সুৰেনী সেনাৰথ (১৭ জুন ১৯৫৯ – ২৬ মে' ২০২১) আছিল শ্ৰীলংকাৰ চলচ্চিত্ৰ, থিয়েটাৰ আৰু টেলিভিছনৰ এগৰাকী অভিনেত্ৰী।১
পাৰিবাৰিক পটভূমি
১৯৫৯ চনৰ ১৭ জুনত শ্ৰীলংকাৰ কলম্বোত পৰিয়ালটোৰ জ্যেষ্ঠ সন্তান হিচাপে তেওঁৰ জন্ম হৈছিল। তেওঁ কালুতাৰা বালিকা ৰাষ্ট্ৰীয় বিদ্যালয় আৰু কলম্বোৰ ৰোজমিড বালিকা বিদ্যালয়ৰপৰা শিক্ষা সম্পূৰ্ণ কৰিছিল।২ তেওঁ আজীৱন অবিবাহিত আছিল।৩
তেওঁৰ পিতৃ পিয়াৰত্নে সেনাৰথ এজন চলচ্চিত্ৰ অভিনেতা আছিল। তেওঁৰ মাতৃ ইৰাংগানী আছিল এগৰাকী চলচ্চিত্ৰ প্ৰযোজক। সুৰেনীৰ এগৰাকী ভগ্নী গায়নী আৰু দুজন ভাতৃ হৰ্ষ আৰু প্ৰভাত আছিল; তেওঁলোক সকলোৱেই চলচ্চিত্ৰৰ কাম-কাজৰ সৈতে জড়িত। পিয়াৰত্নেৰ জন্ম হৈছিল ১৯২৫ চনত আৰু পিছলৈ তেওঁ অনুপ্ৰৱেশ আৰু প্ৰব্ৰজন বিভাগত কাম কৰিছিল। অভিনেতা হিচাপে পিয়াৰত্নেই ভেদিবিমা, ৰুহুণু কুমাৰী, দেহাদাকা দুকা, পিকপকেট, কেচৰা সিংহয়ো, আদা মেহেমায়ি আৰু চিৰিল মল্লী আদি ছবিত অভিনয় কৰিছিল। ২০০১ চনত তেওঁৰ মৃত্যু হয়। পিয়াৰত্নেৰ ভায়েক নৱৰত্নে সেনাৰথ শ্ৰীলংকাৰ সীমাৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান হৈ থকা সময়ত সাৰসাৱিয়া বঁটা বিচাৰকমণ্ডলীৰ সদস্য আছিল।৪
কেৰিয়াৰ
১৯৭৫ চনত মাতৃৰদ্বাৰা প্ৰযোজিত আৰু দয়ানন্দ জয়ৱৰ্ধনেৰ পৰিচালনাত মুক্তি পোৱা অমৰনীয় আদৰে ছবিৰ জৰিয়তে সুৰেনীয়ে চলচ্চিত্ৰ অভিনয়ত অভিষেক ঘটায়।৫ তেওঁ ১৯৮৬ চনৰ ছবি মল ৱাৰুচাৰ প্ৰযোজক আছিল য’ত তেওঁ সহযোগী চৰিত্ৰতো অভিনয় কৰিছিল।৪ তেওঁ নিজৰ সীমিত কেৰিয়াৰত ২৫খনতকৈও অধিক ছবিত অভিনয় কৰিছিল। তেওঁৰ চলচ্চিত্ৰ জীৱনৰ মোৰ ঘূৰাইছিল কে. ডি. দয়ানন্দৰদ্বাৰা পৰিচালিত ১৯৮৩ চনৰ স্ব-প্ৰযোজিত ছবি লোকু থাত্থাই। সুৰেনীয়ে এই ছবিত চাৰ্কাছ শিল্পীৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু পিছলৈ ১৯৮৪ চনৰ সাৰসাৱিয়া বঁটাত শ্ৰেষ্ঠ উদীয়মান অভিনেত্ৰীৰ লাক্স বঁটা লাভ কৰিছিল।৬
অভিনেত্ৰী হিচাপে তেওঁৰ আন কিছুমান উল্লেখনীয় অভিনয় আছিল চান্দি ৰাজা (১৯৯০), দালুলানা গিনি (১৯৯৫), চালুপাতা আহাচাতা ২ (২০০০), য়ালু মালু য়ালু ২ (২০১৮)।৭৮ টেলিড্ৰামা অভিনেত্ৰী হিচাপে তেওঁ কালু কাপা এলি, ভুমৰাংগায়া আৰু কিন্ধুৰাংগনা আদি ধাৰাবাহিকত অভিনয় কৰিছিল।৯ মঞ্চ অভিনেত্ৰী হিচাপে তেওঁ ৱালাকুলু, য়াকাদা চাপাত্তু আৰু নৰলোৱাতা ৱেদা নাটকত অভিনয় কৰিছিল। এই সময়ছোৱাত তেওঁ কাটাৰাগামা ৰিজৰ্টৰ দায়িত্বত আছিল।৪
অভিনয়ৰ উপৰি তেওঁ শ্ৰীলংকা নেচনেল ফিল্ম কৰ্পোৰেচনৰ কাৰ্যবাহী সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৪ কিছুসময়ৰ বাবে তেওঁ ইউনাইটেড নেচনেল পাৰ্টিৰ সদস্য আছিল আৰু কলা সংগঠনৰো এগৰাকী সক্ৰিয় সদস্য আছিল।৫
মৃত্যু
দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকাৰ পিছত ২০২১ চনৰ ২৬ মে’ত ৬১ বছৰ বয়সত মহাৰাগামাৰ অপেক্ষা চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।৮১০ তেওঁৰ নশ্বৰ দেহ বোৰেলাৰ জয়ৰত্নে ফিউনাৰেল হোমত ৰখা হৈছিল।৫ ২০২১ চনৰ ২৭ মে’ৰ বিয়লি ৫.০০ বজাত বোৰেলাৰ জেনেৰেল চিমেট্ৰিত অন্তিম সংস্কাৰ সম্পন্ন কৰা হয়।১১১২
তথ্যসূত্ৰ
- ↑ Sureni Senarath - සුරේනි සෙනරත් - Sinhala Cinema Database. www.films.lk
- ↑ Sureni Senarath bids farewell. Hiru FM
- ↑ Men are an unbelievable group: Popular actress Sureni Senarath. Sarasaviya
- ↑ Sureni Senarath, the friend who lost to cinema. Sarasaviya
- ↑ Actress Sureni Senarath's final rites today. Divaina
- ↑ Sinhala Cinema Database. www.films.lk
- ↑ (2021-05-26). Actress Sureni Senarath has passed away. Nation Today: Sri Lankan News
- ↑ (2021-05-26). Actress Sureni Senarath has passed away. NewsWire
- ↑ Veteran actress Sureni Senarath passes away. saaravita
- ↑ රංගන ශිල්පිනී සුරේනි සෙනරත් දිවි රඟමඩලෙන් බැසයයි. www.lankadeepa.lk
- ↑ Popular actress Sureni Senarath passes away. Ada Derana
- ↑ Sureni Senarath leaves the life stage. Silumina
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুৰেনী সেনাৰথ” প্ৰবন্ধৰ সংশোধন ৬১৪৭৫৪ (২৮ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।