অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুনীতি নামযোশী

সুনীতি নামযোশী (Suniti Namjoshi; জন্ম:১৯৪১) হৈছে এগৰাকী কবি আৰু কাহিনী কথক। ব্ৰিটিছ ভাৰতৰ অধীনত মুম্বাইত তেওঁৰ জন্ম হৈছিল। মুম্বাইত ডাঙৰ-দীঘল হৈছিল যদিও কৰ্মসূত্ৰে সুনীতি কানাডাত আছিল আৰু বৰ্তমান তেওঁ তেওঁৰ ইংৰাজ লেখক স্বামী গিলিয়ান হেন্সকম্বৰ সৈতে ইংলেণ্ডৰ দক্ষিণপশ্চিমাঞ্চলত বাস কৰে।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৬২৬ শব্দ · ৩ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

সুনীতি নামযোশী (Suniti Namjoshi; জন্ম:১৯৪১) হৈছে এগৰাকী কবি আৰু কাহিনী কথক। ব্ৰিটিছ ভাৰতৰ অধীনত মুম্বাইত তেওঁৰ জন্ম হৈছিল। মুম্বাইত ডাঙৰ-দীঘল হৈছিল যদিও কৰ্মসূত্ৰে সুনীতি কানাডাত আছিল আৰু বৰ্তমান তেওঁ তেওঁৰ ইংৰাজ লেখক স্বামী গিলিয়ান হেন্সকম্বৰ সৈতে ইংলেণ্ডৰ দক্ষিণপশ্চিমাঞ্চলত বাস কৰে। তেওঁৰ ৰচনাসমূহ জীৱনমুখী আৰু উদ্ভাৱক; যিয়ে বৰ্ণবাদ, যৌনতা আৰু হ’ম’ফ’বিয়াৰ দৰে কুসংস্কাৰক প্ৰত্যাহ্বান জনাইছে। তেওঁ বহুকেইটা কাহিনী আৰু কবিতা সংকলনৰ লগতে কেইবাখনো উপন্যাস আৰু এক ডজনৰো অধিক শিশু গ্ৰন্থ লিখিছে আৰু এইসমূহ স্পেনিছ, ইটালিয়ান, ডাচ্চ, চীনা, কোৰিয়ান, হিন্দী আৰু তুৰ্কীকে ধৰি কেইবাটাও ভাষালৈ অনূদিত হৈছে।

প্ৰাৰম্ভিক জীৱন

সুনীতি নামযোশীৰ জন্ম ১৯৪১ চনত মুম্বাইত হৈছিল।১ তেওঁৰ দেউতাক মনোহৰ বিনায়ক নামযোশী বেংগালুৰুৰ হিন্দুস্তান বিমানত জ্যেষ্ঠ টেষ্ট পাইলট আছিল। ১৯৫৩ চনত, বিমান দুৰ্ঘটনাত তেওঁ নিহত হৈছিল। তেওঁৰ মাক সৰোজিনী নামযোশী ফ্লটানৰ আছিল।২

সুনীতিক হিমালয়ৰ পাদদেশৰ আমেৰিকান মিছন স্কুল উডষ্টকত ভৰ্তি কৰা হৈছিল২, আৰু তাৰ পিছত অন্ধ্ৰ প্ৰদেশৰ ঋষি উপত্যকাত তেওঁ পঢ়া-শুনা কৰিছিল৩; য’ত জিদ্দু কৃষ্ণমূৰ্তি আহি প্ৰতি বছৰে কেইমাহমানৰ বাবে শিশুসকলৰ সৈতে কথা পাতিছিল।২

কৰ্মজীৱন

১৯৬৪ চনত আই এ এছ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত, পৰৱৰ্তী শিক্ষা গ্ৰহণ কৰাৰ আগলৈকে তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া ৰূপে কৰ্মৰত আছিল। পিছত তেওঁ পাব্লিক এডমিনিষ্ট্ৰেচন অধ্যয়ন কৰে৩ আৰু মিছৌৰী বিশ্ববিদ্যালয়ৰপৰা এই বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। এজৰা পাউণ্ড বিষয়ক গৱেষণা কৰি সুনীতিয়ে মেকগিল বিশ্ববিদ্যালয়ৰপৰা পি এইচ ডি ডিগ্ৰী অৰ্জন কৰিছিল।৩

নামযোশীয়ে ১৯৭২ চনৰ পৰা ১৯৮৭ চনলৈ টৰণ্টো বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগত অধ্যাপনা কৰিছিল। ২ ১৯৮১ চনৰপৰা তেওঁ নাৰীবাদী কাহিনী লিখা আৰম্ভ কৰিছিল। তেওঁৰ কামক বুদ্ধিদীপ্ত, শব্দ ৰচনা আৰু উদ্ভাৱনী শক্তিৰে পৰিপূৰ্ণ বুলি প্ৰশংসা কৰা হৈছিল।৩ ১৯৮৭ চনৰপৰা কল্প-কাহিনী আৰু কবিতা ৰচনাৰে পূৰ্ণ-সময়ৰ বাবে লিখিবলৈ আৰম্ভ কৰে। গিলিয়ান হেন্সকম্বৰ সৈতে যুটীয়াভাৱে তেওঁ কলিযুগ - চাৰ্কলচ্‌ অৱ পেৰেডাইজ (নাটক) আৰু ফ্লেছ এণ্ড পেপাৰ (কবিতা) লিখিছিল। নামযোশী ভাৰ্জিনিয়া উল্‌ফ আৰু এড্ৰিন ৰিচৰ দ্বাৰা প্ৰভাৱিত হৈছিল। তেওঁৰ বান্ধৱী হিলাৰী ক্লেয়াৰ আৰু কেট মিলেটচৰ যৌন ৰাজনীতিয়েও তেওঁক প্ৰভাৱিত কৰিছিল। তেওঁ নাৰীবাদী আন্দোলন আৰু সমকামী মুক্তি আন্দোলনৰ সক্ৰিয় অংশীদাৰ।১

নামযোশী ১৯৯৫ চনৰপৰা ২০০১ চনলৈ ইংলেণ্ডৰ এক্সেটাৰ বিশ্ববিদ্যালয়ৰ মহিলা অধ্যয়ন কেন্দ্ৰত সন্মানীয় গৱেষণা ফেলো আছিল, আৰু ১৯৯৩ চনৰপৰা ১৯৯৬ চনলৈ ইংলেণ্ডৰ কলা পৰিষদৰ সাহিত্য পেনেলৰ সদস্য আছিল।২

১৯৯৬ চনত নামযোশীয়ে সংস্কৃতি নিৰ্মাণ বিষয়ক এখন আধুনিকোত্তৰ উপন্যাস বিল্ডিং বেবেল প্ৰকাশ কৰে। এই উপন্যাসখন এটি সহযোগিতামূলক প্ৰকল্পৰ অংশ আছিল আৰু ই অনলাইনত প্ৰকাশ হৈছিল, য’ত পঢ়ুৱৈৰ অৱদানো জড়িত হৈ আছিল।৩৪

২০২৩ চনত নামযোশী ৰয়েল চছাইটি অফ লিটাৰেচাৰৰ ফেলো নিৰ্বাচিত হৈছিল।৫

নামযোশীয়ে বৰ্তমান যুক্তৰাজ্যৰ ডেভনত থাকি লেখা মেলা কৰে।৩

উল্লেখনীয় সৃষ্টিসমূহ

সুনীতি নামযোশী নাৰীবাদী কল্পকাহিনী লেখক ৰূপে সুপৰিচিত। তেওঁৰ সাধুকথাসমূহৰ ভিতৰত আছে; আৰবিয়ান নাইটছ, ইংৰাজী নাৰ্চাৰী ৰাইম, ভাৰতীয় মহাকাব্যৰ কাহিনী, পৰী কাহিনী আৰু গ্ৰীক পৌৰাণিক কাহিনীসমূহ।

কল্পকাহিনী

  • Feminist Fables; লণ্ডন:চেৱা ফেমিনিষ্ট পাব্লিচাৰ্ছ, ১৯৮১
  • The Conversations of Cow; লণ্ডন: দ্য ৱুমেনচ প্ৰেছ, ১৯৮৫
  • The Blue Donkey Fables; লণ্ডন: দ্য ৱুমেনচ প্ৰেছ, 1988.
  • The Mothers of Maya Diip; লণ্ডন: দ্য ৱুমেনচ প্ৰেছ, 1989.
  • Because of India: Selected Poems and Fables; লণ্ডন: দ্য অনলিৱুমেন প্ৰেছ, 1989.
  • Feminist Fables; নৰ্থ মেলবৰ্ণ:স্পিনিফেক্স, ১৯৯৩
  • Saint Suniti and the Dragon; নৰ্থ মেলবৰ্ণ:স্পিনিফেক্স, ১৯৯৩; লণ্ডন:ভিৰাগ, ১৯৯৪
  • Building Babel; নৰ্থ মেলবৰ্ণ:স্পিনিফেক্স, ১৯৯৬
  • Goja: An Autobiographical Myth; নৰ্থ মেলবৰ্ণ:স্পিনিফেক্স, 2000.
  • Sycorax: New Fables and Poems; নতুন দিল্লী: পেংগুইন বুকচ্‌, ২০০৬
  • The Fabulous Feminist: A Suniti Namjoshi Reader; দিল্লী:জুৱান, ২০১২; নৰ্থ মেলবৰ্ণ:স্পিনিফেক্স, ২০১২
  • Suki; দিল্লী:পেংগুইন ইণ্ডিয়া, ২০১২; নৰ্থ মেলবৰ্ণ:স্পিনিফেক্স, ২০১৩
  • Foxy Aesop aka Aesop the Fox; দিল্লী: জুৱান, ২০১৮; মেলবৰ্ণ:স্পিনিফেক্স, ২০১৮
  • (২০২২). Dangerous Pursuits. ISBN 978-93-90514-82-3
  • The Good-Hearted Gardeners; মেলবৰ্ণ:স্পিনিফেক্স, ২০২৩

কবিতা

  • Poems; কলিকতা: ৰাইটাৰ্চ ৱৰ্কশ্বপ, ১৯৬৭
  • More Poems; কলিকতা: ৰাইটাৰ্চ ৱৰ্কশ্বপ, ১৯৭১
  • Cyclone In Pakistan; কলিকতা: ৰাইটাৰ্চ ৱৰ্কশ্বপ, ১৯৭১
  • The Jackass and the Lady; কলিকতা: ৰাইটাৰ্চ ৱৰ্কশ্বপ, ১৯৮০
  • The Authentic Lie; ফ্ৰেডৰিকটন এন বি: ফিডলহেড পয়েট্ৰি বুকচ, ১৯৮২
  • From the Bedside Book of Nightmares; ফ্ৰেডৰিকটন এন.বি.: ফিডলহেড পয়েট্ৰি বুকচ এণ্ড গুছ লেণ্ড এডিচনচ্‌, ১৯৮৪
  • Flesh and Paper (গিলিয়ান হেন্সকম্বৰ সৈতে); UK: Jezebel Tapes and Books, ১৯৮৬; Charlottetown, P.E.I.: Ragweed Press, ১৯৮৬
  • Because of India: Selected Poems and Fables; লণ্ডন: অনলিৱুমেন প্ৰেছ, ১৯৮৯
  • Sycorax: New Fables and Poems; নতুন দিল্লী: পেংগুইন বুকচ, ২০০৬
  • The Fabulous Feminist: a Suniti Namjoshi Reader; নতুন দিল্লী:জুৱান, ২০১২

শিশু গ্ৰন্থ

অনুবাদ

  • Poems of Govindagraj লেখক: ৰাম গণেশ গাডকাৰী; অনুবাদ:সুনীতি নামযোশী আৰু সৰোজিনী নামযোশী; কলিকতা: ৰাইটাৰ্চ ৱৰ্কশ্বপ, ১৯৬৮

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Suniti Namjoshi. Poetry International Rotterdam
  2. ↑ Suniti Namjoshi Papers (Ms. Collection 341) at University of Toronto
  3. ↑ (20 February 2000). Feminism, one of her voices. দ্য হিন্দু
  4. ↑ Spinifex Press Babel Building Site
  5. ↑ Creamer, Ella. (2023-07-12). Royal Society of Literature aims to broaden representation as it announces 62 new fellows. The Guardian

সম্পৰ্কিত শ্ৰেণী

সাহিত্যিকভাৰতীয় মহিলা কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুনীতি নামযোশী” প্ৰবন্ধৰ সংশোধন ৬৩৭৮২৭ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।