অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সোণাল চৌহান

সোণাল চৌহান (ইংৰাজী: Sonal Chauhan; জন্ম: ১৬ মে' ১৯৮৫/১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ মূলতঃ তেলুগু আৰু হিন্দী চলচ্চিত্ৰত কাম কৰে। ২০০৫ চনত তেওঁ ফেমিনা মিছ ইণ্ডিয়া আৰু মিছ ৱৰ্ল্ড টুৰিজিম খিতাপ অৰ্জন কৰিছিল।

হালনাগাদ: ৩ এপ্ৰিল ২০২৬ ১৮১ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

সোণাল চৌহান (ইংৰাজী ভাষা: Sonal Chauhan; জন্ম: ১৬ মে' ১৯৮৫/১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ মূলতঃ তেলুগু আৰু হিন্দী চলচ্চিত্ৰত কাম কৰে।১ ২০০৫ চনত তেওঁ ফেমিনা মিছ ইণ্ডিয়া আৰু মিছ ৱৰ্ল্ড টুৰিজিম খিতাপ অৰ্জন কৰিছিল।

২০০৮ চনত হিন্দী ছবি জন্নত-ৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলে২ আৰু তেলুগু ছবিত তেওঁৰ অভিষেক ঘটে একে বছৰতে মুক্তি পোৱা ৰেইনবো ছবিৰ জৰিয়তে। চৌহানে ২০১০ চনত চেলুভিয়ে নিনে নোডালু-ৰ জৰিয়তে কানাড়া ছবিত আৰু ২০১৫ চনত ইঞ্জি ইডুপ্পাঝাগি-ৰ জৰিয়তে তামিল ছবিত অভিনয় আৰম্ভ কৰে। তেওঁ লেজেণ্ড (২০১৪), পণ্ডগা চেস্কো (২০১৫), চাইজ জিৰো (২০১৫) আৰু ডিক্টেটৰ (২০১৬) আদি সফল ছবিৰ অংশ হৈ আহিছে।

প্ৰাৰম্ভিক জীৱন

চৌহানৰ জন্ম এটা ৰাজপুত পৰিয়ালত হৈছিল।৩ তেওঁ নয়ডাত দিল্লী পাব্লিক স্কুলত অধ্যয়ন কৰিছিল।৪ তাৰ পিছত তেওঁ নতুন দিল্লীৰ গাৰ্গী কলেজৰপৰা দৰ্শন বিষয়ত সন্মানীয় স্নাতক ডিগ্ৰী লাভ কৰে।৫

কৰ্মজীৱন

মডেলিং কেৰিয়াৰ

মালয়েছিয়াৰ চাৰাৱাক ৰাজ্যৰ মিৰিত অনুষ্ঠিত মিছ ৱৰ্ল্ড টুৰিজিম ২০০৫ খিতাপ তেওঁ লাভ কৰিছিল।৬ তেওঁ হৈছে মিছ ৱৰ্ল্ড টুৰিজিম খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয়।৭ তেওঁ 'এফ এইচ এম' (FHM) আলোচনীৰ বেটুপাততো স্থান লাভ কৰিছিল।৮

অভিনয় জীৱন

''৩জি'' ছবিৰ দৃশ্যগ্ৰহণৰ সময়ত চৌহান
৩জি ছবিৰ দৃশ্যগ্ৰহণৰ সময়ত চৌহানছবি: Bollywood Hungama · CC BY 3.0

তেওঁ প্ৰথমবাৰৰ বাবে পৰ্দাত দেখা দিছিল হিমেশ ৰেশমিয়াৰ এলবাম আপ কা সুৰুৰ-ত। ছবি জগতত তেওঁ ইমৰান হাছমীৰ বিপৰীতে আত্মপ্ৰকাশ কৰিছিল।৯

তথ্যসূত্ৰ

  1. ↑ Sonal Chauhan to do an Urmila in Balayya's next. The Times of India
  2. ↑ Jha, Sumit. Doing intimate scenes with Emraan is easier: Sonal Chauhan. The Times of India
  3. ↑ (21 August 2014). When Sonal Chauhan felt like Rajput princess. Zee News
  4. ↑ (3 June 2008). Sonal Chauhan interview. Telugu Cinema
  5. ↑ (11 October 2009). Sonal Chauhan interview. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  6. ↑ Dias, Raul. (26 July 2005). She's all that!. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  7. ↑ Dias, Raul. (27 July 2005). Indian girl is Miss World Tourism. The Times of India
  8. ↑ (16 May 2019). Sonal Chauhan birthday: Brace yourself, the Jannat actress might steal your heart with her super stylish snaps. Time Now
  9. ↑ (30 April 2008). Jannat- Sonal Chauhan's ticket to Bollywood. indiaprwire.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীভাৰতীয় মডেলসৌন্দৰ্য প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোণাল চৌহান” প্ৰবন্ধৰ সংশোধন ৫৯৯৮২২ (৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।