সোণালী দেৱ (Sonali Dev; জন্ম: ১৯৭২) এগৰাকী সমকালীন ভাৰতীয় আমেৰিকান ৰোমাণ্টিক ঔপন্যাসিক। তেওঁক আ বলিউড এফেয়াৰ কিতাপখনৰ বাবে জনা যায়।
সংক্ষিপ্ত জীৱনী
১৯৭২ চনৰ আগে-পিছে সোণালী দেৱৰ জন্ম হৈছিল। মুম্বাইৰ কঙ্কনত তেওঁ জীৱনৰ প্ৰথম কালছোৱা পাৰ কৰিছিল। মনোজ থত্তেৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পাছত, প্ৰায় ২০০৬ চনত দেৱ আমেৰিকালৈ গুচি যায় আৰু ভাৰতীয় পৰম্পৰাগত বিবাহ-পদ্ধতিক লৈ পৰম সন্তোষ প্ৰকাশ কৰে।১২
কৰ্মজীৱন
মুম্বাইত থাকোঁতে দেৱে কিছু বলিউডী স্ক্ৰিপ্ট লিখাৰ কাম কৰিছিল; কিন্তু এইবোৰ চলচ্চিত্ৰ নিৰ্মাণৰ পৰ্যায় নাপালেগৈ। কেথৰিন কল্টৰৰ কিতাপসমূহ পঢ়ি বলিউডী চিনেমাৰ সৈতে তেওঁ এইবোৰৰ সাদৃশ্য অনুভৱ কৰে; কেথৰিনে তেওঁক প্ৰভাৱিত কৰে আৰু ২০১০ চনৰপৰা সোণালীয়ে ৰোমাণ্টিক ধাৰাৰ উপন্যাস লিখিবলৈ আৰম্ভ কৰে। .১
কিতাপ প্ৰকাশৰ বাবে গৈ সোণালী দেৱৰ প্ৰকাশন গোষ্ঠী সমূহে দেখুওৱা জাতিগত বৈষম্যৰ অভিজ্ঞতা হ'ল; কাৰণ তেওঁৰ কাহিনীৰ প্ৰটাগনিষ্টজন আছিল ভাৰতীয় মূলৰ আৰু তেওঁ ৰোমাণ্টিক ভাৱ-বিলাসিতাৰে এই বৈচিত্ৰ্য়ময় চৰিত্ৰবোৰ অঙ্কন কৰিছিল।৩৪
দেৱৰ প্ৰথমখন উপন্যাস আ বলিউড এফেয়াৰ ২০১৪ চনত প্ৰকাশ হয়। কিতাপখন কেন্সিংটন প্ৰকাশনে প্ৰকাশ কৰে আৰু ই ‘আমেৰিকান ৰোমাণ্টিক লেখক’ৰ দ্বাৰা ‘ৰিটা এৱাৰ্ড’ৰ বাবে মনোনীত হয়।৩১
২০১৮ চনত, দেৱে আমেৰিকাৰ ৰোমাণ্টিক লেখকসকলৰ সন্মিলনত গ্ৰন্থাগাৰ দিৱসৰ মূল বক্তব্য প্ৰদান কৰে।৫৬
২০১৯ চনলৈ সোণালী দেৱ নেপাৰভিল ইলিনইছত আছিল১ আৰু এই চহৰখনে আয়োজন কৰা বিভিন্ন স্থানীয় কাৰ্য্যক্ৰমত ভাগ লৈছিল।৭১
বিষয়
জনপ্ৰিয় বলিউডী শৈলীত গুৰুত্ব আৰোপ কৰি লিখা সোণালী দেৱৰ কাহিনীসমূহত ভাৰতীয় আৰু আমেৰিকান -এই দুয়ো সংস্কৃতিৰ সংমিশ্ৰণ ঘটিছে।৮তেওঁৰ কাহিনীৰ চৰিত্ৰসমূহ বিভিন্ন পটভূমিৰপৰা অহা, যি অৱশেষত সম্পদৰ নৰকবাসত আৱদ্ধ হৈছে।৯১০কিছুমান চৰিত্ৰই জাতি, সংস্কৃতি আৰু লিংগ বৈষম্যক প্ৰতিফলিত কৰিছে।৯
তেওঁৰ প্ৰথম উপন্যাসখনত সোণালী দেৱে বাল্য বিবাহৰ ওপৰত দৃষ্টিপাত কৰিছে।১১২দেৱে স্পষ্টকৈ কৈছে যে, তেওঁৰ বিচাৰত বাল্য-বিবাহ আৰু পৰম্পৰাগত বিবাহৰ মাজত পাৰ্থক্য আছে।২
দেৱৰ উপন্যাসত চিত্ৰিত হোৱা পাত্ৰ সমূহে প্ৰায়ে পৰিয়াল আৰু পৰম্পৰাৰ বাধা-নিষধবোৰৰ সৈতে মোকাবিলা কৰে, ইয়াৰ সমান্তৰালকৈ উপন্যাসমূহত প্ৰতিপত্তিশীল আৰু মানসিক ৰোগী এজনৰ প্ৰতি সমাজ এখনৰ প্ৰতিক্ৰিয়াও ব্যক্ত হৈছে।১২
দেৱৰ উপন্যাস প্ৰাইড, প্ৰিজুডিজ এণ্ড আডাৰ ফ্লেভাৰচ্ সামান্য বলিউডী বিষয় আৰু জেন অষ্টিনৰ ক্লাছিক উপন্যাস ‘প্ৰাইড এণ্ড প্ৰিজুডিজ’ৰ সমাহাৰ।১৩৯
নিৰ্বাচিত কাম
| + | শীৰ্ষক | শৃংখলা | প্ৰকাশৰ বৰ্ষ | ISBN/ASIN |
| স্ক্ৰিবলিং ৱুইমেন এণ্ড দ্যা ৰিয়েল-লাইফ ৰোমাঞ্চ হিৰ'জ হু ল'ভ ডেম | ২০১৪ | B00HPQN55O | ||
| আ বলিউড এফেয়াৰ | বলিউড #১ | ২০১৪ | ৯৭৮১৬১৭৭৩০১৩৯ | |
| দ্যা বলীউড ব্ৰাইড | বলিউড #২ | ২০১৫ | ৯৭৮১৬১৭৭৩০১৫৩ | |
| আ চেঞ্জ অৱ হাৰ্ট | বলিউড #৩ | ২০১৬ | ৯৭৮১৪৯৬৭০৫৭৪৭ | |
| আ ডিচেণ্ট হাৰ্ট | বলিউড #৪ | ২০১৭ | ৯৭৮১৪৯৬৭০৫৭৬১ | |
| প্ৰাইড, প্ৰিজুডিজ এণ্ড আডাৰ ফ্লেভাৰচ্ | দ্যা ৰাজেশ #১ | ২০১৯ | ৯৭৮০০৬২৮৩৯০৫৩ | |
| ওৱানচ্ আপঅন আ ৱেডিং | মৰ্ণিং গ্ল'ৰি #৪.৫ | ২০১৯ | ৯৭৮১৯৪৪০৪৮০৯৯ | |
| ৰেচিপি ফ'ৰ পাৰ্চুৱেচন | দ্যা ৰাজেশ #২ | ২০২০ | ৯৭৮০০৬২৮৩৯০৭৭৯ |
স্বীকৃতি
- আ বলিউড এফেয়াৰ - ২০১৫ পঠন তালিকাভুক্ত (ৰেফাৰেঞ্চ এণ্ড ইউজাৰ চাৰ্ভিচেজ এচ'ছিয়েচন)১৪
তথ্যসূত্ৰ
- ↑ Levitt, Aimee. (September 22, 2016). Sonali Dev's Bollywood happily ever afters. Chicago Reader
- ↑ Shima, Nisha. (May 30, 2019). Nisha Sharma & Sonali Dev On Writing Arranged Marriages In Romance Novels With Respect & Honesty. Bustle
- ↑ O'Brien, Kelley. (February 20, 2019). Here's Why We Need More Inclusivity In Romance Novels. Women.com
- ↑ Rosman, Katherine. (October 10, 2017). In Love With Romance Novels, but Not Their Lack of Diversity. The New York Times
- ↑ (July 27, 2018). RWA Librarian's Day Keynote Speech by Sonali Dev. RA for All
- ↑ Romance Writers of America. RWA 2018 Librarians Day Keynote from Sonali Dev. SoundCloud
- ↑ Mullins, Michelle. (September 19, 2019). This Week in Naperville. Chicago Tribune
- ↑ Hartz, Taylor. (October 29, 2019). Naperville library event Saturday lets would-be writers talk to and learn from local published authors. Chicago Tribune
- ↑ Nesa, Kamrun. (May 11, 2019). 'Pride, Prejudice, And Other Flavors' Is More Than Just Reheated Austen. NPR
- ↑ Altar, Alexandra. (July 7, 2018). The Changing Face of Romance Novels. The New York Times
- ↑ Nesa, Kamrun. (March 11, 2019). Misconceptions about arranged marriage abound. Romance authors are here to help.. The Washington Post
- ↑ MacLean, Sarah. (November 20, 2015). Love Blooms in Many Forms. The Washington Post
- ↑ Ramsdell, Kristin. (April 1, 2019). Romance. Library Journal. পৃ. 69–70
- ↑ Speace, Gillian. (2015). The Reading List 2015. Reference & User Services Quarterly. পৃ. 63–65
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোণালী দেৱ” প্ৰবন্ধৰ সংশোধন ৬২৪১৮১ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।