সুস্মিতা মুখাৰ্জী১ (ইংৰাজী ভাষা: Sushmita Mukherjee; জন্ম: ১১ নৱেম্বৰ ১৯৬৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাৰ কেৰিয়াৰ হিন্দী ভাষা চিনেমা, টেলিভিছন আৰু থিয়েটাৰত বিস্তৃত হৈ আছে। টেলিভিছন ধাৰাবাহিক গংগা আৰু গোলমাল: ফান আনলিমিটেড (২০০৬) ছবিত কৰা অভিনয়ৰ বাবে তেওঁ ব্যাপকভাৱে পৰিচিত হৈছিল। মুখাৰ্জীয়ে মঞ্চ আৰু পৰ্দা দুয়োটাতে উল্লেখযোগ্য অৱদান আগবঢ়াইছে।
তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ জিছাচ এণ্ড মেৰী কলেজত অধ্যয়ন কৰিছিল। তেওঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰী আৰু ১৯৮৩ চনত তাৰপৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। সুস্মিতাই প্ৰথমতে পৰিচালক সুধীৰ মিশ্ৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। বিবাহ বিচ্ছেদৰ পিছত তেওঁ অভিনেতা, প্ৰযোজক আৰু নাগৰিক কৰ্মী ৰাজা বুন্দেলৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ দুটি সন্তান আছে। তেওঁৰ ১১টা চুটি গল্পৰ সংকলন 'বাঞ্জ: ইনকমপ্লিট লাইভছ অফ কমপ্লিট উইমেন' ২০২১ চনৰ জানুৱাৰী মাহত মুক্তি পাইছিল।২ তেওঁ জেকী শ্ৰফৰ সৈতে খলনায়ক আৰু কিং আংকলৰ দৰে ছবিত অভিনয় কৰিছে; ইয়াৰে প্ৰথমখনত মাধুৰী দীক্ষিত আৰু সঞ্জয় দত্তই আৰু পিছৰখনত শ্বাহৰুখ খান আৰু পৰেশ ৰাৱালে অভিনয় কৰিছিল। বৰ্তমান তেওঁ ছনী টিভিত জগন্নাথ ঔৰ পূৰ্বী কী দোস্তী অনোখীত কুসুম মিশ্ৰৰ চৰিত্ৰত অভিনয় কৰি আছে। বৰ্তমান তেওঁ ষ্টাৰ ভাৰতৰ শ্ব’ মেৰী ছাছ ভূত হ্যায়ত কাজল চৌহান আৰু বিভৱ ৰয়ৰ বিপৰীতে ৰেখাৰ চৰিত্ৰত অভিনয় কৰি আছে।৩
তথ্যসূত্ৰ
- ↑ (2024-12-06). Sushmita Mukherjee: I didn’t realise the value of a role like Kitty back then. The Times of India
- ↑ (24 May 2021). If you are passionate about something, then things happen: Susmita Mukherjee on writing 'Baanjh' - Times of India. The Times of India
- ↑ (7 December 2022). Exclusive - Veteran actress Sushmita Mukherjee to be seen in a new dramedy - Times of India. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুস্মিতা মুখাৰ্জী” প্ৰবন্ধৰ সংশোধন ৫৯৮৪৭৪ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।