন হৈ পৰিছিল। তেওঁ কৈছে যেঃ ' মই উপলব্ধি কৰিলোঁ যে কেৱল যাদুৰ ক্ষেত্ৰতে নহয় বহু ক্ষেত্ৰত মহিলাসকলে প্ৰায়ে অতিৰিক্ত প্ৰত্যাহ্বানৰ সন্মুখীন হয়। কঠোৰ পৰিশ্ৰম আৰু নিজৰ চিন স্বৰূপে মোৰ সম্ভাৱনাক স্বীকৃতি দিয়াৰ গুৰুত্বৰ বিষয়ে মই বুজি পাইছোঁ। এই সমস্যাবোৰ বুজিবলৈ মোৰ কিছু সময় লাগিল। কিন্তু এতিয়া মই দৃঢ়তাৰে ক’ব বিচাৰোঁ যে সেয়া সম্ভৱ।" ৫

তথ্যসূত্ৰ

  1. ↑ Kumar, Aman. (27 January 2023). Suhani Shah: 'दिमाग पढ़ने' वाली लड़की.. क्लास 1 तक ही गई स्कूल, अनोखी है सुहानी की कहानी. Aaj Tak
  2. ↑ Kashyap, Kajal. (19 August 2017). Bilaspur: In A Moment The Girl Is Missing This Beautiful Sorceress. Patrika News
  3. ↑ Mukherjee, Kakoli. (26 February 2020). These mind readers in Hyderabad will leave you in awe. The New Indian Express
  4. ↑ Nagarajan, Uthra. (17 August 2014). Casting a spell. The Hindu
  5. ↑ (OCTOBER 24, 2023). Unveiling the Mind's Magic: An Interview with India's Leading Mentalist, Suhani Shah. news18
  6. ↑ Pattanashetti, Girish. (23 July 2005). Magical musings of a teenager. দ্য হিন্দু
  7. ↑ Hussain, Tabir. (25 February 2019). क्लास वन के बाद स्कूल नहीं गई ये मैजिक गर्ल, अब पढ़ रहीं लोगों का दिमाग. Patrika News
  8. ↑ Nair, Likhita. (21 November 2019). Works Like Magic. The New Indian Express
  9. ↑ Menon, Shruti. (26 November 2012). Who is Suhani Shah?. Deccan Chronicle
  10. ↑ Bhatt, Priyanka. (8 March 2018). Meet Suhani Shah, The Only Female Magician In India Who Rules The Male Dominant Profession!. IndiaTimes

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ইউটিউবাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুহানী শ্বাহ” প্ৰবন্ধৰ সংশোধন ৫২৫৯০৭ (২২ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।