সুচেতা ভিদে চাপেকাৰ ( Sucheta Bhide Chapekar; জন্ম: ৬ ডিচেম্বৰ ১৯৪৮) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু কৰিঅ’গ্ৰাফাৰ। তেওঁ ভাৰতনাট্যমৰ এগৰাকী গুৰু। শাস্ত্ৰীয় নৃত্যৰ শিক্ষা আৰু প্ৰসাৰৰ সৈতে জড়িত ন্যাস "কলাবৰ্ধিনী"ৰ প্ৰতিষ্ঠাপক, য'ত তেওঁ ভাৰতনাট্যমৰ শিক্ষাও দিয়ে।১২ নৃত্যৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ সংগীত নাটক একাডেমী বঁটা (২০০৭) লাভ কৰিবলৈ সক্ষম হৈছে।
১৯৪৮ চনত চাপেকাৰে জন্মগ্ৰহণ কৰে। আচাৰ্য্য পাৰ্বতী কুমাৰ আৰু কে পি কিট্টপ্পা পিল্লাইৰ অধীনত তেওঁ প্ৰশিক্ষণ লৈছিল।৩ ইয়াৰ পিছৰ বছৰবোৰত তেওঁ বহুতো স্থানীয় কনচাৰ্টত অনুষ্ঠান পৰিৱেশন কৰে, যাৰ ভিতৰত ১৯৭৪ চনত মাদ্ৰাচ মিউজিক একাডেমীত অনুষ্ঠিত হোৱা কনচাৰ্ট এটাও আছিল।৪ বিয়াৰ পিছত তেওঁ পুনেলৈ গুচি যায়। তেওঁক "নীলা চকুৰ সুন্দৰী" বুলি অভিহিত কৰা জে আৰ ডি টাটাৰ উৎসাহত ১৯৮২ চনত প্ৰথমবাৰৰ বাবে ভাৰতৰ বাহিৰত, লণ্ডন, পেৰিচ আৰু ৰোটেৰডামত অনুষ্ঠান পৰিৱেশন কৰে। আশীৰ দশকৰ সময়ছোৱাত গৃহ ৰাজ্য মহাৰাষ্ট্ৰত বিভিন্ন কনচাৰ্ট পৰিবেশন কৰিছিল। এই সময়তে তেওঁ উপলব্ধি কৰে যে ৰাজ্যখনত ভাৰতনাট্যমৰ আগ্ৰহী লোক বিশেষ নাই। তাৰ পিছত তেওঁৰ কনচাৰ্টত মাৰাঠী আৰু হিন্দী গীত সংমিশ্ৰিত কৰাৰ ধাৰণাটো আহিল। ইয়াৰ ফলত অৱশেষত "নৃত্য গংগা" নামৰ ভাৰতনাট্যম কনচাৰ্টৰ গঠন হয়, য'ত প্ৰায় ৮০টা কম্পোজিচন আছে আৰু এই সকলোবোৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ ওপৰত আধাৰিত।৫ চাপেকাৰ "কালবৰ্ধিনী"ৰ প্ৰতিষ্ঠাপক, যিটো এটা দাতব্য ন্যাস যিয়ে শাস্ত্ৰীয় নৃত্যৰ পাঠদান আৰু প্ৰচাৰ কাৰ্য্যকলাপত সহায় কৰে।
২০০৮ চনত চলচ্চিত্ৰ নিৰ্মাতা অমৃতা মহাদিকে৬ চাপেকৰৰ জীৱন আৰু কৰ্মৰ ওপৰত ব্যোমাগামী৭ নামেৰে এখন তথ্যচিত্ৰ পৰিচালনা কৰে। চাপেকৰৰ ৬০তম জন্মদিন উদযাপনৰ অংশ হিচাপে "কলাবৰ্ধিনী"য়ে ব্যোমাগামী৮ প্ৰযোজনা কৰিছিল আৰু মহাৰাষ্ট্ৰৰ পুনেৰ গণেশ কলা ক্ৰিদা মঞ্চত প্ৰদৰ্শিত হৈছিল।
চাপেকাৰ বিবাহিত আৰু তেওঁৰ অৰুন্ধতী পট্টৱৰ্ধন নামেৰে এগৰাকী কন্যা আছে। অৰুন্ধতীও এগৰাকী প্ৰশিক্ষিত নৃত্যশিল্পী। ২০০৭ চনত চাপেকৰে শাস্ত্ৰীয় নৃত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে সংগীত নাটক অকাডেমী বঁটাৰে সন্মানিত হয়।
তথ্যসূত্ৰ
- ↑ Dr. Smt. Sucheta Chapekar. Kalavardhini
- ↑ Vaid, Ridhi. (9 July 2011). In praise of rain. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ (5 January 2009). Dr. Sucheta Bhide Chapekar: 60th birthday celebrations at Pune. Narthaki.com
- ↑ Sreevalsan, T K. (21 March 2010). Juicy ragamalika cocktail. The New Indian Express
- ↑ Paul, Debjani. (15 June 2013). Blue Eyed Girl. Indian Express
- ↑ A classic gathering - Indian Express
- ↑ Vyomagami | Watch Documentaries Online | Promote Documentary Film
- ↑ Vyomagami (2008) - IMDb. ইণ্টাৰনেট মুভি ডাটাবেছ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুচেতা ভিড়ে চাপেকৰ” প্ৰবন্ধৰ সংশোধন ৫৬৯৭১২ (১৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।