অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুশীলা মহৰ্জন

সুশীলা মহৰ্জন এগৰাকী নেপালী জৈৱ ৰসায়নবিদ আৰু জৈৱ প্ৰযুক্তিবিদ। তেওঁ নেপালৰ 'ৰিচাৰ্চ ইনষ্টিটিউট ফৰ বায়োছায়েন্স এণ্ড বায়োটেকন’লজী'ৰ (RIBB) গৱেষণা সঞ্চালক। ২০১১ চনত তেওঁ এই প্ৰতিষ্ঠানটো সহ-প্ৰতিষ্ঠা কৰিছিল।

হালনাগাদ: ২৬ এপ্ৰিল ২০২৬ ২৩৫ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

সুশীলা মহৰ্জন এগৰাকী নেপালী ভাষা জৈৱ ৰসায়নবিদ আৰু জৈৱ প্ৰযুক্তিবিদ। তেওঁ নেপালৰ 'ৰিচাৰ্চ ইনষ্টিটিউট ফৰ বায়োছায়েন্স এণ্ড বায়োটেকন’লজী'ৰ (RIBB) গৱেষণা সঞ্চালক। ২০১১ চনত তেওঁ এই প্ৰতিষ্ঠানটো সহ-প্ৰতিষ্ঠা কৰিছিল।

প্ৰষ্ঠভূমি আৰু শিক্ষা

নেপালৰ ললিতপুৰ জিলাৰ বাদেগাঁৱত সুশীলা মহৰ্জনৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম জিত গোবিন্দ মহৰ্জন আৰু মাতৃৰ নাম ৰাধা দেৱী মহৰ্জন। তেওঁৰ তিনিগৰাকী ভগ্নী আৰু এজন ভাতৃ আছে। তেওঁ আৰ্ণিকো চেকেণ্ডাৰী বোৰ্ডিং স্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰি অমৃত ছায়েন্স কলেজত অধ্যয়ন কৰে। ইয়াৰ পিছত তেওঁ ত্ৰিভুৱন বিশ্ববিদ্যালয়ৰ পৰা জৈৱ ৰসায়নত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ দক্ষিণ কোৰিয়াৰ ছান মুন বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

সুশীলা মহৰ্জন নেপালৰ 'ৰিচাৰ্চ ইনষ্টিটিউট ফৰ বায়োছায়েন্স এণ্ড বায়োটেকন’লজী'ৰ গৱেষণা সঞ্চালক। তেওঁ ঔষধৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা মাটিৰ অণুজীৱৰ (soil microbes) ওপৰত গৱেষণা চলাইছে, য'ত নতুন এণ্টিবায়োটিক প্ৰস্তুত কৰাৰ সম্ভাৱনীয়তা অন্তৰ্ভুক্ত হৈ আছে। তেওঁৰ এই অনন্য কামৰ স্বীকৃতি স্বৰূপে ২০১৬ চনত তেওঁ উন্নয়নশীল দেশৰ ৫ গৰাকী যুৱ বিজ্ঞানীৰ ভিতৰত এগৰাকী হিচাপে 'এলছেভিয়াৰ ফাউণ্ডেশ্যন বঁটা' লাভ কৰে।১২

নেপাললৈ ঘূৰি আহি তেওঁ চিকিৎসা বিজ্ঞানত প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰৰ ওপৰত কাম আৰম্ভ কৰে। তেওঁ উচ্চ উচ্চতাৰ মাটিত থকা 'ষ্ট্ৰেপ্টোমাইচিছ'ৰ (streptomyces) ওপৰত গৱেষণা কৰি বৰ্তমানৰ ঔষধৰ প্ৰতি প্ৰতিৰোধ গঢ়ি তোলা ৰোগসমূহৰ বাবে নতুন এণ্টিবায়োটিক বিকশিত কৰাৰ কাম কৰিছে। তদুপৰি তেওঁ নেপালত বিজ্ঞান শিক্ষাৰ মান উন্নত কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক গৱেষণাগাৰত ব্যৱহাৰিক শিক্ষা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰি আহিছে।

২০১৮ চনৰ এপ্ৰিল মাহলৈকে মহৰ্জনে বষ্টনৰ ব্ৰিগাম এণ্ড উইমেনছ হাস্পতালত এগৰাকী পষ্ট-ডক্টৰেল গৱেষক হিচাপে 'অৰ্গেন-অন-এ-চিপ' (organ-on-a-chip) পদ্ধতি ব্যৱহাৰ কৰি ৰোগৰ ক্ষেত্ৰত লিংগ বৈষম্যৰ ওপৰত গৱেষণা কৰি আছিল।৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Schemm, Ylann. (10 February 2016). 5 biologists to receive Elsevier Foundation Awards for Women in Science at #AAASmtg. Elsevier
  2. ↑ Neppalli, Ramesh. (30 March 2017). Dr. Sushila Maharjan winner of "The Elsevier Foundation Award 2016". Biostandups
  3. ↑ Sushila Maharjan. Zhang Laboratory

সম্পৰ্কিত শ্ৰেণী

নেপালৰ ব্যক্তিজৈৱ ৰসায়নবিদমহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুশীলা মহৰ্জন” প্ৰবন্ধৰ সংশোধন ৬০২৭৪৮ (২৬ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।