সুধা মালহোত্ৰা ( Sudha Malhotra) ৩০ নৱেম্বৰ ১৯৩৬ চনত নতুন দিল্লীত জন্ম গ্ৰহণ কৰা এগৰাকী ভাৰতীয় কথাছবিৰ নেপথ্য সংগীত গায়িকা। গায়কীৰ উপৰিও তেওঁ বলীউডৰ কেইখনমান ছবিত অভিনয় কৰিছিল৷ নেপথ্য গায়িকা হিচাপে ১৯৫০ আৰু ১৯৬০ চনৰ বলীউডৰ জনপ্ৰিয় চিনেমা যেনে, আৰজু, ধূল কা ফুল, অব দিল্লী দুৰ নেহী, গাৰ্ল ফ্ৰেণ্ড, বৰসাত কি ৰাত, দিদি আৰু দেখ কবিৰা ৰোয়াত কাম কৰিছিল। শেষবাৰৰ বাবে তেওঁ ৰাজ কাপুৰৰ প্ৰেম ৰোগ (১৯৮২) ছবিত "য়েহ প্যাৰ থা ইয়া কুচ ঔৰ থা" গীতত তেওঁৰ কণ্ঠ শুনা গৈছিল।১ হিন্দী গীতৰ উপৰি অৰুণ দেটৰ সৈতে বহু জনপ্ৰিয় মাৰাঠী গীত(ভৱগীত) গাইছিল সুধা মালহোত্ৰাই।
২০১৩ চনত ৬৪ তম্ গণতন্ত্ৰ দিৱসৰ প্ৰাক্কালত২ তেওঁ ভাৰত চৰকাৰে প্ৰদান কৰা পদ্মশ্ৰী বঁটা লাভ কৰে।৩
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
সুধাৰ জন্ম হৈছিল পাঞ্জাৱৰ কুৰুক্ষেত্ৰ নগৰত৪ এক পাঞ্জাবী হিন্দু পৰিয়ালত নতুন দিল্লীত সুধাই জন্মগ্ৰহণ কৰিছিল আৰু একাধিক ঠাইত ডাঙৰ-দীঘল হৈছিল; লাহোৰ, ভূপাল আৰু ফিৰোজপুৰত। তেওঁৰ চাৰিগৰাকী ভাই-ভনী আছিল আৰু তাৰ ভিতৰত তেওঁ আছিল ডাঙৰ৷ আন ভাই ভনীসকলৰ নাম- অৰুণ, বিজয় আৰু কিৰণ। সুধাই আগ্ৰা বিশ্ববিদ্যালয়ৰ পৰা সংগীত বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।
কেৰিয়াৰ
সুধা মালহোত্ৰাক এক শিশু শিল্পী হিচাপে প্ৰথম আৱিষ্কাৰ কৰিছিল ভাৰত আৰু পাকিস্তানৰ সংগীতকাৰ মাষ্টাৰ গুলাম হাইদৰে, যি ১৯৪০ চনৰ এজন বিশিষ্ট সংগীত পৰিচালক আছিল।৫ তেওঁ আৰজু নামৰ কথাছবিত সুধাৰ অভিষেক ঘটায়।১ চিকাগো ৰেডিঅ’ মাইক কোম্পানীৰ মালিকৰ পৰিয়ালৰ ব্যৱসায়ী গিৰিধৰ মটৱনী সৈতে সুধা মালহোট্ৰা বিবাহপাশত আৱদ্ধ হয়৷ ইয়াৰ পিছত ১৯৬০ চনত তেওঁ চলচ্চিত্ৰ জগতৰ পৰা অৱসৰ গ্ৰহণ কৰে। তাৰ পিছৰ বছৰবোৰত তেওঁ কেইটামান গীতৰ এলবাম উলিয়াইছিল, তাৰ ভিতৰত গজল গায়ক জগজিৎ সিঙৰ ইন এ মুড অৱ লাভৰ বাবেও গীত ৰেকৰ্ডিং কৰে। ১৯৮২ চনত ৰাজ কাপুৰৰ প্ৰেম ৰোগ ছবিৰ বাবে তেওঁ গীত গাইছিল।
তেওঁৰ কিছুমান জনপ্ৰিয় মাৰাঠী গীত হ'ল (ভৱগীত) - "শুক্ৰাতাৰা মাণ্ডোৱাৰা", "হাত তুজা হাতাত" আৰু "দিবাস তুঝে হে ফুলেচে" আৰু এই সকলোবোৰ গীত অৰুণ ডেটৰ সৈতে যুটীয়াভাবে গোৱা হৈছিল। সুধাই মুঠ ১৫৫ খন ছবিত ২৬৪ টা গীত গাইছে। তেওঁ নিজে ৰচনা কৰা “তুম মুঝে ভুল ভি যাও’’ গীতটো এটা জনপ্ৰিয় গীত৷২ সুধাই লতা মংগেশকাৰ, মান্না দে, তালাত মাহমুদ, গীতা দত্ত আদি বিখ্যাত শিল্পীৰ সৈতে গীত পৰিৱেশন কৰিছিল৷৪
ব্যক্তিগত জীৱন
সুধা মালহোত্ৰাই গিৰিধৰ মটৱানীক বিয়া কৰায়, যাৰ পৰিয়ালৰ সদস্য চিকাগো ৰেডিঅ'ৰ মালিক।৬ বিয়াৰ পিছত গীতিকাৰ ছাহিৰ লুধিয়ানভিৰ সৈতে তেওঁৰ কিছু ফটো ব্লিটজ আলোচনীত প্ৰকাশ পাইছিল। তেওঁ বাৰে বাৰে তেওঁলোকৰ সম্পৰ্কৰ কথা অস্বীকাৰ কৰিছিল আৰু পিছত ব্লিটজ আলোচনীৰ ফালৰ পৰা ক্ষমা প্ৰাৰ্থনা প্ৰকাশ কৰা হৈছিল। এইটো বিশ্বাস কৰা হয় যে, সুধা মালহোত্ৰাৰ বিবাহৰ কথা চূড়ান্ত হোৱাৰ সময়ত লুধিয়ানৱীয়ে চলো এক বৰ ফিৰ ছে আজনবী বন যায়ে হাম দোনো এই বিখ্যাত গীতটো ৰচনা কৰিছিল৷
কথাছবি
সুধাই কেইবাখনো কথাছবিত অভিনয় কৰিছিল৷ সেইবোৰ হ’ল, আৰজু, অব দিল্লী দুৰ নেহী, প্ৰেমিকা, দেখ কবিৰা ৰোয়া (১৯৫৭), ধূল কা ফুল(১৯৫৯), বৰসাত কি ৰাত (১৯৬০), গৌহৰ, দিল-ই-নাদান (১৯৫৩), বাবৰ, দিদি আৰু প্ৰেম ৰোগ (১৯৮২)৷
তথ্যসূত্ৰ
- ↑ Notes from the past The Tribune, 12 October 2008
- ↑ পদ্ম
- ↑ (25 January 2013). Padma Awards Announced. Ministry of Home Affairs
- ↑ সুধা মালহোট্ৰা
- ↑ Profile of Ghulam Haider on Indian Cinema Heritage Foundation website Retrieved 17 January 2022
- ↑ "Kashti Ka Khamosh Safar Hai" - Sudha Malhotra
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুধা মালহোট্ৰা” প্ৰবন্ধৰ সংশোধন ৫১৫১৫১ (৫ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।