অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুৰভি চান্দনা

সুৰভি চান্দনা (ইংৰাজী: Surbhi Chandna; জন্ম: ১১ ছেপ্টেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী টেলিভিছনত কাম কৰে। ‘ইশ্কবাজ’ত অনিকা ত্ৰিবেদী সিং অবেৰয় আৰু ‘নাগিন ৫’ত বাণী শৰ্মা সিংহানিয়াৰ চৰিত্ৰ ৰূপায়ণৰ বাবে চান্দনা ব্যাপকভাৱে পৰিচিত।

হালনাগাদ: ৩ এপ্ৰিল ২০২৬ ২৩৯ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

সুৰভি চান্দনা (ইংৰাজী ভাষা: Surbhi Chandna; জন্ম: ১১ ছেপ্টেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী টেলিভিছনত কাম কৰে। ‘ইশ্কবাজ’ত অনিকা ত্ৰিবেদী সিং অবেৰয় আৰু ‘নাগিন ৫’ত বাণী শৰ্মা সিংহানিয়াৰ চৰিত্ৰ ৰূপায়ণৰ বাবে চান্দনা ব্যাপকভাৱে পৰিচিত। এই দুয়োটা অভিনয়েই তেওঁক দুবাৰকৈ জনপ্ৰিয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ আই টি এ (ITA) বঁটা প্ৰদান কৰিছে।

চান্দনাই ২০০৯ চনত ‘তাৰাক মেহতা কা উল্টা চসমা’ত চুইটীৰ চৰিত্ৰত এক বিশেষ উপস্থিতিৰে (cameo) অভিনয় জীৱনৰ পাতনি মেলে। তেওঁ ‘কবুল হ্যায়’ত হায়া কুৰেছী হিচাপে প্ৰথমটো গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ উপৰি তেওঁ ‘সঞ্জীৱনী’ত ডা° ঈশানী আৰোৰা আৰু ‘শেৰদিল শেৰগিল’ত মনমিত শেৰগিলৰ চৰিত্ৰত অভিনয়ৰ বাবে পৰিচিত।১ ২০২৪ চনত চান্দনাই আমাজন মিনি টিভিৰ ‘ৰক্ষক - ইণ্ডিয়াছ ব্ৰেভছ’ৰ জৰিয়তে ৱেব শ্ব’ জগতলৈও প্ৰসাৰিত হয়।

প্ৰাৰম্ভিক জীৱন

সুৰভি চান্দনাৰ জন্ম ১৯৮৯ চনৰ ১১ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ মুম্বাইত হৈছিল।

ব্যক্তিগত জীৱন

চান্দনা আৰু উদ্যোগী কৰণ শৰ্মা ২০১০ চনৰেপৰা প্ৰেমৰ সম্পৰ্কত আছিল।২৩ ১৩ বছৰ ধৰি ডেটিং কৰাৰ পাছত, ২০২৪ চনৰ ২ মাৰ্চত জয়পুৰত এক পৰম্পৰাগত হিন্দু বিবাহ অনুষ্ঠানৰ জৰিয়তে তেওঁলোক বিবাহপাশত আবদ্ধ হয়।৪৫

সংবাদ মাধ্যমত

২০১৯ চনত চান্দনা
২০১৯ চনত চান্দনাছবি: Bollywood Hungama · CC BY 3.0

টাইমছ অৱ ইণ্ডিয়াৰ ‘টেলিভিছনৰ আটাইতকৈ আকৰ্ষণীয় মহিলা’ৰ তালিকাত তেওঁ ২০১৮ চনত দ্বাদশ আৰু ২০২০ চনত চতুৰ্থ স্থান লাভ কৰিছিল।৬৭ যুক্তৰাজ্য ভিত্তিক সংবাদ পত্ৰ ইষ্টাৰ্ণ আইৰ ‘৫০ গৰাকী যৌন আবেদনময়ী এছীয় মহিলা’ৰ তালিকাত তেওঁ ২০১৮ চনত ১৬ নম্বৰ আৰু ২০১৯ চনত ৫ম স্থানত আছিল।৮৯ ২০২০ চনৰ ‘শীৰ্ষ ৫০ গৰাকী এছীয় চেলিব্ৰিটি’ৰ তালিকাত তেওঁ নৱম স্থান লাভ কৰিছিল। এই সন্দৰ্ভত মঞ্জু চন্দ্ৰনে উল্লেখ কৰিছিল যে, "২০২০ চনত টেলিভিছনৰ গুৰুত্ব বহুখিনি বৃদ্ধি পালে আৰু সৰু পৰ্দাৰ ৰাণী সুৰভিয়ে আধিপত্য বিস্তাৰ কৰিলে। এইগৰাকী প্ৰতিভাশালী অভিনেত্ৰীয়ে বিশ্বজুৰি সকলো প্ৰজন্মৰ দৰ্শকৰ সৈতে এনেদৰে সংযোগ স্থাপন কৰিলে যিটো আন কোনো এছীয় ব্যক্তিয়ে কৰা নাই।" ১০

তথ্যসূত্ৰ

  1. ↑ (23 September 2022). Exclusive - Surbhi Chandna on Sherdil Shergill: The biggest apprehension for me was playing a mother on-screen, but my character Manmeet's story changed things. The Times of India
  2. ↑ Ishaqbaaz actor Surbhi Chandna shares cutest wedding announcement with boyfriend Karan Sharma. Hindustan Times
  3. ↑ (26 February 2024). Soon-to-be married Surbhi Chandna and Karan Sharma step out for their last date before their wedding. The Times of India
  4. ↑ (2 March 2024). Bride-to-be Surbhi Chandna radiates elegance in golden sharara at her 'Chooda Ceremony'. The Times of India
  5. ↑ Surbhi Chandna marries longtime boyfriend Karan Sharma in Jaipur; see pics. India Today
  6. ↑ (16 May 2019). Meet The TV's 20 Most Desirable Actresses of 2018. Times of India
  7. ↑ (12 June 2021). Meet The Times 20 Most Desirable Women on Television 2020. The Times of India
  8. ↑ (6 December 2018). 50 Sexiest Asian Women: Deepika tops the list, Priyanka is in second position. The Indian Express
  9. ↑ Alia Bhatt named Sexiest Asian Female of 2019; Deepika leads the decade chart. The Economics Times
  10. ↑ (12 December 2020). Top 50 Asian celebrities of 2020: A countdown of Global stars who broke boundaries, did great work and made a positive impact!. Eastern Eye

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুৰভি চান্দনা” প্ৰবন্ধৰ সংশোধন ৫৯৯৮১৯ (৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।