সুতপা চক্ৰৱৰ্তী (Sutapa Chakraborty, জন্ম: ১১ ছেপ্টেম্বৰ ১৯৯১) এগৰাকী ভাৰতীয় কবি আৰু সাহিত্যিক। ২০২৪ চনত তেওঁ দেৰাজে হলুদ ফুল, গতজন্ম শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে বঙালী ভাষাৰ সাহিত্য অকাডেমি যুৱ বঁটা লাভ কৰে। ইয়াৰ লগে লগে তেওঁ অসমৰ পৰা বাংলা ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম গৰাকী ব্যক্তি হিচাপে পৰিগণিত হয়।১
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৯১ চনৰ ১১ ছেপ্টেম্বৰ তাৰিখে অসমৰ শ্ৰীভূমি জিলাত সুতপা চক্ৰৱৰ্তীৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম সুহাস কান্তি চক্ৰৱৰ্তী আৰু মাতৃ দীপালী চক্ৰৱৰ্তী। অসম বিশ্ববিদ্যালয়ৰ অধীনত কৰিমগঞ্জ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ অসম বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। ইয়াৰ পিছত তেওঁ গৱেষণামূলক কাম আৰম্ভ কৰে আৰু ২০২২ চনত একেখন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।২ কলেজীয়া জীৱনৰ পৰাই কবিতাৰ প্ৰতি আকৰ্ষিত হৈ থকা তেওঁ এক সুকীয়া শৈলীত কবিতা লিখিবলৈ লয়। বৰ্তমান তেওঁ শিলচৰৰ বাসিন্দা।
সাহিত্য চৰ্চা
কলেজত পঢ়ি থকাৰ সময়ৰ পৰায়ে তেওঁ লিখা-মেলা কৰি আহিছে। ২০২২ চনত কলকাতাৰ আদম প্ৰকাশনী দেৰাজে হলুদ ফুল, গতজন্ম প্ৰকাশ কৰে। ইয়াৰ বেছিভাগ কবিতা তেওঁ ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ সময়ত ৰচনা কৰিছিল।২ ইয়াৰ পূৰ্বে তেওঁৰ কবিতাৰ দুখন গ্ৰন্থ ভ্ৰমৰযান আৰু মায়াবিদ্যা নামৰ গ্ৰন্থ প্ৰকাশ পাইছে। মায়াবিদ্যা হৈছে ১০০টা ছনেটৰ সংকলন। এই কাব্যগ্ৰন্থখন কলকাতাৰ ভাষাশিল্পী প্ৰকাশনে প্ৰকাশ কৰিছে। গুৱাহাটীৰ প্ৰসূন বৰ্মন আৰু সঞ্জয় চক্ৰৱৰ্তীয়ে বাংলা সাহিত্য ও সংস্কৃতি সমাজৰ অধীনত প্ৰকাশ কৰা ভ্ৰমৰযান ছিলঠীয়া ভাষাৰ কবিতা পুথি। বৰ্তমান তেওঁ ‘তবুও প্ৰয়াস’ প্ৰকাশনীৰ ‘মহিলা আৰু ভাৰতীয় আইন’ পৰৱৰ্তী গ্ৰন্থৰ কামত ব্যস্ত।
বঁটা আৰু সন্মান
তথ্যসূত্ৰ
- ↑ (2024-06-16). Assamese author, 7 others from NE bag Sahitya Akademi awards. The Times of India
- ↑ Purkayastha, Biswa Kalyan. (15 Jun 2024). Bengali poet from Assam Sutapa Chakraborty wins Sahitya Akademi Yuva Puraskar. www.hindustantimes.com. HindustanTimes
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুতপা চক্ৰৱৰ্তী” প্ৰবন্ধৰ সংশোধন ৪২৩৪৩৬ (১৭ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।