অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুৰেখা যাদৱ

সুৰেখা শংকৰ যাদৱ জন্মসূত্ৰে সুৰেখা ৰামচন্দ্ৰ ভোছালে (জন্ম ২ ছেপ্টেম্বৰ ১৯৬৫) হৈছে ভাৰতীয় ৰে'লসেৱাৰ জ্যেষ্ঠ-সৰ্বাধিক মহিলা লোকপাইলট (ট্ৰেইন চালক)।তেওঁ ১৯৮৮ চনত ভাৰতৰ প্ৰথম মহিলা ৰেল চালক হৈছিল।২০০০ চনৰ এপ্ৰিল মাহত তদানীন্তন ৰে'লমন্ত্ৰী মমতা বেনাৰ্জীয়ে চাৰিখন মেট্ৰ' চহৰত প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন…

হালনাগাদ: ১১ ফেব্ৰুৱাৰী ২০২৬ ৪৪৯ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

সুৰেখা শংকৰ যাদৱ জন্মসূত্ৰে সুৰেখা ৰামচন্দ্ৰ ভোছালে (জন্ম ২ ছেপ্টেম্বৰ ১৯৬৫) হৈছে ভাৰতীয় ৰে'লসেৱাৰ জ্যেষ্ঠ-সৰ্বাধিক মহিলা লোকপাইলট (ট্ৰেইন চালক)।১২তেওঁ ১৯৮৮ চনত ভাৰতৰ প্ৰথম মহিলা ৰেল চালক হৈছিল।২০০০ চনৰ এপ্ৰিল মাহত তদানীন্তন ৰে'লমন্ত্ৰী মমতা বেনাৰ্জীয়ে চাৰিখন মেট্ৰ' চহৰত প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰাৰ সময়ত তেওঁ কেন্দ্ৰীয় ৰেলৱেৰ বাবে প্ৰথম "লেডিজ স্পেচিয়েল" নামৰ এখন বিশেষ স্থানীয় ৰেল চলাইছিল।৩৪ ২০০০ চনৰ পৰা ২০১০ চনলৈকে তেওঁ উপনগৰীয়া স্থানীয় ৰেল মটৰ মহিলা আছিল।তাৰ পিছত ২০১০ চনত তেওঁ ছিনিয়ৰ লোকো পাইলট মেইললৈ পদোন্নতি লাভ কৰে।তেওঁৰ কেৰিয়াৰৰ এটা গুৰুত্বপূৰ্ণ পৰিঘটনা সংঘটিত হৈছিল ২০১১ চনৰ ৮ মাৰ্চৰ, আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত,যেতিয়া তেওঁ পুনেৰ পৰা মুম্বাইৰ চিএছটিলৈ কঠিন কিন্তু মনোৰম ভৌগোলিক অৱস্থাৰ মাজেৰে ডেক্কান কুইন নামৰ ৰেলখন চলাই লৈ যোৱা এছিয়াৰ প্ৰথম মহিলা ৰেল চালক হিচাপে পৰিগণিত হৈছিল,৩৫৬য'ত তেওঁক মুম্বাইৰ তদানীন্তন মেয়ৰ শ্ৰদ্ধা যাদৱে কেন্দ্ৰীয় ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয় চিএছটিত আদৰণি জনাইছিল।দহ বছৰৰ পাছত মুম্বাইৰ পৰা লক্ষ্ণৌলৈ সৰ্বমহিলা ক্ৰু গাড়ী চলাই তেওঁ এই কৃতিত্ব পুনৰাবৃত্তি কৰে।৬৭ ২০১১ চনত এটা সচৰাচৰ শুনা মন্তব্য আছিল এয়ে যে "মহিলাসকলে ৰেলইঞ্জিন নচলায়"।৮

প্ৰাৰম্ভিক জীৱন

১৯৬৫ চনৰ ২ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ সতাৰাত সোণাবাই আৰু ৰামচন্দ্ৰ ভোছালেৰ ঘৰত জন্মগ্ৰহণ কৰিছিল সুৰেখাই। তেওঁৰ পিতৃ প্ৰয়াত ৰামচন্দ্ৰ ভোছালে আছিল এজন খেতিয়ক; তেওঁৰ পাঁচটা সন্তানৰ ভিতৰত সুৰেখাই ডাঙৰ।৯সতৰাৰ ছেইণ্ট পল কনভেণ্ট হাইস্কুলত তেওঁৰ প্ৰাৰম্ভিক শিক্ষা আৰম্ভ হৈছিল। স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিছত তেওঁ পশ্চিম মহাৰাষ্ট্ৰৰ সতৰা জিলাৰ কাৰাডৰ চৰকাৰী পলিটেকনিকত নামভৰ্তি কৰে আৰু তাৰ পৰাই বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগত ডিপ্লমা ডিগ্ৰী লাভ কৰে।১০১১তেখেতে গণিতত (B.Sc.) স্নাতক ডিগ্ৰী আৰু শিক্ষা স্নাতক ডিগ্ৰীৰে(বি.এড.) শিক্ষয়িত্ৰী হ'বলৈ ইচ্ছা প্ৰকাশ কৰিছিল যদিও সেই সময়তে ভাৰতীয় ৰেলত চাকৰিৰ সুযোগে তেওঁৰ পৰৱৰ্তী অধ্যয়নৰ সমাপ্তি ঘটাইছিল।৯

পেছাগত জীৱন

১৯৮৭ চনত মুম্বাইৰ ৰে’লৱে নিযুক্তি ব’ৰ্ডে সুৰেখা ভোছালেৰ সাক্ষাৎকাৰ গ্ৰহণ কৰে। নিযুক্ত পৰীক্ষাত নিৰ্বাচিত হৈ তেওঁ কেন্দ্ৰীয় ৰেলৱেত ১৯৮৬ চনত কল্যাণ প্ৰশিক্ষণ বিদ্যালয়ত প্ৰশিক্ষাৰ্থী সহকাৰী চালক হিচাপে যোগদান কৰে আৰু তাতেই তেওঁক ছমাহৰ প্ৰশিক্ষণ দিয়া হয়।১১১২১১১৯৮৯ চনত তেওঁ নিয়মীয়া সহকাৰী চালক হিচাপে কাম কৰে।৭ তেওঁ ৱাডি বান্দৰ আৰু কল্যাণৰ মাজত চলাচল কৰা স্থানীয় মালবাহী ৰে’ল চলায় আৰু ৰে’লৰ ইঞ্জিন পৰীক্ষণ আৰু সংকেত প্ৰদানকে ধৰি সকলো আনুষংগিক কামসমূহ চম্ভালে।৯১১ ১৯৯৬ চনত মালবাহী ৰেল চালক হিচাপে নিৰ্বাচিত হৈ ১৯৯৮ চনত সম্পূৰ্ণ সামগ্ৰী ৰেল চালক হিচাপে নিৰ্বাচিত হয়।২০১০ চনত পশ্চিম ঘাট পৰ্বতমালা ৰেলৱেৰ পৰ্বতমালা ৰেল লাইনৰ চালক হয়।তেওঁ ডেক্কান কুইন চলোৱা এছিয়া মহাদেশৰ প্ৰথমগৰাকী মহিলা (motor woman)। ।১৩তেওঁ মহাৰাষ্ট্ৰৰ পাহাৰীয়া এলেকাত ৰে’ল চলোৱাৰ বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰি দুটা ইঞ্জিনযুক্ত যাত্ৰীবাহী ৰে’ল চলাইছিল।তাই কৈছিল যে "যিহেতু মই একমাত্ৰ মহিলা আছিলোঁ,সেয়ে তেওঁলোক মই এইটো কৰিব পাৰিম নে নকৰো সেই লৈ কৌতূহলী হৈ পৰিছিল"।৪এজন সহকাৰী চালক হিচাপে, তাই শ্বাণ্টাৰসমূহ (shunters) চলাইছিল।১৪ ২০১১ চনৰ মে' মাহত তেওঁক এক্সপ্ৰেছ ৰেলৰ চালক হিচাপে পদোন্নতি দিয়া হৈছিল।মটৰমেনৰ কেবিনত এগৰাকী মহিলা থকা দৃশ‌্যটোৱে বহু লোকৰেই মনোযোগ আকৰ্ষণ কৰিছিল আৰু একাংশ গুণমুগ্ধই তেওঁৰ অটোগ্ৰাফ বিচাৰিছিল।১১ ৩তেওঁ বৰ্তমান ড্ৰাইভাৰ ট্ৰেইনিং চেণ্টাৰ (কল্যাণ)ৰ এজন জ্যেষ্ঠ প্ৰশিক্ষক।

যেতিয়া তেওঁ ভাৰতীয় ৰেলত কাম কৰা আৰম্ভ কৰিছিল, তেওঁ উপলব্ধি কৰিছিল যে তেওঁৱেই আছিল ভাৰতীয় ৰেলত কাম কৰা একমাত্ৰ মহিলা। আন মহিলাসকলো তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল, আৰু ২০১১ চনত উপনগৰীয় ৰেল আৰু মালবাহী ৰেল পৰিচালনা কৰা ৫০ গৰাকী মহিলা লোকোমোটিভ চালকে শ্বাণ্টাৰ বা সহকাৰী চালকৰূপেও যোগদান কৰিছিল।৫মুম্বাইত ৰেল চালক হিচাপে কেৰিয়াৰ গঢ়ি তোলাৰ সময়ত তেওঁ পৰিয়াল, বন্ধু-বান্ধৱী আৰু সহকৰ্মীসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিছিল আৰু মহিলা হিচাপে তেওঁ কোনো ধৰণৰ বৈষম্যৰ সন্মুখীন হোৱা নাছিল বুলি তেওঁ জানিবলৈ দিয়ে।তেওঁ সম্পূৰ্ণ মনৰ উপস্থিত বুদ্ধিৰে সুৰক্ষিতভাৱে ৰেল চলাবলৈ সমৰ্পিত, কিয়নো সম্ভাৱ্য যান্ত্ৰিক সমস্যা, চেইন-টানি নিয়া, পথ বন্ধ (rasta rokos) (ৰেল বন্ধ কৰিবলৈ বা পথ অৱৰোধ কৰিবলৈ ভাৰতত কৰা এক প্ৰকাৰৰ প্ৰতিবাদ), আৰু হঠাতে ৰেলৰ চিৰি পাৰ হোৱা লোক বা জন্তুৱে বিপদাশংকাৰ সন্মুখীন হ'ব পাৰে, যাৰ বাবে সঠিক চিন্তা, তৎক্ষণাৎ আৰু দ্ৰুত পদক্ষেপৰ প্ৰয়োজন।৭১৫তেওঁৰ দ্বাৰা কেতিয়াও ৰে'ল দুৰ্ঘটনাৰ সূচনা হোৱা নাই।৯বৰ্তমানলৈকে তেওঁ বহু প্ৰকাৰৰ ৰেল যেনে স্থানীয় উপনগৰীয় ৰেল,যমজ ইঞ্জিনযুক্ত ঘাট ৰেল (পশ্চিম ঘাটত পাহাৰীয়া শাখাৰ ৰেল), মালবাহী আৰু মেইল এক্সপ্ৰেছ ৰেল৫১৬ চলোৱাৰ উপৰিও তেওঁ দিনে দহ ঘণ্টাকৈ কাম কৰে।৪ তেখেতৰ উদ্দেশ্য হৈছে এখন দীৰ্ঘ দূৰত্বৰ যাত্ৰীবাহী ৰে'ল চলোৱা।১১ইভ-টিজিঙৰ বিষয়ে জানিবলৈ তেখেতে কিছুমান কাৰ্যসূচীতো অংশগ্ৰহণ কৰিছে।৪

১৯৯১ চনত যাদৱে হাম ভি কিচিছে কম নহী নামৰ দূৰদৰ্শনৰ এখন ধাৰাবাহিকত অভিনয় কৰিছিল (আমি কোনোতকৈ দ্বিতীয় নহয়)।এগৰাকী মহিলা ৰেল চালকৰ ভূমিকাত অভিনয় কৰাৰ বাবে তেওঁ কেইবাটাও সংগঠনৰ পৰা প্ৰশংসা লাভ কৰিছিল।১৭

২০২১ চনত তেওঁ ৰেল মহিলা কৰ্মচাৰীসকলক সৈতে একেলগে মুম্বাইৰ পৰা লক্ষ্ণৌলৈ এখন বিশেষ ৰে’ল চলাই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপনৰ কৰিছিল।১৮

২০২৩ চনৰ ১৩ মাৰ্চ সোমবাৰে তেওঁ অৰ্ধ-উচ্চ গতিৰ বন্দে ভাৰত এক্সপ্ৰেছ ৰেলখন চলোৱা প্ৰথম মহিলা চালক আছিল; তেখেতে সোলাপুৰৰ পৰা ছাত্ৰপতি শিৱাজী টাৰ্মিনাছলৈ প্ৰায় ৪৫৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল।১৯

২০২৩ চনৰ ১৪ মাৰ্চ মঙলবাৰে সুৰেখাই বন্দে ভাৰত এক্সপ্ৰেছখন চলাই চি এছ এম টিৰ পৰা লৈ সোলাপুৰলৈ যায়।

২০২৩ চনৰ ২৬ মাৰ্চ, দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কি বাতৰ ৯৯ তম খণ্ডত সুৰেখা যাদৱৰ কথা উল্লেখ কৰি মেক ইন ইণ্ডিয়া বন্দে ভাৰত ৰেল ১৮ চলোৱা প্ৰথম মহিলা হোৱা আৰু তেওঁৰ দীঘলীয়া সেৱাৰ অনান্য শিতানত প্ৰথম স্থান লাভ কৰাৰ বাবে তেওঁৰ শলাগ লৈছিল।

ব্যক্তিগত জীৱন

১৯৯০ চনত মহাৰাষ্ট্ৰ চৰকাৰৰ আৰক্ষী পৰিদৰ্শক শংকৰ যাদৱৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়।২০ তেওঁলোকৰ দুজন পুত্ৰ সন্তান আছে।১১২০

তথ্যসূত্ৰ

  1. ↑ Rights 2001, পৃ. 185
  2. ↑ Hanshaw 2003, পৃ. 96
  3. ↑ (10 March 2011). Bold, Bindaas And Successful. Cityplus
  4. ↑ Indian Female Engine Loco Drivers. scientificindians.com
  5. ↑ (8 January 2013). Realigning the tracks. The Hindu
  6. ↑ (9 March 2011). Mumbai Western Railway believes in woman-power. DNAIndia
  7. ↑ Costa, Roana Maria. (8 March 2011). Asia's first motor woman to pilot Deccan Queen. The Times of India
  8. ↑ Rights 2001, পৃ. 185
  9. ↑ Nair, Sulekha. (31 May 2000). The woman in the engine. The Indian Express
  10. ↑ Hanshaw 2003, পৃ. 96
  11. ↑ (2001). Railwaywomen Around The World - A selection of press cuttings - India: Surekha Yadav (source: The Financial Express). Hastings Press
  12. ↑ Book 2006, পৃ. 230
  13. ↑ Roana Maria Costa. (Mar 8, 2011). Asia's first motorwoman to pilot Deccan Queen · Mumbai News - Times of India. The Times of India
  14. ↑ Hanshaw 2003, পৃ. 96
  15. ↑ (7 March 2010). Driving 45,000 people to work Surekha YADAV (44) Train Driver, Mumbai. The Times of India epaper
  16. ↑ Modern Indian Women: The Pioneers. Ministry of External Affairs, Government of India
  17. ↑ Hanshaw 2003, পৃ. 96
  18. ↑ International Women's Day: First woman driver of Indian Railways drives Mumbai-Lucknow special train. The New Indian Express
  19. ↑ Deshpande, Abhinay. (14 March 2023). Asia’s first woman loco pilot Surekha Yadav operates new semi-high-speed Vande Bharat train. The Hindu
  20. ↑ (2001). Documentation on Women, Children & Human Rights. Sandarbhini, Library and Documentation Centre, All India Association for Christian Higher Education

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুৰেখা যাদৱ” প্ৰবন্ধৰ সংশোধন ৫৭৬৪১৯ (১১ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।