সুদেষ্ণা সিন্হা (Sudeshna Sinha) মোহালিৰ ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ এগৰাকী অধ্যাপিকা। তেওঁ এক দশকতকৈও অধিক কাল চেন্নাইত অৱস্থিত গাণিতিক বিজ্ঞান প্ৰতিষ্ঠানত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ গৱেষণাৰ মূল ক্ষেত্ৰ হৈছে 'অৰৈখিক পদাৰ্থ বিজ্ঞান (nonlinear physics)'। তেওঁৰ 'Chaos computing' সম্পৰ্কে কৰা গৱেষণাৰ ফলসমূহ আমেৰিকান কোম্পানী কাউলোজিক্সে (Chaologix) ব্যৱসায়িক দিশত বিকাশ সাধন কৰিছে।১ এই পদ্ধতিৰ জন্ম আৰু বিকাশলৈ অৰিহণা আগবঢ়োৱা বিজ্ঞানীসকলৰ ভিতৰত তেওঁ অন্যতম। তেওঁ বৰ্তমানলৈকে বি এম বিৰলা বঁটা, সাধাৰণ কুশলতা বঁটাকে ধৰি ভালেমান বঁটা আৰু স্বীকৃতি লাভ কৰিছে। তাৰোপৰি সুদেষ্ণা সিন্হা বিশ্ব বিজ্ঞান একাডেমী আৰু অন্য বহু বিশ্বখ্যাত বিজ্ঞান প্ৰতিষ্ঠানৰো সভ্য।২
শিক্ষা
সুদেষ্ণা সিন্হাৰ জন্ম হৈছিল পশ্চিমবংগত। আছাঞ্চলত অৱস্থিত লৰেটো কনভেণ্ট স্কুলৰ পৰা তেওঁ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ-মাতৃ উদাৰনৈতিক চিন্তাধাৰাৰ লোক আছিল আৰু সুদেষ্ণা সিন্হাৰ বিজ্ঞান শিক্ষাত অনুপ্ৰেৰণা যোগাইছিল বুলি জনা যায়।৩ ১৯৮৫ চনত কাণপুৰত থকা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা তেওঁ পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। পৰৱৰ্তী সময়ত ১৯৯০ চনত তেখেতে মুম্বাইত থকা টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ পৰা ডক্তৰেট ডিগ্ৰী অৰ্জন কৰে।৪
কৰ্মজীৱন
১৯৯৪ চনৰ পৰা ১৯৯৬ লৈকে সুদেষ্ণা সিন্হাই বাংগালোৰৰ ভাৰতীয় জ্যোতি-পদাৰ্থবৈজ্ঞানিক প্ৰতিষ্ঠান (Indian Institute of Astrophysics)ত এগৰাকী 'ৰিডাৰ' হিচাপে কাম কৰে। তাৰপিছত তেখেতে চেন্নাইৰ গাণিতিক বিজ্ঞান প্ৰতিষ্ঠানত ২০১১ চনলৈকে কাৰ্যনিৰ্বাহ কৰে।২ বৰ্তমান সুদেষ্ণা সিন্হাই মোহালীত থকা ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ অধ্যাপনা কৰি আছে। তেওঁৰ গৱেষণাৰ মূল বিষয় অৰৈখিক পদাৰ্থ বিজ্ঞানৰ।৫ তাৰোপৰি তেওঁৰ গৱেষণাৰ ক্ষেত্ৰখনে অৰৈখিক গতিবিদ্যা, বিশৃংখলতা, জটিল প্ৰণালী, আন্তঃজাল আৰু গণনা আদি বিষয়ো সামৰি লৈছে।৬তেখেত 'AIP journal Chaos: An Interdisciplinary Journal of Nonlinear Science' নামৰ গৱেষণাৰ পত্ৰিকাখনৰ সম্পাদনাৰ লগতো জড়িত।৭.
তাৰোপৰি সুদেষ্ণা সিন্হাই বৰ্তমানলৈকে ৫০টাতকৈও অধিক বক্তৃতানুষ্ঠান, কৰ্মশালা অথবা সন্মিলন আদিত বক্তৃতা প্ৰদান কৰিছে।৮ তেওঁৰ গৱেষণাক জাৰ্মানী গণিতজ্ঞ এমি নিঅ'থাৰ আৰু অষ্ট্ৰিয়ান-ছুইডিছ পদাৰ্থ বিজ্ঞানী লাইছ মেইটনাৰৰ জীৱন আৰু গৱেষণাই অনুপ্ৰাণিত কৰিছে বুলি জনা যায়।৩
ব্যক্তিগত জীৱন
সুদেষ্ণা সিন্হাই কপিল হৰি পাৰানজাপে (Kapil Hari Paranjape)ৰ লগত বৈবাহিক জীৱন আৰম্ভ কৰে। তেওঁ মোহালিত থকা 'ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান'ৰ গণিত বিভাগৰ অধ্যাপক।৯
বঁটা আৰু সন্মান
- ২০১৮ চনত বিশ্ব বিজ্ঞান একাডেমীৰ সভ্য হিচাপে নিৰ্বাচিত।১০
- ২০১৫ চনত জে.চি. বসু ৰাষ্ট্ৰীয় ফেলোশ্বিপৰ বাবে নিৰ্বাচিত।১১
- ২০১৪ চনত দিল্লীৰ ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সভ্য।১২
- ২০১০ চনত বাংগালোৰৰ ভাৰতীয় বিজ্ঞান একাডেমীৰ সভ্য।১৩
- ১৯৯৮ চনত পদাৰ্থ বিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবে বি.এম. বিৰলা বঁটা লাভ।১৪
- ১৯৯৫-২০০০ চনত ইটালিৰ ট্ৰিষ্টিত থকা তাত্ত্বিক পদাৰ্থ বিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰৰ সহযোগী সদস্য।
- ১৯৮৫ চনত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, কাণপুৰৰ পৰা 'সাধাৰণ কুশলতা বঁটা' লাভ। এই বঁটা পাঁচবছৰীয়া পদাৰ্থ বিজ্ঞানৰ পাঠ্যক্ৰমত শ্ৰেষ্ঠ বিদায়ী শিক্ষাৰ্থীক প্ৰদান কৰা হয়।
- ১৯৭৮-৮৫ চনত ৰাষ্ট্ৰীয় প্ৰতিভা সন্ধানী জলপানি লাভ।১৫
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ IAS - Women in Science
- ↑ sudeshna sinha
- ↑ Sudeshna Sinha is the woman who brought order in computing from chaos
- ↑ Curriculum Vitae
- ↑ Faculty listing
- ↑ Publications
- ↑ Chaos
- ↑ www.hindustantimes.com/punjab/sudeshna-sinha-is-
- ↑ www.imsc.res.in/~kapil/pers.html
- ↑ Fellowship of The World Academy of Sciences (TWAS)
- ↑ J C Bose National Fellowship
- ↑ Fellowship of Indian National Science Academy
- ↑ Fellowship of Indian Academy of Sciences
- ↑ Birla Prize
- ↑ 14.139.227.202/Faculty/sudeshna/cv_web.html
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুদেষ্ণা সিন্হা” প্ৰবন্ধৰ সংশোধন ৪৮৫২৭৩ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।