সুনয়না হাজাৰিলাল অগ্ৰৱাল ( Sunayana Hazarilal Agarwal ) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু কথকৰ শাস্ত্ৰীয় নৃত্যৰ ক্ষেত্ৰত তেওঁৰ বিশেষজ্ঞতাৰ বাবে জনা যায়। কোৱা হয় যে কথকৰ জানকীপ্ৰসাদ ঘৰানা বা বেনাৰস ঘৰানাৰ তেওঁৰ একমাত্ৰ জীৱিত অনুশীলনকাৰী।১ ভাৰত চৰকাৰে ২০১১ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান পদ্মশ্ৰী প্ৰদান কৰি তেওঁক সন্মান জনায়।২
জীৱনী
মুম্বাইত ৰেলৱেৰ এজন বিষয়াৰ ঘৰত জন্মগ্ৰহণ কৰা সুনয়না হাজাৰীলাল সৰুৰে পৰাই শাস্ত্ৰীয় নৃত্য শিকিবলৈ আৰম্ভ কৰে।[4] পিতৃক আন ঠাইলৈ বদলি হোৱাৰ সময়ত কথক শিকাৰ স্বাৰ্থতে তেওঁ মুম্বাইৰ পৰা অন্য ঠাইলৈ যাবলৈ অস্বীকাৰ কৰে। তেওঁ বেনাৰস জানকীপ্ৰসাদ ঘৰানাৰ পৰিচিত প্ৰতিষ্ঠাপক গুৰু হাজাৰীলালৰ তত্বাৱধানত অনুশীলন কৰিছিল।৩
সুনয়না নটৱাৰী নৃত্য একাডেমীৰ সঞ্চালক[5] আৰু ভাৰতীয় বিদ্যা ভৱন, মুম্বাইৰ সংগীত আৰু নৃত্য শিক্ষাপীঠৰ কথক বিভাগৰ মুৰব্বী। ইয়াৰ উপৰিও তেওঁ আন বহুতো প্ৰতিষ্ঠানৰ ভিজিটিং ফেকাল্টী। আমেৰিকাৰ নিউয়ৰ্ক, ছান ফ্ৰান্সিস্কো আৰু ৰেলেত নৃত্য কৰ্মশালা অনুষ্ঠিত কৰাৰ লগতে ইটালী, জাৰ্মানী আৰু বেলজিয়ামৰ দৰে বহু দেশ ভ্ৰমণ কৰিছে। ১৯৯০ চনত লছ এঞ্জেলছৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত (ইউচিএলএ) অতিথি অধ্যাপক হিচাপেও কাম কৰি আহিছে।৪
বাহ্যিক সংযোগ
- (13 April 2012). Interview. Narthaki.com
- (3 July 2011). Performance elaborating Prastaar. Video. YouTube
- (3 July 2011). Performance explaining Abhinaya. Video. YouTube
- Official website
তথ্যসূত্ৰ
- ↑ (29 December 2017). How Indian classical dancer defied her family to rise to the top. South China Morning Post
- ↑ (2014). Padma Shri. Padma Shri
- ↑ (2014). Kathak.org. Kathak.org
- ↑ (13 April 2012). Interview. Narthaki.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুনয়না হাজাৰিলাল” প্ৰবন্ধৰ সংশোধন ৪৯১৮৩৭ (১৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।