অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুজাতা শৰ্মা

সুজাতা শৰ্মা:Sujata Sharma এগৰাকী ভাৰতীয় গঠনমূলক জীৱবিজ্ঞানী, জৈৱপদাৰ্থবিজ্ঞানী, লেখিকা আৰু দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ জৈৱপদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপিকা। প্ৰটিনৰ গঠন, ঔষধৰ ডিজাইন আৰু বেক্টেৰিয়াৰ ঔষধ প্ৰতিৰোধৰ ক্ষেত্ৰত অধ্যয়নৰ বাবে তেওঁ পৰিচিত।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৪৬৩ শব্দ · ৩ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

সুজাতা শৰ্মা:Sujata Sharma এগৰাকী ভাৰতীয় গঠনমূলক জীৱবিজ্ঞানী, জৈৱপদাৰ্থবিজ্ঞানী, লেখিকা আৰু দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ জৈৱপদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপিকা।১ প্ৰটিনৰ গঠন, ঔষধৰ ডিজাইন আৰু বেক্টেৰিয়াৰ ঔষধ প্ৰতিৰোধৰ ক্ষেত্ৰত অধ্যয়নৰ বাবে তেওঁ পৰিচিত।২ তেওঁৰ অধ্যয়নসমূহ কেইবাটাও প্ৰবন্ধৰ দ্বাৰা নথিভুক্ত কৰা হৈছে[টোকা ১] আৰু বৈজ্ঞানিক প্ৰবন্ধৰ অনলাইন ভঁৰাল ৰিচাৰ্চগেটে ইয়াৰে ১৬৭টা প্ৰবন্ধৰ তালিকা প্ৰস্তুত কৰিছে।১ তেওঁ "Warriors in White" আৰু "The Secret of the Red Crystals" নামৰ দুখন কিতাপ লেখিছে। Warriors in White কিতাপখন AIIMS দিল্লী আৰু ভাৰতৰ বিভিন্ন চিকিৎসালয়ত কৰ্মৰত COVID-19 যোদ্ধাসকলৰ জীৱনকথাৰ আধাৰত লিখা হৈছে, য’ত তেওঁ আধুনিক চিকিৎসা, জ্যোতিষ বিজ্ঞান আৰু বৈদিক জ্যোতিষবিদ্যাৰ সংমিশ্ৰণৰ জৰিয়তে কাহিনীবোৰ উপস্থাপন কৰিছে।৩ The Secret of the Red Crystals কিতাপখন AIIMS দিল্লীত থকা দিনবোৰৰ আধাৰত তেওঁৰ আত্মজীৱনীমূলক অভিজ্ঞতা অৱলম্বনেৰে লিখা হৈছে।৪

সুজাতা শৰ্মাৰ তৃতীয়টো কিতাপ "A Dragonfly's Purpose", তেওঁৰ আত্মজীৱনীমূলক ৰচনা, য’ত তেওঁ গুইলেন বাৰে চিণ্ড্ৰমৰ(Guillain Barre Syndrome) নামৰ স্বপ্ৰতিৰোধী ৰোগৰ পৰা আৰোগ্য হোৱাৰ কাহিনী ব্যক্ত কৰিছে।৫ভাৰত চৰকাৰৰ জৈৱ প্ৰযুক্তি বিভাগে ২০১১ চনত জৈৱ বিজ্ঞানলৈ তেওঁৰ অৱদানৰ বাবে ভাৰতীয় বিজ্ঞানৰ অন্যতম উচ্চতম বঁটা কেৰিয়াৰ বিকাশৰ বাবে ৰাষ্ট্ৰীয় জৈৱ বিজ্ঞান বঁটা( National Bioscience Award for Career Development) প্ৰদান কৰে।৬ ইয়াৰ উপৰিও তেওঁ ভাৰতীয় বায়'টেক ৰিচাৰ্চ ছ'চাইটিৰ Biotech Research Society of Indiaমহিলা বিজ্ঞানী বঁটা৭ আৰু জৈৱ প্ৰযুক্তি বিভাগৰ ৰাষ্ট্ৰীয় যুৱতী জৈৱ বিজ্ঞানী বঁটাও (National Young Woman Bioscientist Award) লাভ কৰে যিটো তেওঁ ক্ৰমে ২০০৬ আৰু ২০০৭ চনত লাভ কৰে।৮ ২০২০ চনত বিজ্ঞানত তেওঁৰ অৱদানৰ বাবে তেওঁ কল্পনা চাওলা উৎকৰ্ষতা বঁটা,৯ লাভ কৰে। মহাকাশ অভিযানত যোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা মহাকাশচাৰী কল্পনা চাওলাৰ স্মৃতিত এই বঁটা প্ৰতিষ্ঠা কৰা হৈছে।

গাঁথনিগত জীৱবিজ্ঞানত অৱদান

সুজাতা শৰ্মা আছিল প্ৰথমগৰাকী গাঁথনিগত জীৱবিজ্ঞানী যিয়ে লেক্ট’ফেৰিনৰ N- আৰু C-টাৰ্মিনেল আণৱিক অৰ্ধৰ প্ৰটিঅ’লাইটিক উৎপাদন সফলতাৰে প্ৰদৰ্শন কৰিছিল, C-লোবক স্ফটিকীয় কৰি তুলিছিল আৰু ত্ৰিমাত্ৰিক গঠন নিৰ্ণয় কৰিছিল ১০১১ তেওঁৰ অধ্যয়নে এই কথাটো প্ৰতিষ্ঠা কৰিছে যে লেক্ট’ফেৰিনৰ অবান্ধি ৰখা নন-ষ্টেৰয়ড এন্টি-ইনফ্লেমেটৰী ঔষধ (NSAIDs) চিলেট কৰাত প্ৰত্যক্ষ ভূমিকা আছে যিয়ে পাছলৈ নেতৃত্ব দিয়ে এন এছ এ আই ডিৰ দ্বাৰা প্ৰৰোচিত গেষ্ট্ৰ'পেথী হ্ৰাস পায়। ১২

জন্মগত ৰোগ প্ৰতিৰোধ ক্ষমতাৰ এটা উপাদান আৰু পোক-পৰুৱাৰ পৰা স্তন্যপায়ী প্ৰাণীলৈকে সংৰক্ষিত পেপ্টিড'গ্লাইকেন চিনাক্তকৰণ প্ৰ'টিনৰ গঠন নিৰ্ণয়ৰ ওপৰত কৰা অধ্যয়নে এই প্ৰ'টিনক প্ৰাকৃতিক প্ৰ'টিন এন্টিবায়টিক হিচাপে বিকাশৰ বাবে এক নতুন দিশ দিছে।১৩১৪ লেক্ট'পেৰাঅক্সিডেজ ব্যৱস্থাৰ ওপৰত কৰা গাঁথনিগত অধ্যয়নে ইয়াৰ অজৈৱিক আয়ন ছাবষ্ট্ৰেট, হাইড্ৰজেন পেৰাক্সাইড আৰু অক্সিডাইজড সামগ্ৰীৰ সৈতে এই এন্টিমাইক্ৰ'বিয়াল প্ৰ'টিনৰ গঠন-কাৰ্য্য আন্তঃসম্পৰ্কৰ বিষয়ে নতুন অন্তৰ্দৃষ্টি প্ৰদান কৰিছে।১৫১৬ SPX-40 ৰ ওপৰত তেওঁৰ গাঁথনিগত অধ্যয়নে প্ৰমাণ কৰিছে যে এই অণুটোৱে স্তন কেন্সাৰ কোষৰ বাবে সুৰক্ষামূলক সংকেত প্ৰদানকাৰী কাৰক হিচাপে কাম কৰে আৰু এই প্ৰটিনক স্তন কেন্সাৰৰ বাবে ঔষধৰ লক্ষ্য হিচাপে বৈধতা প্ৰদান কৰিছে।১৭ এই প্ৰটিন লক্ষ্যৰ বিৰুদ্ধে সৰু জৈৱিক আৰু অজৈৱিক যৌগ আৰু পেপটাইডৰ প্ৰতিৰোধক ডিজাইনৰ কামতো তেওঁ জড়িত হৈ আহিছে। কেইবাটাও প্ৰাণী মডেলত এই লিগাণ্ডসমূহৰ শক্তি সফলতাৰে প্ৰদৰ্শন কৰিছে।

বঁটা আৰু সন্মান

  • ২০২১ চনত বিজ্ঞানৰ জনসাধাৰণৰ বুজাবুজি আৰু জনপ্ৰিয়কৰণত টি ডব্লিউ এ এছ আঞ্চলিক বঁটা
  • ২০২০ চনত কল্পনা চাওলা উৎকৃষ্টতাৰ বঁটা
  • ২০১১ চনত কেৰিয়াৰ বিকাশৰ বাবে ৰাষ্ট্ৰীয় জৈৱবিজ্ঞান বঁটা।
  • ২০০৭ চনত জৈৱ প্ৰযুক্তি বিভাগৰ ৰাষ্ট্ৰীয় যুৱতী জৈৱবিজ্ঞানী বঁটা
  • ২০০৬ চনত ভাৰতীয় বায়’টেক ৰিচাৰ্চ ছ’চাইটিৰ মহিলা বিজ্ঞানী বঁটা

পুথিসমূহ

  • সুজাতা শৰ্মা (১১ জানুৱাৰী ২০২১) – Warriors in White, Notion Press, ISBN 978-1-637455-11-1।
  • সুজাতা শৰ্মা (১২ ছেপ্টেম্বৰ ২০১৯) – A Dragonfly's Purpose, Notion Press, ISBN 978-1-64650-765-8।
  • সুজাতা শৰ্মা (১৬ অক্টোবৰ ২০১৭) – The Secret of the Red Crystals, Notion Press, ISBN 978-1-947988-83-5।

তথ্যসূত্ৰ

  1. ↑ (2018-01-29). On ResearchGate
  2. ↑ (2018-01-30). Sujata Sharma on AIIMS. AIIMS New Delhi
  3. ↑ Sharma, Sujata. (11 January 2021). Warriors in White. Notion Press. ISBN 978-1-637455-11-1
  4. ↑ Sujata Sharma. (16 October 2017). The Secret of the Red Crystals. Notion Press. পৃ. 11–. ISBN 978-1-947988-83-5
  5. ↑ Sujata Sharma. (12 September 2019). A Dragonfly's Purpose. Notion Press. পৃ. 206. ISBN 978-1-64650-765-8
  6. ↑ (2016). Awardees of National Bioscience Awards for Career Development. Department of Biotechnology
  7. ↑ (2018-01-30). Woman Scientist Award. Biotech Research Society of India
  8. ↑ (2018-01-30). National Young Woman Bioscientist Award. Department of Biotechnology
  9. ↑ Kalpana Chawla Excellence Award 2020. Tribune India
  10. ↑ Sharma, S.; Jasti, J.; Kumar, J. (2003). Crystal structure of a proteolytically generated functional monoferric C-lobe of bovine lactoferrin at 1.9A resolution.. Journal of Molecular Biology. পৃ. 485–96
  11. ↑ Sharma, Sujata; Sinha, Mau; Kaushik, Sanket. (2013). C-lobe of lactoferrin: the whole story of the half-molecule.. Biochemistry Research International. পৃ. 1–8
  12. ↑ Mir, Rafia; Singh, Nagendra; Vikram, Gopalakrishnapillai. (2010). Structural and binding studies of C-terminal half (C-lobe) of lactoferrin protein with COX-2-specific non-steroidal anti-inflammatory drugs (NSAIDs).. Archives of Biochemistry and Biophysics. পৃ. 196–202
  13. ↑ Sharma, P.; Singh, N.; Sinha, M. (2008). Crystal structure of the peptidoglycan recognition protein at 1.8 A resolution reveals dual strategy to combat infection through two independent functional homodimers.. Journal of Molecular Biology. পৃ. 923–32
  14. ↑ Sharma, P.; Dube, D.; Singh, A. (2011). Structural basis of recognition of pathogen-associated molecular patterns and inhibition of proinflammatory cytokines by camel peptidoglycan recognition protein.. The Journal of Biological Chemistry. পৃ. 16208–17
  15. ↑ Singh, Prashant K.; Iqbal, Naseer; Sirohi, Harsh V. (2018). Structural basis of activation of mammalian heme peroxidases.. Progress in Biophysics and Molecular Biology. পৃ. 49–55
  16. ↑ Singh, A. K.; Singh, N.; Sharma, S. (2008). Crystal structure of lactoperoxidase at 2.4 A resolution. Journal of Molecular Biology. পৃ. 1060–75
  17. ↑ Chaudhary, A.; Kumar, V.; Singh, P. K. (2018). A glycoprotein from mammary gland secreted during involution promotes apoptosis: Structural and biological studies. Archives of Biochemistry and Biophysics. পৃ. 72–80

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুজাতা শৰ্মা” প্ৰবন্ধৰ সংশোধন ৬২৪০৩০ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।