অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুজিত দাস

সুজিত দাস (Sujit Das) অসমৰ নগাঁও জিলাত জন্মগ্ৰহণ কৰা এগৰাকী সমকালীন ভাৰতীয় চিত্ৰশিল্পী।

হালনাগাদ: ৭ জুলাই ২০২২ ৫৫২ শব্দ · ৩ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

সুজিত দাস (Sujit Das) অসমৰ নগাঁও জিলাত জন্মগ্ৰহণ কৰা এগৰাকী সমকালীন ভাৰতীয় চিত্ৰশিল্পী।১২

জন্ম আৰু শিক্ষা

১৯৮০ চনৰ ১১ ডিচেম্বৰত নগাঁও চহৰত শিল্পী সুজিত দাসৰ জন্ম হয়। তেওঁ কামাখ্যা চন্দ্ৰ দাস আৰু ক্ষমা দাসৰ সন্তান। নগাঁও বঙালী প্ৰাথমিক বালক বিদ্যালয়ৰ পৰা স্কুলীয়া প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। তেওঁ নগাঁও বঙালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি নগাঁৱৰ GNDG বাণিজ্য মহাবিদ্যালয়ত অধ্যয়ন কৰে। তদুপৰি তেওঁ অসম ইনষ্টিটিউট অৱ ইলেক্ট্ৰনিকছৰ পৰা ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিংত ডিপ্লমা আৰু গণসংযোগত স্নাতক ডিগ্ৰী লাভ কৰিছে। তেওঁ বিশিষ্ট শিল্পী প্ৰণৱ বৰুৱাৰ নিৰ্দেশনাত নগাঁৱৰ ৰূপৰং স্কুল অৱ ড্ৰয়িং এণ্ড পেইণ্টিঙৰ পৰা Diploma in Fine Arts লাভ কৰে।৩

কৰ্মজীৱন

তেওঁ অসমৰ পুথিচিত্ৰ তথা সত্ৰীয়া অনুচিত্ৰলৈ দেশে বিদেশে চিত্ৰ প্ৰদৰ্শনী কৰিছে। তাৰ ভিতৰত 2020 Embassy of India, Beijing, 2019- Bangladesh Shilpakala Academy, (Dhaka), 2019-Tipsy Art Gallery, (Vietnam), 2019- Lamasatt Art Gallery, Cairo (Egypt), 2018- Gallery of Modern Art, Russia, 2018 - IGNCA, New Delhi, 2017- Suhareka Museum, Kosovo (Europe), 2016 - Nepal Art Council, Kathmandu (Nepal), 2016 - JDA Perera Art Gallery, Colombo (Sri Lanka), 2016- Nehru-Wangchuk Cultural Centre, Thimphu (Bhutan), 2016- Abu-Dhabi Art Hub Gallery (UAE) 2015- American Center, U.S. Embassy (New Delhi), 2015- DOT Art Gallery, Bangkok (Thailand), 2015-LKA, New Delhi, 2014 - Academy of Fine Arts, Kolkata, 2014-State Art Gallery, Guwahati, 2012- Guhati Artists' Guild, 2004- Sankardeva Kalakhatra, Guwahati 2003- AIFACS & Lalit Kala Akademi in Srimanta Sankardeva Kalakhatra, Guwahati 2003- AIFACS & Lalit Kala Akademi in Srimanta Sankardeva Kalakhatra, Guwahati আদি কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰদৰ্শিত হৈছিল। দাসে ২০০২ চনত ললিত কলা পৰিষদ, বিশাখাপট্টনমৰ পৰা ললিত কলা পৰিষদ বঁটা লাভ কৰে। ২০০৯ চনত ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনৰ অমৃতসৰ (পাঞ্জাৱ)ত শ্ৰেষ্ঠ যুৱ শিল্পীৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হয়।৪ উত্তৰ পূৰ্বাঞ্চলৰ পৰা তেওঁ প্ৰথমে এই বঁটা লাভ কৰিছিল। সূক্ষ্ম কলাৰ ক্ষেত্ৰত তেওঁৰ অসাধাৰণ কৃতিত্বৰ বাবে নেপাল চৰকাৰে এভাৰেষ্ট বঁটাও প্ৰদান কৰে।

২০১০ চনত তেওঁ গিনিজ বুকত প্ৰৱেশ কৰাৰ লক্ষ্যৰে চক এটুকুৰাত এক ইঞ্চিৰ দুৰ্গা মূৰ্তি নিৰ্মাণ কৰিছিল।৫ এই মূৰ্তিটোক ১০টা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় অভিলেখ পুথি সংস্থাই ‘বিশ্বৰ আটাইতকৈ সৰু দুৰ্গা মূৰ্তি’ হিচাপে স্বীকৃতি দিছে। ২০১২ চনৰ ১৯ জুন তাৰিখে বিশ্বৰ ২৮ ফুট দৈৰ্ঘ্য, ৪.৪ ফুট বহল আৰু ২২কিলো ওজনৰ সৰ্ববৃহৎ পেইণ্ট ব্ৰাছৰ সহায়ত সুজিতে কেনভাছত মোহনদাস কৰমচান্দ গান্ধী, শ্বহীদ ভগৎ সিং আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিকৃতি সফলতাৰে অংকন কৰাৰ বাবে তেওঁ নাম গিনিজ বুকত অন্তৰ্ভুক্ত হয়।৬৭৮৯

লণ্ডন ৱৰ্ল্ড ৰেকৰ্ডছ ইউনিভাৰ্চিটিয়ে ২০১৩ চনৰ ২৭ ফেব্ৰুৱাৰীত নতুন দিল্লীৰ ইন্দিৰা গান্ধী কলা কেন্দ্ৰত অনুষ্ঠিত এক অনুষ্ঠানত তেওঁৰ অসাধাৰণ কৃতিত্বৰ বাবে আন্তৰ্জাতিক শিল্পী সন্মান প্ৰদান কৰে।

তেওঁ 2021 বৰ্ষত ভাৰত চৰকাৰৰ EZCC শান্তিনিকেতন আৰু 2022 ত EZCC কলকাতাত অসমৰ পুথিচিত্ৰৰ কৰ্মশালাত অংশ লয়।১০ ইয়াৰ বাহিৰে 2022 Nehru Center, Mumbai, 2020-Central Academy of Fine Arts, Chaina, 2019- International Art Festival, Indonesia, 2019- Art Workshop in Cambodia, 2018 - International Artists Camp, Singapore, 2018- International Art Camp, Malaysia, 2017-Art Camp, Istanbul (Turkey), 2017- International Art Camp, Greece, 2016 - Baghmati Museum, Kathmandu, Nepal, 2016 International Artists Camp, Dubai (UAE), 2016- University of the Visual & Performing Arts, Colombo, 2015- Bangkok Biennale, Thailand, 2009- Artist Camp in Nagaland, NYK, Govt. of India আদিত চিত্ৰকলাৰ কৰ্মশালাত অংশ লয়।

বঁটা

অসমৰ পুথিচিত্ৰৰ বাবে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰনালয়ৰ অধীনত CCRT ৰ fellowship award 2014-15 to outstanding persons in the fields of culture লাভ কৰে।১১

উল্লেখনীয় কৰ্মৰাজি

পুথিচিত্ৰ শিল্পী সুজিত দাসৰ প্ৰচেষ্টাত নগাঁৱত 'আৰ্ট ভিলেজ' নামৰ আৰ্ট গেলেৰী, মিউজিয়াম গড় লৈ উঠিছে।১২ ১১ বছৰ ধৰি তেওঁ অসমীয়া শিশু কমিকছ ৰংমনত ব্যাখ্যাচিত্ৰ আঁকিছে। তেওঁ ১৯৯৯ চনৰ পৰা নগাঁৱৰ জ্যোতি চিত্ৰাংকন বিদ্যালয়ৰ অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰি আছে।

তথ্যসূত্ৰ

  1. ↑ (June 19, 2012). Contemporary Indian Artist Sujit Das, Nagaon: Assam. www.flickr.com
  2. ↑ (15 Sep 2010). Artists bid to popularise miniature art works. assamtribune.com
  3. ↑ Sujit Das making Assam proud. assamtimes.org. Retrieved on 5 July 2022
  4. ↑ AWARD IN AMRITSAR. MILANSAGAR Retrieved on 5 JULY 2022
  5. ↑ Artist chalks out route to Guinness. THE TIMES OF INDIA Retrieved on 5 JULY 2022
  6. ↑ Largest Paint Brush - Current world record. Guinness Book Retrieved on 5 July 2022
  7. ↑ Largest Paint Brush - Current world record. www.alternativerecords.co.uk/ Alternative Record UK Retrieved on 5 July 2022
  8. ↑ SUJIT DAS. TELEGRAPH INDIA Retrieved on 5TH JULY 2022
  9. ↑ SUJIT DAS. INDIA BOOK OF RECORDS Retrieved on 5TH JULY 2022
  10. ↑ Sujit Das workshop. TELEGRAPH INDIA. Retrieved on 5 July 2022
  11. ↑ www.indiaculture.nic.in/sites/default/files/Sche Sujit Das fellowship award 2014-15 to outstanding persons in the fields of culture. Indiaculture.nic.in. Retrieved on 5 July 2022
  12. ↑ www.milansagar.com/art/Sujit_Das/art_Sujit_Das_c Sujit Das's Chalk Sculptures milansagar. Retrieved on 7 July 2022

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ চিত্ৰশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুজিত দাস” প্ৰবন্ধৰ সংশোধন ৩২৬৮৫৮ (৭ জুলাই ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।