অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুনিতা দেৱী

সুনিতা দেৱী (১৮৯৭ – ৩ নৱেম্বৰ ১৯৩২)ৰ প্ৰকৃত নাম আৰ্মিনা পীৰভয়, তেওঁক সাধাৰণতে সুনিতা বুলি জনা যায়। তেওঁ লণ্ডনৰ ভাস্কৰ্যশিল্পী জেকব এপষ্টাইনৰ ভাস্কৰ্যৰ এগৰাকী মডেল আছিল। ১৯৩২ চনৰ ৩ নৱেম্বৰত ভাৰতত হোৱা তেওঁৰ মৃত্যুক এক ৰাজনৈতিক হত্যা বুলি বিশ্বাস কৰা হয়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২২৪ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

সুনিতা দেৱী (১৮৯৭ – ৩ নৱেম্বৰ ১৯৩২)ৰ প্ৰকৃত নাম আৰ্মিনা পীৰভয়, তেওঁক সাধাৰণতে সুনিতা বুলি জনা যায়। তেওঁ লণ্ডনৰ ভাস্কৰ্যশিল্পী জেকব এপষ্টাইনৰ ভাস্কৰ্যৰ এগৰাকী মডেল আছিল।১ ১৯৩২ চনৰ ৩ নৱেম্বৰত ভাৰতত হোৱা তেওঁৰ মৃত্যুক এক ৰাজনৈতিক হত্যা বুলি বিশ্বাস কৰা হয়।২

প্ৰাৰম্ভিক জীৱন

মূলতঃ কাশ্মীৰৰ সুনিতা আছিল এগৰাকী মুছলমান সম্প্ৰদায়ৰ মহিলা। তেওঁ সেইসময়ৰ বোম্বাইৰ কোটিপতি আহমেদ পীৰভোয়ৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু ১৯২০ ৰ দশকৰ আৰম্ভণিতে তেওঁৰ পুত্ৰ এনভাৰ আৰু সৰু ভগ্নী অনিতা পেটেলৰ সৈতে ইংলেণ্ডলৈ গুছি গৈছিল। ইংলেণ্ডলত তেওঁলোকে "মেস্কুলাইন ব্ৰাদাৰ্ছ" নামেৰে জনাজাত যাদুকৰৰ এটা দলত যোগদান কৰিছিল। সুনিতাই পাঁচ মিনিটৰ বাবে সম্পূৰ্ণৰূপে ডুব গৈ পানীৰ টেংকত বহি থকা এটা ষ্টাণ্ট কৰিছিল।১ ব্ৰিটিছ এম্পায়াৰ প্ৰদৰ্শনীত (১৯২৪ চনৰ পৰা ১৯২৫ চনলৈ) তেওঁলোকৰ কামোদ্দীপক ট্ৰিংকেট বিক্ৰী কৰা ষ্টেণ্ডো অন্তৰ্ভূক্ত আছিল।১ পিছলৈ সুনিতাই এগৰাকী ভাৰতীয় ৰহস্যবাদী আৰু ভৱিষ্যতবক্তা হিচাপে ব্যক্তিত্ব বিকশিত কৰে আৰু ৰাজকুমাৰী সুনিতা নামেৰে পৰিচিত হয়।২

মেথিউ স্মিথ

সুনিতাই ১৯২৪ চনৰ পৰা শিল্পী মেথিউ স্মিথৰ ভাস্কৰ্যৰ বাবে মডেল হিচাপে কাম কৰিছিল। এনেদৰে তেওঁলোকৰ মাজত ভাল সম্পৰ্ক গঢ় লৈ উঠে।১ স্মিথে ১৯২৪ চনত "দ্য ৰেড শাৰী, সুনিতা ৰিক্লিনিং",৩ আৰু "দ্য ব্লেক শাৰী, সুনিতা ৱেৰিং এ ব্লেক শাৰী" আদি শিৰ্শকৰে সুনীতাৰ চিত্ৰ অংকন কৰিছিল।৪

জেকব এপষ্টাইন

জেকব এপষ্টাইনে ব্ৰিটিছ এম্পায়াৰ প্ৰদৰ্শনীত সুনিতাক লগ পাইছিল বুলি জনা যায়, ইয়াৰোপৰি তেওঁৰ বন্ধু মেথিউ স্মিথৰ জৰিয়তে সুনিতাৰ সৈতে পৰিচিত হয় বুলিও ধাৰণা কৰা হয়। ১৯২৫ চনত এপষ্টাইনে তেওঁৰ পত্নী মাৰ্গাৰেটৰ চুক্তিৰ সৈতে লণ্ডনৰ গুইলফৰ্ড ষ্ট্ৰীটত থকা তেওঁৰ ঘৰত থাকিবলৈ সুনিতা, এনভাৰ আৰু অনিতাক আমন্ত্ৰণ জনায়। শ্ৰীমতী এপষ্টাইনে কেথলিন গাৰ্মানক আন মহিলাৰ সৈতে সম্পৰ্কত উদগনি দি তেওঁৰ স্বামীৰ সৈতে সম্পৰ্ক সমাপ্ত কৰিবলৈ চেষ্টা কৰি আছিল।

এপষ্টাইনে ১৯২৬ আৰু ১৯২৭ চনত (দুবাৰ) এনভাৰৰ মুখমণ্ডল আৰু ১৯২৬ চনত তিনিবাৰ সুনিতাৰ মুখমণ্ডলৰ মূৰ্তি তৈয়াৰ কৰিছিল। সুনিতা আৰু এনভাৰ এপষ্টাইনৰ মেডোনা আৰু চাইল্ডৰ ভাস্কৰ্যৰ (১৯২৭) মডেল আছিল। ভাস্কৰ্যৰ উপৰিও সুনিতা, এনভাৰ আৰু অনিতাৰ ১০০ তকৈও অধিক পানী ৰংৰ চিত্ৰ অংকন কৰা হৈছিল।১

মৃত্যু

১৯৩১ চনত সুনিতা ভাৰতলৈ উভতি আহে। আমেৰিকান সংবাদ মাধ্যমত সুনিতাই কোৱ মতে "মই মোৰ মৃত্যুৰ মুখলৈ আগবাঢ়ি গৈছো; মই জানো এয়া ঘটিব"। ১৯৩২ চনত খবৰ পোৱা গৈছিল যে তেওঁৰ "অন্ত্ৰৰ প্ৰদাহ"ৰ ফলত মৃত্যু হৈছিল। যিসকলে সুনিতাক ভাৰতৰ বাহিৰতো চিনি পাইছিল তেওঁলোকে সন্দেহ কৰিছিল যে তেওঁক বিহ খুৱাই হত্যা কৰা হৈছিল, কিয়নো ৰাউণ্ড টেবুল কনফাৰেন্সত অংশগ্ৰহণকাৰীসকলৰ সৈতে তেওঁৰ ঘনিষ্ঠতাৰ বাবে তেওঁক এজন গুপ্তচৰ বুলি সন্দেহ কৰা হৈছিল।২৫৬

তথ্যসূত্ৰ

  1. ↑ Gardiner, Stephen. (1993) Epstein: Artist Against the Establishment. London: Flamingo, pp. 261-2
  2. ↑ "Beautiful Indian Model Killed as Spy, Those Who Know Her Say," A. John Kobler Jr., The Daily Pantagraph, 4 November 1932, p. 1
  3. ↑ Sir Matthew Smith (1879-1959) The Red Sari, Sunita Reclining. Christie's. Retrieved 26 October 2014
  4. ↑ "The Black Sari": Sunita Wearing a Black Sari. Collage. Retrieved 26 October 2014
  5. ↑ "Reaper Claims Life of Another Epstein Model" William Hillman, Sarasota Herald, 5 December 1932, p. 6. Retrieved 26 October 2014
  6. ↑ "Tragic Fates Haunt Paths of Great Sculptor's Models" William Hillman, The Milwaukee Sentinel, 26 November 1932, p. 3. Retrieved 26 October 2014

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুনিতা দেৱী” প্ৰবন্ধৰ সংশোধন ৩৮৩১৪১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।