সুশীলা কেৰকেট্টা (Sushila Kerketta,(২৭ এপ্ৰিল ১৯৩৯ – ১৯ অক্টোবৰ ২০০৯) ১৯৮৫ চনৰ পৰা ২০০০ চনলৈ বিহাৰ বিধান সভাৰ সদস্য আছিল৷ তেওঁ খুঁটিৰ পৰা লোকসভাক প্ৰতিনিধিত্ব কৰিছিল।
বিহাৰ চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদত তেওঁ অধিষ্ঠিত আছিল। ১৯৮৫ চনৰ পৰা ১৯৮৮ চনলৈকে জলসিঞ্চনৰ ৰাজ্যিক মন্ত্ৰী (স্বাধীন দায়িত্ব)ৰ দায়িত্বত আছিল।১ ১৯৮৯ চনত কেবিনেট ৰেংকলৈ পদোন্নতি লাভ কৰি তেওঁ খনি, ভূতত্ত্ব আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মুৰব্বী আছিল।
তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আছিল। খুঁটিৰ বিৰছা মহাবিদ্যালয়তো প্ৰবক্তা হিচাপে কৰ্মৰত হৈ পিছলৈ শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ পদত অধিষ্ঠিত হয়।২
প্ৰাথমিক জীৱন আৰু শিক্ষা
১৯৩৯ চনৰ ২৭ এপ্ৰিলত বিহাৰৰ ৰাঞ্চিত প্ৰভুদয়াল মাৰ্কি আৰু মাইনী মাৰ্কিৰ ঘৰত সুশীলা কেৰকেট্টাৰ জন্ম হৈছিল। ৰাঁচীৰ ছেইণ্ট জেভিয়াৰ কলেজৰ পৰা তেওঁ শিক্ষাত স্নাতক আৰু দৰ্শনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
পিছলৈ ১৯৭০ চনৰ ২৮ ডিচেম্বৰত শ্ৰী নট্ৰট কেৰকেটাৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ তেওঁলোকৰ ৰোশন, প্ৰৱীণ, নবীন, সন্ধ্যা আৰু আশা নামৰ তিনিজন পুত্ৰ আৰু দুগৰাকী কন্যা সন্তান জন্ম দিয়ে।১
ব্যক্তিগত জীৱন
কেৰকেট্টা এগৰাকী সমাজকৰ্মী আৰু শিক্ষক আছিল৷ তেওঁ নিয়মিতভাৱে স্থানীয় গাঁওসমূহ ভ্ৰমণ কৰিছিল আৰু স্থানীয় হাতৰ তাঁতশালৰ দৰে উদ্যোগসমূহক প্ৰচাৰ কৰিছিল। তেওঁৰ ক্ৰীড়াৰ আগ্ৰহৰ ভিতৰত আছিল ধনুৰ্বিদ্যা, ফুটবল আৰু হকী। তেওঁ ঝাৰখণ্ড মহিলা হকী সন্থা, মহিলা হকী সন্থা, সৰুনাগপুৰ আৰু বিহাৰ মহিলা হকী সন্থাৰ নেতৃত্ব দিছিল।১
ব্যক্তিগত জীৱন
১৯৭০ চনৰ ২৮ ডিচেম্বৰত নট্ৰট কেৰকেট্টাৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয় আৰু পিছলৈ তেওঁৰ তিনিজন পুত্ৰ আৰু দুগৰাকী কন্যা সন্তান জন্ম হয়।
২০০৯ চনৰ ১৯ ডিচেম্বৰত ৰাঁচীত হৃদযন্ত্ৰ বিকল হোৱাৰ ফলত কেৰকেট্টাৰ মৃত্যু হয়। তেওঁৰ বয়স আছিল ৭০ বছৰ৷[2]২
তথ্যসূত্ৰ
- ↑ Members: Lok Sabha. 164.100.47.194
- ↑ The Telegraph – Calcutta (Kolkata) · Jharkhand · Sushila Kerketta passes away. www.telegraphindia.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুশীলা কেৰকেট্টা” প্ৰবন্ধৰ সংশোধন ৪৭৬০৩২ (১২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।