সূৰ্য্য দাস এগৰাকী প্ৰখ্যাত অসমীয়া গায়ক তথা সংগীত শিল্পী। তেখেত ‘গণশিল্পী’ নামেৰেও জনাজাত হৈ পৰিছিল।১
জন্ম
১৯৪০ চনৰ ৩১ জুলাইত,শাওণ মাহৰ ১৫ তাৰিখে নগাঁৱৰ কামপুৰৰ তেতেলিসৰাত সূৰ্য দাসৰ জন্ম হয়। তেওঁৰ পিতৃ জীউৰাম দাস আৰু মাতৃ পোনেশ্বৰী দাস। সূৰ্য দাসৰ পিতৃ জীউৰাম দাস মূলতঃ এজন কৃষক আছিল। তেতেলীসৰা আদৰ্শ প্ৰাথমিক বিদ্যালয়ত সূৰ্য দাসৰ শিক্ষা জীৱনৰ আৰম্ভণি হৈছিল।২৩তেওঁ গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীও লাভ কৰে। তদুপৰি আকাশবাণী গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা স্বীকৃতিপ্ৰাপ্ত শিল্পী হিচাপেও প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ত বন বিভাগত চাকৰি কৰিছিল যদিও বিভিন্ন কাৰণত তেওঁ সেই চাকৰি বাদ দিয়ে।৪
সংগীত সাধনা
শিক্ষা গ্ৰহণৰ সমান্তৰালভাৱে সূৰ্য দাস আকৰ্ষিত হৈছিল সাংগীতিক ক্ষেত্ৰখনৰ প্ৰতি। সেয়েহে তেওঁ সংগীত সাধনাতো মনোনিৱেশ কৰিছিল। নগাঁৱৰ সুশীল বেনাৰ্জী, তাৰিকুদ্দিন আহমেদ, বিবেকানন্দ ভট্টাচাৰ্য আদি বৰেণ্য শিল্পীসকলৰ সান্নিধ্যত এইসকল লোকৰ ওচৰতে তেওঁ সংগীতৰ আদিপাঠ গ্ৰহণ কৰিছিল। ১৯৫৭ চনত লামডিঙৰ এখন সাংস্কৃতিক মঞ্চত সূৰ্য দাসৰ ড° ভূপেন হাজৰিকাক লগ পোৱাৰ সৌভাগ্য হৈছিল। কথাতে কোৱা হয় যে শিল্পীয়ে শিল্পী মোল খুব ভালদৰেই বুজি পায়। ড° ভূপেন হাজৰিকয়ো যেন বুজি পাইছিল সূৰ্য দাসক। ড° ভূপেন হাজৰিকায়ো সূৰ্য দাসৰ গীত শুনি আপ্লুত হৈ পৰিছিল আৰু সেই গীতৰ সভাতে কৈছিল- ‘মই বাপুক অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ৰাইজৰ মাজত লৈ ফুৰিম…’। পৰৱৰ্তী সময়ত সূৰ্য দাসক কলিকতালৈ লৈ গৈ তেওঁৰ কণ্ঠৰে চাৰিটা গীত বাণীবন্ধ কৰাইছিল। সেই কালজয়ী গীতকেইটা আছিল– ‘এই কলঙৰ পাৰে…, ‘চাপ্ৰা বহু দূৰ…’, ‘গুম গুম গাম গাম… আৰু ‘আই অ’ শিপিনী’। এয়াই আছিল গায়ক হিচাপে সূৰ্য দাসৰ জীৱনৰ প্ৰথমটো সাফল্য।৫৬
তেওঁ ‘আজিৰ মানুহ’, ‘নতুন দিগন্ত’, ‘ৰঙা সূৰ্য’, ‘পেলেষ্টাইন’, ‘মোৰ গান’, ‘নতুন সময়’, ‘আজিৰ সময়’ আদি শ্ৰব্য কেছটত কণ্ঠদান কৰিছিল। তদুপৰি "অবুজ বেদনা" নামৰ এখন অসমীয়া চলচ্চিত্ৰত তেওঁ কণ্ঠ নিগৰাইছিল। তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম- ‘তেজ অকণমান দিবা নেকি চিঞাহী বুলি'।৭
বঁটা আৰু সন্মান
২০১৯ চনত ‘কৰম সিং ট্ৰাষ্ট’ৰ পৰা সূৰ্য্য দাস আৰু হোমেন বৰগোহাঞিক ‘কৰম সিং জনমভূমি বঁটা’ প্ৰদান কৰা হয়।৮
মৃত্যু
২০২৪ চনৰ ২১ ডিচেম্বৰত মৰিগাঁও অসামৰিক চিকিৎসালয়ত সূৰ্য দাসৰ মৃত্যু হয়।৯
তথ্যসূত্ৰ
- ↑ Subham G. (2024-12-21). Veteran Assamese Singer Surya Das Passes Away at Morigaon Civil Hospital. News18 Assam. News18
- ↑ (2021-12-24). state/ganasilpi-surya-das-passes-away-in-morigaon-assam-news-ass24122101770 Ganasilpi Surya Das passes away in Morigaon, Assam. ETV Bharat
- ↑ NKTV Digital. (2024-12-21). কোনোদিনে উভতি নহাৰ বাটেৰে গ'লগৈ গণশিল্পী সূৰ্য দাস. NKTV
- ↑ দৈনন্দিন বাৰ্তা. (2024-12-24). স্তব্ধ হ'ল গীতৰ সভা, জনতাৰ শিল্পী সূৰ্য দাস নাহে আৰু মানুহৰ গান গাবলে. দৈনন্দিন বাৰ্তা
- ↑ দৈনন্দিন বাৰ্তা. (2024-12-24). স্তব্ধ হ'ল গীতৰ সভা, জনতাৰ শিল্পী সূৰ্য দাস নাহে আৰু মানুহৰ গান গাবলে. দৈনন্দিন বাৰ্তা
- ↑ Staff Reporter. (2024-12-22). '. Asomiya Pratidin''
- ↑ দৈনন্দিন বাৰ্তা. (2024-12-24). স্তব্ধ হ'ল গীতৰ সভা, জনতাৰ শিল্পী সূৰ্য দাস নাহে আৰু মানুহৰ গান গাবলে. দৈনন্দিন বাৰ্তা
- ↑ (9 February, 2019). কৰম সিং জনমভূমি বঁটা, ২০১৯
- ↑ Subham G. (1 April 2025). Veteran Assamese singer Surya Das passes away at Morigaon Civil Hospital. News18 Assam. Network18 Media and Investments Limited
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সূৰ্য্য দাস” প্ৰবন্ধৰ সংশোধন ৫২৩৫৩৮ (১২ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।