অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

যশস্বী জয়ছোৱাল

যশস্বী ভূপেন্দ্ৰ কুমাৰ জয়ছোৱাল (Yashasvi Jaiswal, জন্ম ২৮ ডিচেম্বৰ ২০০১) ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ যি ভাৰতীয় ক্ৰিকেট দলৰ হৈ টেষ্ট আৰু টি-২০ত খেলে।

হালনাগাদ: ২৫ এপ্ৰিল ২০২৬ ২২৫ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

যশস্বী ভূপেন্দ্ৰ কুমাৰ জয়ছোৱাল (Yashasvi Jaiswal, জন্ম ২৮ ডিচেম্বৰ ২০০১) ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ যি ভাৰতীয় ক্ৰিকেট দলৰ হৈ টেষ্ট আৰু টি-২০ত খেলে। ২০২৩ চনৰ জুলাই মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায় আৰু টেষ্ট ক্ৰিকেটৰ প্ৰথম ইনিংছত শতক অৰ্জন কৰে।১ ঘৰুৱা ক্ৰিকেটত তেওঁ মুম্বাই আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ফ্ৰেঞ্চাইজি ৰাজস্থান ৰয়েলছৰ হৈ খেলে। ২০১৯ চনত তেওঁ তালিকা এ ক্ৰিকেটত দ্বৈত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।২

২০২৩ চনত যশস্বী জয়ছোৱাল ২০২২ চনৰ এছিয়ান গেমছত সোণৰ পদক লাভ কৰা ভাৰতীয় দলৰ সদস্য আছিল৷ তেওঁ ২০২০ চনৰ ১৯ অনুৰ্ধ ক্ৰিকেট বিশ্বকাপৰ চূড়ান্ত প্ৰতিযোগী দলৰ সদস্য আছিল, য'ত তেওঁ প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ৩ আৰু সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী আছিল ৷৪ ২০২৩ চনৰ আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলি ৰানাৰ্ছ আপ হিচাপে অন্ত পেলোৱা ভাৰতীয় দলৰ তেওঁ ষ্টেণ্ডবাই সদস্য আছিল।৫ইয়াৰ উপৰি তেওঁ ২০২৪ চনৰ টি-২০ বিশ্বকাপ জয় কৰা ভাৰতীয় দলৰ প্ৰতিনিধি আছিল৷ অৱশ্যে প্ৰতিযোগিতাখনৰ কোনো এখন মেচতে তেওঁ অংশগ্ৰহণ কৰা নাছিল।

২০২৪ চনত ইংলেণ্ডৰ বিৰুদ্ধে ৫খন মেচৰ টেষ্ট শৃংখলাত একেৰাহে দুখন টেষ্ট মেচত দ্বৈত শতক অৰ্জন কৰাৰ সময়ত তেওঁ বিশেষ চৰ্চা লাভ কৰিছিল৷ বিনোদ কাম্বলী আৰু বিৰাট কোহলীৰ পিছত এই কৃতিত্ব অৰ্জন কৰা তেওঁ তৃতীয় ভাৰতীয় বেটছমেন। টেষ্ট ইতিহাসত ছাৰ ডন ব্ৰেডমেন আৰু বিনোদ কাম্বলিৰ পিছত দুটা ডাবল চেঞ্চুৰী কৰা তৃতীয়জন কনিষ্ঠ ক্ৰিকেটাৰ হৈছে যশস্বী।৬ তেওঁ সুনীল গাভাস্কাৰৰ পিছত টেষ্ট শৃংখলাত ৭০০ ৰান কৰা মাত্ৰ দ্বিতীয়জন ভাৰতীয় হিচাপে পৰিগণিত হয়।৭

তথ্যসূত্ৰ

  1. ↑ (13 July 2023). Yashasvi Jaiswal becomes India's 17th centurion on Test debut. ESPNcricinfo
  2. ↑ 20 cricketers for the 2020s. The Cricketer Monthly
  3. ↑ (13 February 2020). Yashasvi Jaiswal's U-19 World Cup Man Of The Series Trophy Broken In 2: Report
  4. ↑ IPL 2020: Meet Yashasvi Jaiswal who left home aged 10 to pursue cricketing dream. BBC Sport
  5. ↑ (28 May 2023). WTC 2023 Final: Yashasvi Jaiswal replaces Rururaj Gaikwad in India's standby players list. India Today
  6. ↑ www.hindustantimes.com/cricket/sachin-tendulkar-
  7. ↑ (7 March 2024). Yashasvi Jaiswal breaks Virat Kohli’s record in first Test series at home, joins Sunil Gavaskar in elite club. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ক্ৰিকেটাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যশস্বী জয়ছোৱাল” প্ৰবন্ধৰ সংশোধন ৬০২৬৫৮ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।