সুশীলা অনিতা বনাৰ্জী (Susila Anita Bonnerjee; মৃত্যুː ২৫ ছেপ্টেম্বৰ ১৯২০) এগৰাকী চিকিৎসক, শিক্ষাবিদ আৰু ভোটাধিকাৰৰ হকে মাত মতা ব্যক্তি, যিয়ে ১৮০০ দশকৰ শেষৰ ফালে ইংলেণ্ড আৰু ভাৰতত মহিলাৰ শিক্ষা আৰু স্বাস্থ্যৰ পোষকতা কৰিছিল।১
জীৱন আৰু শিক্ষা
বনাৰ্জীৰ জন্ম হৈছিল ৱমেশ চন্দ্ৰ বনাৰ্জী (ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম সভাপতি) আৰু হেমাংগিনী মটিলালৰ ঘৰত। তেওঁৰ চাৰিগৰাকী ভগ্নী আৰু দুজন ভাতৃ আছিল। ইংলেণ্ডৰ ক্ৰয়ডনত তেওঁ শিক্ষা লাভ কৰিছিল, য’ত তেওঁৰ পিতৃ-মাতৃৰ এটা ঘৰ আছিল। তেওঁলোকে কলকাতাত থকা পূৰ্বপুৰুষৰ ঘৰলৈও সঘনাই যাত্ৰা কৰিছিল।১ ১৯২০ চনত পাকিস্তানৰ লাহোৰত (তেতিয়াৰ ব্ৰিটিছ ভাৰতৰ অংশ) তেওঁৰ মৃত্যু হয়।১
শিক্ষা আৰু কেৰিয়াৰ
বনাৰ্জীয়ে ক্ৰয়ডেন হাইস্কুল ফৰ গাৰ্লছত শিক্ষা গ্ৰহণ কৰিছিল আৰু পিছলৈ কেম্ব্ৰিজৰ নিউনহাম কলেজত পঢ়িছিল আৰু তাৰ পৰাই তেওঁ প্ৰাকৃতিক বিজ্ঞান অধ্যয়ন কৰিছিল।২ লণ্ডন স্কুল অৱ মেডিচিন ফৰ উইমেনত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰে আৰু ১৮৯৯ চনত এম বি ডিগ্ৰী লাভ কৰে।২বনাৰ্জী আছিল ভাৰতীয় মহিলাৰ এটা সৰু গোটৰ ভিতৰত এজন (ৰুখমাবাই, এলিছ সোৰবজী, আৰু মেৰবাই বকিলকে ধৰি)।২ ১৮০০ চনত ইংলেণ্ডত চিকিৎসা বিজ্ঞানৰ প্ৰশিক্ষণ লয়, পিছলৈ ভাৰতলৈ উভতি আহি মহিলাৰ বাবে চিকিৎসা বৃত্তি প্ৰতিষ্ঠা কৰাত সহায় কৰে আৰু মহিলা শিক্ষাৰ বাবে শিক্ষানুষ্ঠান মুকলি কৰে।৩
বনাৰ্জীয়ে প্ৰথমে ৰয়েল ফ্ৰী হস্পিতালত চিকিৎসা বিজ্ঞানৰ চৰ্চা কৰিছিল। পিছলৈ তেওঁ ভাৰতৰ কলকাতাত থকা পাৰিবাৰিক ঘৰলৈ আৰু দিল্লীত কেম্ব্ৰিজ মিছন হাস্পতাললৈ গুচি যায়।১ তেওঁৰ ভগ্নী জানকীয়ে তেওঁৰ স্মৃতিগ্ৰন্থত লিপিবদ্ধ কৰিছে যে প্লেগ মহামাৰীৰ সময়ত তেওঁৰ মিছন ষ্টেচনত বনাৰ্জী একমাত্ৰ উপলব্ধ চিকিৎসক আছিল আৰু এই সময়ত ৰোগীৰ চিকিৎসাৰ টানটোৱে তেওঁৰ নিজৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাইছিল।২ নিজাকৈ প্ৰেকটিছ প্ৰতিষ্ঠা কৰাৰ ইচ্ছাক লৈ পৰিয়ালৰ আপত্তিৰ সন্মুখীন হৈ ১৯০৬ চনত কেম্ব্ৰিজলৈ উভতি যায় যদিও তাতো স্বতন্ত্ৰ প্ৰেকটিছ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা নাছিল, সঘনাই বৰ্ণবাদ আৰু হাৰাশাস্তিৰ কাণ্ডৰ সন্মুখীন হৈছিল যিবোৰ তেওঁৰ ভগ্নী জানকীয়ে পাৰিবাৰিক ইতিহাসত লিপিবদ্ধ কৰিছিল।৪পিছলৈ বনাৰ্জীয়ে নিউনহাম কলেজৰ বালফ'ৰ লেবৰেটৰীত যোগদান কৰে আৰু গিৰ্টন আৰু নিউনহাম কলেজৰ ছাত্ৰ-ছাত্ৰীক গৱেষণা আৰু শৰীৰবিজ্ঞানৰ শিক্ষা দিয়ে।১
১৯১১ চনত বনাৰ্জীয়ে ইণ্ডিয়ান উইমেন’ছ এডুকেচন এছ’চিয়েচন নামৰ এটা ব্যক্তিগত সংস্থাৰ সভানেত্ৰী নিৰ্বাচিত হয়, আৰু ইংলেণ্ডত ভাৰতীয় মহিলাসকলক শিক্ষা প্ৰদান কৰাত সহায় কৰিবলৈ ধন সংগ্ৰহৰ কাম কৰে। ইংলেণ্ডৰ ভোটাধিকাৰবাদী আন্দোলনতো তেওঁ সক্ৰিয় আছিল আৰু ১৯১৩ চনত ইংলেণ্ডৰ ইলিঙৰ চাৰ্চ লীগ ফৰ উইমেনছ ভোটাধিকাৰৰ শাখা সভানেত্ৰী হৈছিল। .৫ প্ৰথম বিশ্বযুদ্ধৰ সময়ত তেওঁক ব্ৰিষ্টলৰ এখন চিকিৎসালয়ত হোম চাৰ্জন হিচাপে অস্থায়ী পদ দিয়া হৈছিল।২১৯২০ চনত মৃত্যুৰ আগলৈকে তেওঁ ভাৰত আৰু ইংলেণ্ডৰ মাজত চিকিৎসা বিজ্ঞানৰ পাঠদান আৰু মহিলাৰ শিক্ষাৰ বাবে ধন সংগ্ৰহৰ বাবে ভ্ৰমণ কৰি থাকিল।১
তথ্যসূত্ৰ
- ↑ Susila Anita Bonnerjee. Making Britain: Croyden
- ↑ Newly-discovered photograph highlights the role of Indian suffragists – Newnham's Dr Susila Bonnerjee (NC 1891) – Newnham College. www.newn.cam.ac.uk
- ↑ Burton, Antoinette; Sinha, Mrinalini; Bayly, C. A. (2011-05-03). Empire in Question: Reading, Writing, and Teaching British Imperialism. Duke University Press. পৃ. 170. ISBN 978-0-8223-4902-0
- ↑ Majumdar, Janaki Agnes Penelope. (2003). Family History. Oxford University Press. ISBN 978-0-19-566360-0
- ↑ Science, London School of Economics and Political. Unearthed photograph highlights important role of Indian suffragettes. London School of Economics and Political Science
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুশীলা অনিতা বনাৰ্জী” প্ৰবন্ধৰ সংশোধন ৫৩৪৫৫৩ (২৩ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।