সুজাতা চৌধুৰী (ইংৰাজী ভাষা: Sujata Choudhury; জন্ম: ২৭ জুন, ১৯৮৪), পেছাগতভাৱে তেওঁক সুজাতা দে বুলি জনা যায়। তেওঁ এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী, মডেল১ আৰু চিত্ৰনাট্যকাৰ। ইছা ৰায়েৰ ৱেব ছিৰিজ দ্য মিচএডভেন্সাৰ্ছ অৱ অকৱাৰ্ড ব্লেক গাৰ্ল (২০১১-২০১৩)-ত চিচি আৰু ইনচিকিউৰত ছাৰাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ সৰ্বাধিক পৰিচিত। ২০২০ চনৰ কমেডী-ড্ৰামা ডেফিনিচন প্লিজৰ জৰিয়তে তেওঁ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল।২
প্ৰাৰম্ভিক জীৱন
সুজাতা বঙালী বংশোদ্ভৱ।৩ ভাৰতত জন্মগ্ৰহণ কৰা এজন মেকানিকেল ইঞ্জিনিয়াৰ আৰু এগৰাকী গৃহিনীৰ কন্যা সুজাতাই অতি কম বয়সৰপৰাই পৰিৱেশ্য কলাৰ সৈতে জড়িত হৈ পৰিছিল। তেওঁ নৃত্যৰ (বেলে, জাজ, আধুনিক, হিপ হপ, আৰু পূব ভাৰতীয় লোক আৰু শাস্ত্ৰীয় নৃত্য) সৈতে জড়িত আছিল আৰু পৰৱৰ্তী সময়ত অভিনয়, সংগীত আৰু মিউজিকেল থিয়েটাৰৰ সৈতে জড়িত হয়। তেওঁৰ শৈশৱৰ বিষয়ে তেওঁ উল্লেখ কৰিছে যে যদি তেওঁ টেলিভিছনত অধিক পৰিমাণে ভাৰতীয় বা দক্ষিণ এছীয় মূলৰ লোকৰ প্ৰতিনিধিত্ব দেখিবলৈ পালেহেঁতেন, তেন্তে কলাৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়িবলৈ হয়তো তেওঁ অধিক অনুপ্ৰাণিত হ’লহেঁতেন।৪ তথাপি তেওঁ লছ এঞ্জেলছৰ হলিউডত পেছাদাৰী অভিনয় জীৱন আৰম্ভ কৰাৰ আগতে কলাৰ বিষয়ে অধ্যয়ন কৰিছিল আৰু বিদ্যালয় তথা স্থানীয় পৰ্যায়ৰ বিভিন্ন অনুষ্ঠানত অভিনয় কৰিছিল।
কেৰিয়াৰ
সুজাতাই দ্য চিক্ৰেট লাইফ অৱ দ্য আমেৰিকান টিনএজাৰ, কেম্পাছ লেডিজ, বাফী দ্য ভেম্পায়াৰ স্লেয়াৰ, চেভেন্থ হেভেন, গ্ৰীক আৰু দ্য লুপৰ দৰে বহুতো টেলিভিছন শ্ব'ত অভিনয় কৰিছে।৫ ২০০৭ চনত তেওঁ ৱাৰ্নাৰ ব্ৰাদাৰ্ছৰদ্বাৰা নিৰ্মিত চাবলাইমত এটা সহযোগী চৰিত্ৰত অভিনয় কৰিছিল। ডেনী গ্লভাৰ আৰু স্নুপ ডগৰ সৈতে তেওঁক স্বতন্ত্ৰ চলচ্চিত্ৰ ডাউন ফৰ লাইফত দেখা গৈছিল, যিখনে ২০০৯ চনৰ টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত যথেষ্ট প্ৰশংসা লাভ কৰিছিল।
২০০৯ চনত তেওঁ ভৌতিক-কমেডী ছবি দ্য লাষ্ট লাভক্ৰাফ্ট: ৰিলিক অৱ চিথুলুত অভিনয় কৰিছিল,৬ যিখণ ২০১০ চনৰ শ্লেমডেন্স ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হৈছিল।৭৮
তেওঁ ইছা ৰায়েৰদ্বাৰা নিৰ্মিত ৱেব কমেডী ধাৰাবাহিক দ্য মিচএডভেন্সাৰ্ছ অৱ অকৱাৰ্ড ব্লেক গাৰ্লত চিচিৰ চৰিত্ৰত অভিনয় কৰিছিল।৯১০ তেওঁ ইছা ৰায়েৰ সৈতে এইচবিঅ'ৰ ধাৰাবাহিক ইনচিকিউৰতো কাম কৰিছিল।১১
২০১৭ চনত তেওঁ কাউবয় এণ্ড ইণ্ডিয়ান নামৰ এখন ছবি লিখিছিল, প্ৰযোজনা কৰিছিল, পৰিচালনা কৰিছিল আৰু তাত অভিনয়ো কৰিছিল; যিখন পৰৱৰ্তী সময়ত এখন টেলিভিছন ধাৰাবাহিক হিচাপে বিকশিত কৰাৰ পৰিকল্পনা কৰা হৈছিল।১২১৩
২০১৯ চনৰ ৩০ মে'ত ঘোষণা কৰা হৈছিল যে সুজাতাই ডেফিনিচন প্লিজ নামৰ এখন ছবি পৰিচালনা কৰিব, যাৰ চিত্ৰনাট্যও তেওঁ নিজেই লিখিছিল। ইয়াত ৰিতেশ ৰাজন আৰু জেক চ’য়ে অভিনয় কৰিছে আৰু ২০১৯ চনৰ গ্ৰীষ্মকালত পেন্সিলভেনিয়াৰ গ্ৰীন্সবাৰ্গত ইয়াৰ দৃশ্যগ্ৰহণ কৰা হৈছিল।১২
তথ্যসূত্ৰ
- ↑ Sujata Day. www.modelmayhem.com
- ↑ Ramos, Dino-Ray. (2020-07-29). 'Definition Please' Trailer: 'Insecure' Alum Sujata Day Makes Directorial Debut With South Asian Family Dramedy. Deadline
- ↑ Bose, Priyanka. (2021-05-24). Writer, actress Sujata Day on her new film and telling Bengali American stories. Cold Tea Collective
- ↑ Rice, Punita. (2018-10-20). Sujata Day on Representation, Hollywood, and Rewriting the Narrative. Punita Rice
- ↑ Masterson Management - Sujata Day
- ↑ Slamdance '10: My Eyes Are in Love, 'The Last Lovecraft: The Relic of Cthulhu' Trailer Debut!
- ↑ (2012-07-14). San Diego Comic-Con 2012: Tim Bradstreet and Thomas Jane Talk The Punisher and Much More! - Dread Central. Dread Central
- ↑ (2010-02-01). Slamdance '10 REVIEW: 'The Last Lovecraft: The Relic of Cthulhu' - Bloody Disgusting!. Bloody Disgusting!
- ↑ Kickstarter: "Support The Misadventures of Awkward Black Girl"
- ↑ The Official Awkward Black Girl Website
- ↑ Awkward Black Girl's DNA Is Alive and Well in Issa Rae's HBO Show Insecure. Vulture
- ↑ Ramos, Dino-Ray. (2019-05-30). 'Insecure's Sujata Day To Direct 'Definition Please' Starring Ritesh Rajan & Jake Choi, Justin Chon Producing. Deadline
- ↑ Rice, Punita. (2018-10-20). Sujata Day on Representation, Hollywood, and Rewriting the Narrative. Punita Rice
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুজাতা দে” প্ৰবন্ধৰ সংশোধন ৫৯৯৮০১ (৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।