অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুজাতা মহপাত্ৰা

সুজাতা মহপাত্ৰা (: Sujata Mohapatra; জন্ম: ২৭ জুন ১৯৬৮) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু ওডিচি নৃত্য শৈলীৰ শিক্ষয়িত্ৰী।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ২৮১ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

সুজাতা মহপাত্ৰা (: Sujata Mohapatra; জন্ম: ২৭ জুন ১৯৬৮) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু ওডিচি নৃত্য শৈলীৰ শিক্ষয়িত্ৰী।১২

প্ৰাৰম্ভিক জীৱন আৰু পটভূমি

সুজাতা মহাপাত্ৰাৰ জন্ম ওডিশাৰ বালেশ্বৰত এখন হিন্দু কৰণ পৰিয়ালত হৈছিল। তেওঁ সৰুৰে পৰা গৰাকী গুৰু সুধাকৰ সাহুৰ পৰা ওডিশী নৃত্য শিকিবলৈ আৰম্ভ কৰিছিল।৩

১৯৮৭ চনত, তেওঁ ভুবনেশ্বৰ, ওডিশালৈ আহে আৰু ওডিশী ৰিচাৰ্চ চেণ্টাৰত পদ্মবিভূষণ গৰু কেলুচৰণ মহাপাত্ৰাৰ তত্বাৱধানত প্ৰশিক্ষণ লৈ অধিক নৃত্য শিক্ষাৰ উন্নতি সাধন কৰে।৪ তেওঁ গৰু কেলুচৰণ মহাপাত্ৰাৰ পুত্ৰ ৰতিকান্ত মহাপাত্ৰাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৫

তেওঁৰ জীয়াৰী প্ৰীতিশা মহাপাত্ৰাও এগৰাকী ওডিশী নৃত্যশিল্পী।

নৃত্যজীৱন আৰু অৱদান

সুজাতা মহাপাত্ৰাই ওডিশাৰ বিভিন্ন অনুষ্ঠানত সাহুৰ নৃত্যদলৰ সৈতে ওডিশী শাস্ত্ৰীয় আৰু লোকনৃত্য প্ৰদৰ্শন কৰাৰ জৰিয়তে নিজৰ নৃত্যযাত্ৰা আৰম্ভ কৰিছিল। গুৰু কেলুচৰণ মহাপাত্ৰাৰ তত্বাৱধানত, তেওঁৰ নৃত্যশৈলীৰ বিকাশ ঘটে, আৰু তেওঁ নিজৰ প্ৰজন্মৰ শ্ৰেষ্ঠ ওডিশী নৃত্যশিল্পীসকলৰ অন্যতম হিচাপে পৰিণত হয়।৬

সুজাটা মহাপাত্ৰাই ভাৰতৰ লগতে বিদেশতো একক নৃত্যশিল্পী আৰু তেওঁৰ শহুৰেক গুৰু কেলুচৰণ মহাপাত্ৰাই প্ৰতিষ্ঠা কৰা সৃজন নৃত্য দলৰ আগশাৰীৰ সদস্য হিচাপে অনুষ্ঠান পৰিৱেশন কৰে। ৭

তেওঁ ওডিশী নৃত্য শিক্ষাদানতো সক্ৰিয়ভাৱে জড়িত হৈ আছে। তেওঁ 'শৃজন' (ওডিশী নৃত্যবাসা)ৰ মুখ্য অধ্যক্ষা।৮ 'শৃজন' হৈছে ওডিশী নৃত্যৰ অন্যতম প্ৰধান প্ৰতিষ্ঠান আৰু ইয়াক গুৰু কেলুচৰণ মহাপাত্ৰাই প্ৰতিষ্ঠা কৰিছিল। তদুপৰি, তেওঁ উত্কল বিশ্ববিদ্যালয়ৰ পৰা ওৰিয়া সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে আৰু ভুবনেশ্বৰৰ ওডিশী ৰিচাৰ্চ চেণ্টাৰত গৱেষণা কৰি গৈছে।৯

জুলাই ২০১১ চনত, তেওঁ নিজৰ জন্মস্থান বালেশ্বৰত "গুৰু কীৰ্তি শৃজন" নামৰ এখন ওডিশী প্ৰতিষ্ঠান খুলিছিল।১০

বঁটা

  • সংগীত নাটক একাডেমী বঁটা, ২০১৭ চনত
  • কৃষ্ণ গণ সভাৰ পৰা নৃত্য চূড়ামণি, চেন্নাই, ২০১৪ ১১
  • মহাৰী বঁটা, পংকজ চৰণ ওডিছি ৰিচাৰ্চ ফাউণ্ডেশ্যন
  • দ্বিতীয় সঞ্জুক্ত পানীগ্ৰহী বঁটা, চিত্ৰ কৃষ্ণমূৰ্তি ৱাশ্বিংটন ডি.চি.
  • আদিত্য বিৰলা কলা কিৰণ বঁটা, মুম্বাই
  • ৰাজা ফাউণ্ডেশ্যন বঁটা, দিল্লী
  • ভাৰতৰ আশা, ২০০১ চন
  • নৃত্য ৰাগিনী, পুৰী, ২০০২
  • বৈশাখী বঁটা
  • প্ৰাণ নট সন্মান
  • অভি নন্দিকা, পুৰী, ২০০৪
  • ভীমেশ্বৰ প্ৰতিখা সন্মান, ২০০৪
  • ৰাজা বঁটা, ২০০৮
  • দূৰদৰ্শনৰ শীৰ্ষ গ্ৰেড শিল্পী আইচিচিআৰত অসাধাৰণ শ্ৰেণীৰ শিল্পী ১২

লগতে চাওক

  • নৃত্যত ভাৰতীয় মহিলা

তথ্যসূত্ৰ

  1. ↑ (28 March 2012). Israel to host Indian art exhibition · The South Asian Times
  2. ↑ Statuesque postures. The Hindu
  3. ↑ (10 November 2012). Friday Review Hyderabad / Dance: The state of Odissi. দ্য হিন্দু
  4. ↑ (2005-08-12). Entertainment Delhi / Dance: A feast for Delhi dance lovers. দ্য হিন্দু
  5. ↑ Mehta, Kamini. Odissi dancer Sujata Mohapatra mesmerizes school students. Times of India
  6. ↑ (2 October 2008). Friday Review Hyderabad / Dance: 'Discipline makes a good dancer'. দ্য হিন্দু
  7. ↑ IPAAC Home. www.ipaac.org
  8. ↑ (30 October 2008). Srjan GURU Kelucharan Odissi Nrityabasa ... www.srjan.com
  9. ↑ Interview - Sujata Mohapatra - Kiran Rajagopalan. www.narthaki.com
  10. ↑ Odisha HRD » Dance: Odissi
  11. ↑ (December 2014). Awards for veterans. The Hindu
  12. ↑ Sujata Mohapatra - Odissi Dancer | Awards

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুজাতা মহপাত্ৰা” প্ৰবন্ধৰ সংশোধন ৬৪০২৭৪ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।