অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুজাতা চাহু

সুজাতা চাহু (Sujata Sahu) এগৰাকী ভাৰতীয় সামাজিক উদ্যোগী ৷ শিক্ষয়িত্ৰী হিচাপে কাম কৰি তেওঁ ১৭০০০ ফুট ফাউণ্ডেচন স্থাপন কৰিছিল। লাডাখ আৰু ছিকিমৰ দুৰ্গম গাঁওসমূহত বিদ্যালয়ৰ অৱস্থা উন্নত কৰাৰ উদ্দেশ্যেৰে এই ফাউণ্ডেচন স্থাপন কৰা হৈছিল।

হালনাগাদ: ২৩ আগষ্ট ২০২৫ ২২৭ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

সুজাতা চাহু (Sujata Sahu) এগৰাকী ভাৰতীয় সামাজিক উদ্যোগী ৷ শিক্ষয়িত্ৰী হিচাপে কাম কৰি তেওঁ ১৭০০০ ফুট ফাউণ্ডেচন স্থাপন কৰিছিল। লাডাখ আৰু ছিকিমৰ দুৰ্গম গাঁওসমূহত বিদ্যালয়ৰ অৱস্থা উন্নত কৰাৰ উদ্দেশ্যেৰে এই ফাউণ্ডেচন স্থাপন কৰা হৈছিল। বেচৰকাৰী সংস্থাটোৱে দূৰৱৰ্তী সীমান্তৱৰ্তী বিদ্যালয়সমূহক শিক্ষকসকলৰ কঠোৰ প্ৰশিক্ষণৰ লগতে পুথিভঁৰাল, খেলপথাৰ আৰু ডিজিলেব প্ৰদান কৰি সমগ্ৰ বিদ্যালয় পৰিৱৰ্তন প্ৰকল্প হাতত লৈছে। চাহুৱে তেওঁৰ কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে ২০১৫ চনৰ নাৰী শক্তি পুৰস্কাৰ আৰু ২০১৯ চনত ডব্লিউ টি আই (উইমেন ট্ৰেন্সফৰ্মিং ইণ্ডিয়া) ২০১৯ বঁটা লাভ কৰে।

কেৰিয়াৰ

চাহুৱে ৯ বছৰ আমেৰিকাত কৰ্পৰেট খণ্ডত কাম কৰাৰ পিছত গুৰগাঁওলৈ উলটি আছে আৰু এন চি আৰ দিল্লীৰ শ্ৰী ৰাম স্কুলত শিক্ষক হৈ গণিত আৰু কম্পিউটাৰ বিজ্ঞানৰ শিক্ষা প্ৰদান কৰে। ১ ২ ৩ ২০১০ চনৰ জুন মাহত লাডাখত তেওঁ একক ট্ৰেকিং কৰিছিল। এই সময়ত যেতিয়া তেওঁ উচ্চ উচ্চতাৰ পালমোনাৰী ইডিমা অনুভৱ কৰিছিল তেতিয়া তেওঁ এখন দূৰৱৰ্তী গাঁৱত সুস্থ হ’বলৈ বুলি জিৰণি লৈছিল। ৩ তাত থকা পৰিস্থিতিৰ সাক্ষী হৈ তেওঁ স্থানীয় স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উন্নত সুবিধা প্ৰদানৰ বাবে এটা বেচৰকাৰী সংস্থা (এন জি অ’) গঠন কৰাৰ সিদ্ধান্ত লয়। ১

১৭০০০ ফুট ফাউণ্ডেচন

চাহুৱে ২০১১ চনত স্বামী সন্দীপ চাহু আৰু দোৱা জোৰাৰ সৈতে মিলি ১৭০০০ ফুট ফাউণ্ডেচন স্থাপন কৰিছিল। সমুদ্ৰপৃষ্ঠৰ পৰা ১৭ হাজাৰ ফুট উচ্চতালৈকে তেওঁলোকে কৰা ট্ৰেকিংৰ নামত তেওঁলোকে এন জি অ’টোৰ নাম ৰাখিছে। ৪ স্বেচ্ছাসেৱীসকলৰ দ্বাৰা পৰিচালিত এক অধ্যয়ন কৰি তেওঁলোকে সমগ্ৰ লাডাখৰ ৬০০খন বিদ্যালয় চিনাক্ত কৰি মেপিং কৰিলে। ফাউণ্ডেচনে ১৪০খন বিদ্যালয়ক খেলপথাৰ প্ৰদান কৰাৰ লগতে ২৩০খন বিদ্যালয়ক পুথিভঁৰাল দান কৰি হিন্দু, ইংৰাজী আৰু উৰ্দু ভাষাৰ কিতাপ প্ৰদান কৰিছে। যিহেতু লাডাখী ভাষা ভোটিত কোনো কিতাপ উপলভ্য নাছিল, সেয়েহে ২০১৫ চনত ফাউণ্ডেচনে অনুবাদৰ বাবে ধন আগবঢ়াইছিল আৰু ২১,০০০ খন গল্প পুথি যোগান ধৰিছিল। ৪ ২০১৩ চনত ফাউণ্ডেচনে স্বেচ্ছাসেৱী কাৰ্যসূচী আৰম্ভ কৰে, য’ত স্বেচ্ছাসেৱী শিক্ষকসকলক বিদ্যালয়ৰ সৈতে মিলাই দিয়া হয়। ৫ প্ৰতিখন বিদ্যালয়ৰ বাবে প্ৰতি বছৰে এজনকৈ স্বেচ্ছাসেৱকক নিয়োগ কৰা হৈছিল। ৬ সামাজিক উদ্যোগীকৰণৰ বাবে চাহুৱে ২০১৫ চনৰ নাৰী শক্তি পুৰস্কাৰ লাভ কৰে৷ ৭ ২০১৯ চনত নিটি আয়োগে উইমেন ট্ৰেন্সফৰ্মিং ইণ্ডিয়া বঁটাৰেও তেওঁক সন্মানিত কৰে ৷ ৭

তথ্যসূত্ৰ

  1. ↑ (21 December 2018). https://www.indiatoday.in/education-today/how-i-made-it/story/iron-lady-sujata-sahu-transforming-ladakh-mountain-schools-html-1414511-2018-12-21
  2. ↑ Joshi, Komal. (24 July 2020). Making Education and Technology Reach the Remote Villages of Ladakh. The Stories Of Change
  3. ↑ https://www.scoonews.com/news/sujata-sahu-transforming-lives-of-thousands-of-children-in-remote-ladakh-1847
  4. ↑ (21 December 2018). https://www.indiatoday.in/education-today/how-i-made-it/story/iron-lady-sujata-sahu-transforming-ladakh-mountain-schools-html-1414511-2018-12-21
  5. ↑ (8 November 2014). https://www.theweekendleader.com/Heroism/2038/height-of-concern.html
  6. ↑ (19 May 2018). https://economictimes.indiatimes.com/magazines/panache/take-a-break-opt-for-some-me-time-brilliant-options-to-make-solo-travel-a-dream/articleshow/64230836.cms
  7. ↑ Joshi, Komal. (24 July 2020). Making Education and Technology Reach the Remote Villages of Ladakh. The Stories Of Change

সম্পৰ্কিত শ্ৰেণী

নাৰী শক্তি পুৰস্কাৰ বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুজাতা চাহু” প্ৰবন্ধৰ সংশোধন ৫৩৪৫৫২ (২৩ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।