সুশীলা প্ৰভাকৰণ (Suseela Prabhakaran) হ'ল ভাৰতৰ ত্ৰিবেন্দ্ৰমৰ দিব্য প্ৰভা চকু চিকিৎসালয়ৰ এগৰাকী ভাৰতীয় চকুৰোগ বিশেষজ্ঞ তথা মুখ্য চকুৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞ।১ তেওঁ কেৰালা ৰাজ্য চৰকাৰৰ চিকিৎসা শিক্ষা বিভাগত চকু চিকিৎসা বিভাগৰ প্ৰবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰে।
কেৰালাৰ স্বাস্থ্যসেৱা সেৱাৰ উন্নতিৰ ক্ষেত্ৰত বিশেষকৈ চকু চিকিৎসাৰ ক্ষেত্ৰত তেওঁ সক্ৰিয়ভাৱে জড়িত আছিল। বিশ্ব স্বাস্থ্য সংস্থা আৰু ইনাৰহুইলৰ দৰে এন জি অ’ৰ জৰিয়তে তেওঁ চকুৰ যত্নৰ ক্ষেত্ৰত বৃহৎ অগ্ৰগতি আনিবলৈ সক্ষম হৈছিল।২
ত্ৰিবেন্দ্ৰমৰ চৰকাৰী চকু চিকিৎসালয়খনক আঞ্চলিক চকু চিকিৎসা প্ৰতিষ্ঠানলৈ উন্নীত কৰাত প্ৰভাকৰনে যথেষ্ট সহায় কৰিছিল। তেওঁ ৰাজ্য চৰকাৰৰ চকুৰোগ বিজ্ঞানৰ উপদেষ্টাও আছিল।৩
তেওঁ চৰকাৰী সেৱা এৰি দিৱ্য প্ৰভা চকু চিকিৎসালয় প্ৰতিষ্ঠা কৰে।৪
লাভ কৰা পুৰস্কাৰসমূহ
চকুৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে সুশীলা প্ৰভাকৰণক বহু বঁটা প্ৰদান কৰা হৈছে। এছ এছ এল চি পৰীক্ষাৰ বাবে ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰি কেৰাপেট গোল্ড পদক লাভ কৰিছিল। তেওঁ কেৰালা বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞানত স্নাতক, অস্ত্ৰোপচাৰ স্নাতক কাৰ্যসূচীত চূড়ান্ত বৰ্ষৰ বাবে স্বৰ্ণ পদক বিজয়ী হৈছিল। বিশ্ব স্বাস্থ্য সংস্থাই ১৯৮১ চনত প্ৰভাকৰণক চকুৰ মাইক্ৰ’চাৰ্জাৰীৰ ফেল’শ্বিপ বঁটা প্ৰদান কৰে। ইয়াৰ উপৰিও তেওঁ লায়ন্স ক্লাব ইণ্টাৰনেশ্যনেল পৰা নাইট অৱ দ্য ব্লাইণ্ড বঁটা, ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটিৰ প্লাটিনাম জুবিলি বঁটা আৰু নেথাজী স্মাৰক সমিতিৰ পৰাও সেৱনা ৰত্ন বঁটা লাভ কৰিছে।
বৈজ্ঞানিক অৱদান
প্ৰভাকৰণে বৈজ্ঞানিক আলোচনীত কেইবাটাও প্ৰবন্ধ লিখিছে আৰু ভাৰতীয় বিজ্ঞান সংক্ষিপ্তসাৰ গ্ৰন্থত উদ্ধৃতি লাভ কৰিছে।৫ বিশ্বৰ ৪.৫ কোটি অন্ধ লোকৰ ভিতৰত ১ কোটি ২০ লাখ লোক ভাৰতত বাস কৰে।৬ প্ৰভাকৰণে কেৰেলাত কৰ্ণিয়া গ্ৰাফ্ট অস্ত্ৰোপচাৰ আৰু ৰোগীৰ চকুৰ ছানি পৰা ৰোগ শুধৰোৱা বা উন্নত কৰা বহুতো পদ্ধতিৰে চকুৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিবলৈ সক্ষম হৈছে। তেওঁ চকু দানৰ বাবেও ওকালতি কৰে, যিটো কৰ্ণিয়া কলমৰ সমৰ্থকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয় হৈ আহিছে।
দিব্যা প্ৰভা চকু চিকিৎসালয়
কেৰালাৰ মানুহৰ দৃষ্টিশক্তিৰ মান উন্নত কৰাত সহায় কৰিবলৈ প্ৰভাকৰনে দিব্য প্ৰভা চকু চিকিৎসালয় প্ৰতিষ্ঠা কৰিছিল।৪ এই সুবিধাটো প্ৰথমে ক্লিনিক হিচাপে স্থাপন কৰিছিল ডাঃ এন প্ৰভাকৰনে, যিয়ে বিচাৰিছিল যে ইয়াত সুলভ মূল্যত ৰোগীৰ বাবে সৰ্বোত্তম যত্ন লোৱা হওক।৪ প্ৰথমতে, ইয়াত অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজনীয় সম্পদ নাছিল, সেয়েহে অস্ত্ৰোপচৰৰ প্ৰয়োজন হোৱা ৰোগীসকলক ওচৰৰ চিকিৎসালয়লৈ পঠাই দিয়া হৈছিল।৪
ক্লিনিক খোলাৰ এবছৰৰ পাছত ডাঃ এন প্ৰভাকৰনৰ মৃত্যু হয়, আৰু সুশীলা প্ৰভাকৰণে এই প্ৰকল্পৰ দায়িত্ব লয়। তেওঁ ইয়াক এখন সম্পূৰ্ণ চিকিৎসালয়লৈ ৰূপান্তৰিত কৰিছিল যিয়ে কেটাৰেক্ট আৰু গ্ল'ক'মাৰ অস্ত্ৰোপচাৰ, ভাৰতৰ চকুৰ দুটা মূল সমস্যাৰ বাবে সক্ষম হৈছিল।৪৬ অপাৰেচন থিয়েটাৰত চেপ্টিক প্ৰক্ৰিয়াৰ বাবে ডিজাইন কৰা পৃথক অঞ্চল আৰু বীজাণুমুক্ত বায়ু কৰিডৰ আছে।৪
প্ৰভাকাৰণে অস্ত্ৰোপচাৰৰ সামৰ্থ্য নথকা লোকৰো চিকিৎসা অব্যাহত ৰাখিছে।
তথ্যসূত্ৰ
- ↑ (6 March 2006). http://www.hindu.com/2006/03/06/stories/2006030602080200.htm
- ↑ Suseela Prabhakaran: Involvement With NGOs. www.museumstuff.com
- ↑ RIO Trivandrum Alumni Association. riotrivandrum.blogspot.com
- ↑ Trivandrum, Eye Care Hospitals n Trivandrum,Phaco Cataract Surgeries in Trivandrum,Micro Phaco Cataract in Trivandrum, Protocol for Phaco Foldable ( Keyhole ) Cataract Surgery in Trivandrum,Pre-op instructions in Trivandrum,Post Op recovery after Cataract Surgery in Trivandrum, Consent for cataract surgery-information for patients in Trivandrum,Multifocal IOL in Trivandrum,in Trivandrum, Contact Lenses in Trivandrum,Computerized Field Analyzers in Trivandrum,Computer Vision Syndrome in Trivandrum,Diabetic Eye Diseases in Trivandrum,Glaucoma in Trivandrum,Diabetic Eye Diseases in Trivandrum,Eye Anatomy in Trivandrum, Spectacles in. Welcome To Divya Prabha Eye Hospital - Kumarapuram,Trivandrum 695011,Kerala.. divyaprabha.in
- ↑ (23 March 1999). Indian Science Abstracts. Indian National Scientific Documentation Centre
- ↑ Verma; Khanna, Pardeep; Prinja, Shankar. (2011-01-31). The National Programme for Control of Blindness in India. The Australasian Medical Journal. পৃ. 1–3
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুশীলা প্ৰভাকৰণ” প্ৰবন্ধৰ সংশোধন ৪৮৫২৩৩ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।