অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুনীতা মণি

সুনীতা মণি (ইংৰাজী: Sunita Mani; জন্ম: ১৩ ডিচেম্বৰ, ১৯৮৬) এগৰাকী আমেৰিকান অভিনেত্ৰী, নৃত্যশিল্পী আৰু কৌতুক অভিনেত্ৰী। তেওঁ বিশেষকৈ ইউএচএ নেটৱৰ্কৰ ড্ৰামা ধাৰাবাহিক মিষ্টাৰ ৰবটত (২০১৫–২০১৭) ট্ৰেণ্টন আৰু নেটফ্লিক্সৰ কমেডী ধাৰাবাহিক গ্ল’ত (২০১৭–২০১৯) আৰ্থি প্ৰেমকুমাৰৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে জনাজাত।

হালনাগাদ: ৩০ এপ্ৰিল ২০২৬ ২২৯ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

সুনীতা মণি (ইংৰাজী ভাষা: Sunita Mani; জন্ম: ১৩ ডিচেম্বৰ, ১৯৮৬) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী, নৃত্যশিল্পী আৰু কৌতুক অভিনেত্ৰী। তেওঁ বিশেষকৈ ইউএচএ নেটৱৰ্কৰ ড্ৰামা ধাৰাবাহিক মিষ্টাৰ ৰবটত (২০১৫–২০১৭) ট্ৰেণ্টন আৰু নেটফ্লিক্সৰ কমেডী ধাৰাবাহিক গ্ল’ত (২০১৭–২০১৯) আৰ্থি প্ৰেমকুমাৰৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে জনাজাত।১ মণিয়ে ২০২০ চনৰ কথাছবি চেভ ইউৰচেলফচ! আৰু ইভিল আইত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।২

প্ৰাৰম্ভিক জীৱন

সুনীতা মণিৰ জন্ম ভাৰতৰ তামিলনাডুৰ উষা আৰু ভেঙ্ক মণিৰ ঘৰত হৈছিল।৩৪৫

তেওঁ ২০০৪ চনত টেনেচীৰ ডিক্সনৰ ডিক্সন কাউণ্টি হাইস্কুলৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।৬৪

২০০৮ চনত এমাৰচন কলেজৰপৰা লিখনিত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত,৭ য'ত তেওঁ ষ্টেণ্ড-আপ কমেডীৰ অভিজ্ঞতা লাভ কৰিছিল, মণিয়ে তিনি বছৰৰ বাবে আপৰাইট চিটিজেন ব্ৰিগেডত যোগদান কৰে আৰু তাত তেওঁ ইমপ্ৰুভ কমেডীৰ বিষয়ে অধিক জ্ঞান আহৰণ কৰে।৬

কৰ্মজীৱন

এমটিভিৰ ৱেব টিভি পাইলট ৰাইটাৰ্ছ ব্লকত অভিনয় কৰি তেওঁ নিজৰ অভিনয় জীৱন আৰম্ভ কৰিছিল। ইয়াৰ উপৰি তেওঁ বাৰ্গাৰ কিং আৰু লেভিছৰ দৰে কেইবাটাও ব্যাৱসায়িক বিজ্ঞাপনতো অভিনয় কৰিছিল।৮৯১০

তেওঁৰ প্ৰথম চলচ্চিত্ৰত উপস্থিতি আছিল ডেন চেলিটৰদ্বাৰা ৰচিত আৰু পৰিচালিত আমেৰিকান ড্ৰামা দ্য আনস্পিকেবল এক্ট (২০১২), যিখন ছবিয়ে ছাৰাচোটা ফিল্ম ফেষ্টিভেলৰ 'ইণ্ডিপেণ্ডেণ্ট ভিজনছ এৱাৰ্ড' লাভ কৰিছিল। ২০১৩ চনৰ ডিচেম্বৰ মাহত মুক্তি পোৱা "টাৰ্ণ ডাউন ফৰ হোৱাট" গীতটোৰ সংগীত ভিডিঅ’ত কৰা নৃত্য প্ৰদৰ্শনেৰে মণীয়ে ব্যাপক জনপ্ৰিয়তা লাভ কৰে। তেওঁ ড্ৰামা-থ্ৰীলাৰ টেলিভিছন ধাৰাবাহিক মিষ্টাৰ ৰবটত ট্ৰেণ্টনৰ চৰিত্ৰত অভিনয় কৰিছিল।১১ ২০১৬ চনত তেওঁ ডোণ্ট থিংক টুইচ, ব্ৰড চিটীৰ এটা খণ্ড আৰু দ্য গুড প্লেচৰ কেইবাটাও খণ্ডত অভিনয় কৰে। তেওঁক ২০১৭ চনৰ নেটফ্লিক্স ধাৰাবাহিক গ্ল’ আৰু ৰিয়ান ৰেনল্ডছৰ সৈতে স্পিৰিটেড ছবিত অভিনয় কৰিবলৈ নিৰ্বাচিত কৰা হৈছিল।১২১৩ ২০২৩ চনত তেওঁ এইচবিঅ’ মেক্সৰ ধাৰাবাহিক স্কেভেঞ্জাৰ্চ ৰেইনত মুখ্য চৰিত্ৰ উৰ্চুলাৰ বাবে কণ্ঠদান কৰে।১৪ ২০২৬ চনত তেওঁ নেটফ্লিক্সৰ ধাৰাবাহিক হিজ এণ্ড হাৰ্চত প্ৰিয়া পেটেল হিচাপে অভিনয় কৰিছে।১৫

মণি অল্ট-কমেডী গোট 'কোকুন চেণ্ট্ৰেল ডান্স টিম'ৰ এগৰাকী সদস্য।১৬

তথ্যসূত্ৰ

  1. ↑ (March 21, 2014). Behind the Scenes of the "Turn Down for What" Music Video—An Interview with Sunita Mani. Cream City, MD
  2. ↑ Verhoeven, Beatrice. (2020-10-13). 'Evil Eye' Star Sunita Mani on the 'Spooky' Similarities Between the Movie and Her Life. TheWrap
  3. ↑ Wagner, Sydney. (January 15, 2020). Dr. Venk Mani steps down as Dickson Co. medical examiner after nearly 40 years. The Tennessean
  4. ↑ Gadd, Chris. (June 28, 2018). Sunita Mani of Netflix's 'GLOW': Dickson nurtured her offbeat style. The Tennessean
  5. ↑ Jhunjhunwala, Udita. (October 18, 2020). Sunita Mani interview: 'We're having a moment, there will be more equalised seating at the table'. Scroll.in
  6. ↑ Pudzianowski, Lydia. (March 8, 2018). Sunita Mani Defies Comfort Zones. FLOOD Magazine
  7. ↑ "Emerson Alums Named to Forbes 30 Under 30", Emerson Today, December 12, 2023
  8. ↑ Chitnis, Deepak. (June 2, 2014). That girl with the funky dance moves in 'Turn Down for What' is Sunita Mani. The American Bazaar
  9. ↑ Handler, Rachel. (1 October 2020). Sunita Mani Is Taking Up Space. Vulture
  10. ↑ (March 24, 2023). Sunita Something. Tumblr
  11. ↑ Top 20 Countdown: Guest Host Miss Info + Her Baby Get "Butt Popped". VH1+Music
  12. ↑ Funny Bone: Sunita Mani Is Taking Control Of The Narrative · Grazia India. www.grazia.co.in
  13. ↑ Kroll, Justin. (2021-06-24). ‘GLOW’ Alum Sunita Mani Joins Apple’s ‘Christmas Carol’ Musical ‘Spirited’ Starring Will Ferrell And Ryan Reynolds. Deadline
  14. ↑ Scavengers Reign
  15. ↑ Calhoun, Raquel. (9 January 2026). 'His & Hers' Cast and Character Guide: Who Plays Who in the Murder Thriller?. TheWrap
  16. ↑ About. Cocoon Central Dance Team

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পীভাৰতীয় মূলৰ আমেৰিকান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুনীতা মণি” প্ৰবন্ধৰ সংশোধন ৬০৩৬২৯ (৩০ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।