সুধা যাদৱ (Sudha Yadav; জন্ম: ১৬ অক্টোবৰ ১৯৬৫) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ সংসদীয় ব'ৰ্ডৰ সদস্য।
কৰ্মজীৱন
সুধা যাদৱে হাৰিয়ানাৰ মহেন্দ্ৰগড়ত নিৰ্বাচিত আসনৰ পৰা ১৯৯৪ চনৰ পৰা ২০০৪ চনলৈকে ত্ৰয়োদশ লোকসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
২০১৫ চনৰ ৩ জুলাইত তেওঁক বিজেপি অ'বিচি মৰ্চাৰ ৰাষ্ট্ৰীয় প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হয়।১২৩ ২০১৯ চনৰ পৰা ২০২২ চনলৈকে ভাৰত চৰকাৰৰ বাবে ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী আয়োগৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৪
২০২২ চনৰ ১৭ আগষ্টত তেওঁ বিজেপিৰ সংসদীয় ব'ৰ্ডৰ সদস্য হয়।৫ সুষমা স্বৰাজৰ পিছত এই পদত অধিষ্ঠিত হোৱা তেওঁ দ্বিতীয়গৰাকী মহিলা।৬
ব্যক্তিগত জীবন
১৯৮৭ চনত ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজি, ৰুৰকি (আই আই টি ৰুৰকি)ৰ পৰা ৰসায়ন বিজ্ঞানত এম এছ চি লাভ কৰে আৰু ১৯৯২ চনত ৰসায়ন বিজ্ঞানত পি এইচ ডি লাভ কৰে।৭ কাৰ্গিল যুদ্ধত তেওঁৰ স্বামী সীমান্ত সুৰক্ষা বাহিনীৰ ডেপুটি কমাণ্ডেণ্ট সুখবীৰ সিং যাদৱৰ মৃত্যু হয়। তেওঁলোকৰ দুটা সন্তান আছে।
১৯৯৯ লোক সভা নিৰ্বাচন
১৯৯৯ চনত ভাৰতৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (সেইসময়ৰ হাৰিয়ানা বিজেপিৰ ভাৰপ্ৰাপ্ত বিষয়া) সুধা যাদৱক সাধাৰণ নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে প্ৰস্তাৱ দিছিল। ৰাজনীতিত সেয়া তেওঁৰ প্ৰথম বছৰ আছিল।৮ বিজেপিয়ে তেওঁক তেওঁলোকৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে আৰু তেওঁ ৰাও ইন্দ্ৰজিৎ সিঙক ১.৩৯ লাখ ভোটত পৰাস্ত কৰে।৯
২০০৪ আৰু ২০০৯ চনত পৰৱৰ্তী নিৰ্বাচনত সুধা যাদৱ পৰাস্ত হয়।
সংসদীয় জীৱন
সংসদ সদস্য, লোকসভা (১৯৯৯-২০০৪) সদস্য,
সংসদীয় প্ৰতিৰক্ষা স্থায়ী সমিতি (১৯৯৯-২০০০) সদস্য,
ৰাজ্যিক ভাষা সমিতিৰ সদস্য (১৯৯৯-২০০০)
অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ হিন্দী চালাহকৰ সমিতিৰ সদস্য(১৯৯৯-২০০০)
যোগাযোগ মন্ত্ৰালয়ৰ পৰামৰ্শদাতা সমিতিৰ সদস্য (২০০০-০৪)
মহিলা সবলীকৰণৰ সংসদীয় স্থায়ী সমিতিৰ সদস্য (২০০০-০১)
তথ্যসূত্ৰ
- ↑ Amit Shah reshuffles BJP frontline, gives of key states to his confidants. The Economic Times
- ↑ With eye on Bihar polls, BJP to set up new OBC front
- ↑ (March 2023). BJP Questions JD(U)'s Source of Funds for Poll Campaign
- ↑ NCBC Previous Commissions
- ↑ BJP Parliamentary Board List
- ↑ Narendra bhai turned me to politics: BJP top panel’s Sudha Yadav
- ↑ National Commission for Backward Classes. ncbc.nic.in
- ↑ The shadow of a Martyr
- ↑ (17 August 2022). Who is Sudha Yadav?. The Financial Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুধা যাদৱ” প্ৰবন্ধৰ সংশোধন ৬৩৭৮২৫ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।