অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

যমুনা শৰণ সিং

যমুনা শৰণ সিং (Jamuna Sharan Singh; জন্ম ১৯৪১) এগৰাকী ভাৰতীয় পৰিৱেশ বিজ্ঞানী, শিক্ষাবিদ আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞানৰ প্ৰাক্তন প্ৰাধ্যাপক।

হালনাগাদ: ১৩ আগষ্ট ২০২৬ ৪৭৩ শব্দ · ৩ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

যমুনা শৰণ সিং (Jamuna Sharan Singh; জন্ম ১৯৪১) এগৰাকী ভাৰতীয় পৰিৱেশ বিজ্ঞানী, শিক্ষাবিদ আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উদ্ভিদবিজ্ঞান আৰু পৰিৱেশ বিজ্ঞানৰ প্ৰাক্তন প্ৰাধ্যাপক। তেওঁ ঘাঁহনিৰ পৰিৱেশ তন্ত্ৰৰ ওপৰত কৰা অধ্যয়নৰ বাবে পৰিচিত আৰু তেওঁৰ অধ্যয়নে গ্ৰীষ্মমণ্ডলীয় ঘাঁহনিৰ উন্নত ব্যৱস্থাপনাত সহায়ক হৈছিল বুলি জনা যায়।১ তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী, ভাৰতীয় বিজ্ঞান একাডেমী, বিশ্ব বিজ্ঞান একাডেমী আৰু ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ নিৰ্বাচিত ফেলো।২ ভাৰত চৰকাৰৰ বৈজ্ঞানিক গৱেষণাৰ শীৰ্ষ সংস্থা কাউন্সিল অৱ চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চে ১৯৮০ চনত তেখেতক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বাবে শান্তি স্বৰূপ ভটনগৰ বঁটা প্ৰদান কৰে, ই হ'ল জীৱ বিজ্ঞানলৈ তেওঁৰ অৱদানৰ বাবে ভাৰতীয় বিজ্ঞানৰ অন্যতম বঁটা।৩

জীৱনী

১৯৪১ চনৰ বক্সিং ডে’ৰদিনা ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ এলাহাবাদত বিশ্বম্ভৰ শৰণ সিং -চন্দ্ৰকালি দেৱীৰ ঘৰত যমুনা শৰণ সিঙৰ জন্ম হৈছিল, যমুনা শৰণ সিঙে ১৯৫৭ চনত প্ৰয়াগৰাজ বিশ্ববিদ্যালয়ৰপৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে আৰু একেখন প্ৰতিষ্ঠানতে ১৯৫৯ চনত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰি দুয়োটা পৰীক্ষাতে বিশ্ববিদ্যালয়ত প্ৰথম স্থান লাভ কৰে।৪ পৰৱৰ্তী সময়ত তেওঁ ঘাঁহনিৰ গছ-গছনিৰ গতিশীলতা বিষয়ত বিখ্যাত পৰিৱেশবিদ ৰামদেও মিশ্ৰ আৰু কৈলাস চি মিশ্ৰৰ তত্ত্বাৱধানত গৱেষণা কৰি ১৯৬৭ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট ডিগ্ৰী (পি এইচ ডি) লাভ কৰে।৫ ১৯৬৮ চনত কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰি কৰ্মজীৱন আৰম্ভ কৰা সিঙে‍ ১৯৭৫ চনলৈকে বিশ্ববিদ্যালয়খনত অব্যাহত ৰাখে‍। কিন্তু ১৯৭১–৭৪ চনলৈকে‍ ক'লৰাডো ষ্টেট ইউনিভাৰ্চিটিৰ নেচাৰেল ৰিচ'ৰ্চ ইক'লজি লেবৰেটৰীত অতিথি বিজ্ঞানী হিচাপে কাম কৰিবলৈ বিৰতি লৈছিল।২

১৯৭৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰপৰা উভতি অহাৰ লগে লগে সিঙে কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ত পুনৰ সেৱা আৰম্ভ কৰে কিন্তু এবছৰৰ পাছত লেণ্ডস্কেপ আৰ্কিটেকচাৰ বিভাগৰ ৰিডাৰ হিচাপে নতুন দিল্লীৰ স্কুল অৱ প্লেনিং এণ্ড আৰ্কিটেকচাৰলৈ গুচি যায় আৰু এবছৰীয়া সেৱাৰ অন্তত ১৯৭৬ চনত তেওঁ নাইনিতালৰ কুমাওন বিশ্ববিদ্যালয়লৈ ৰিডাৰ হিচাপে যোগদান কৰে‍।৬ নাইনিতালত তেওঁৰ কাৰ্যকাল ১৯৮৬ চনলৈকে চলিছিল আৰু এই সময়ছোৱাত তেওঁ ১৯৮১ চনৰপৰা ১৯৮২ চনলৈকে ক’লৰাডো ষ্টেট ইউনিভাৰ্চিটিত দ্বিতীয়বাৰৰ বাবে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৪ চনত তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়লৈ প্ৰাধ্যাপক হিচাপে স্থানান্তৰিত হয় আৰু তাত তেওঁ ১৯৯১ চনৰপৰা ১৯৯৩ চনলৈকে বিভাগৰ মুৰব্বী হিচাপে অধিষ্ঠিত হয় আৰু ১৯৯৭ চনৰপৰা ২০০৩ চনত সেৱাৰপৰা অব্যাহতি লোৱালৈকে‍ উদ্ভিদ বিজ্ঞানৰ উন্নত অধ্যয়ন কেন্দ্ৰৰ সমন্বয়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ মাজতে তেওঁ ১৯৯৩–৯৪ চনৰ ভিতৰত ক’লৰাডো ষ্টেট ইউনিভাৰ্চিটিৰ ৰেঞ্জলেণ্ড পৰিৱেশ তন্ত্ৰ বিজ্ঞান বিভাগত অতিথি প্ৰাধ্যাপক হিচাপে তৃতীয়বাৰৰ বাবে কাৰ্যনিৰ্বাহ কৰে। অৱসৰৰ পাছতো তেওঁ বিশ্ববিদ্যালয়খনৰ সৈতে এমেৰিটাছ অধ্যাপক হিচাপে সম্পৰ্ক অব্যাহত ৰাখে।৪

সিঙ বিবাহ পাশত আবদ্ধ হয় ত্ৰিপুৰাত আৰু দুজন পুত্ৰ আৰু দুগৰাকী কন্যা সন্তান আছে। পৰিয়ালটো বাৰাণসীত থাকে।১

বঁটা আৰু সন্মান

১৯৮৪ চনত ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰদ্বাৰা ফেলো নিৰ্বাচিত হোৱা সিঙক ১৯৮৫ চনত ভাৰতীয় বিজ্ঞান একাডেমীয়ে ফেলো নিৰ্বাচিত কৰে। ৭ ইয়াৰ পিছত ১৯৮৮ চনত ভাৰতৰ নেচনেল একাডেমী অৱ চাইন্সেছ গঠন হয়।৮ আৰু ২০০২ চনত তেওঁ দ্য ৱৰ্ল্ড একাডেমী অৱ চাইন্সেছৰ ফেলো হয়।৯ ইয়াৰ উপৰি তেওঁ ইণ্টাৰনেশ্যনেল ছ'চাইটি ফৰ ট্ৰপিকেল ইক'লজি, নেচনেল ইনষ্টিটিউট অৱ ইক'লজি, ইণ্ডিয়ান ৰেঞ্জ মেনেজমেণ্ট ছ'চাইটি, চেণ্ট্ৰেল হিমালয়ান এনভাইৰনমেণ্ট এছ'চিয়েচন আৰু একাডেমী অৱ ফৰেষ্ট এণ্ড এনভাইৰনমেণ্টেল ছায়েন্সেছৰ ফেলো আৰু ইক'লজিকেল ছ'চাইটি অৱ আমেৰিকা, ইণ্টাৰনেশ্যনেল এছ'চিয়েচন ফৰ বটানি, ছ'চাইটি ফৰ চাইণ্টিফিক ভেল্যুঁজ, কাৰেণ্ট ছায়েন্স এছ'চিয়েচন, ইণ্ডিয়ান চাইন্স কংগ্ৰেছ এছ'চিয়েচন আৰু ইণ্ডিয়ান বটানিকেল ছ'চাইটিৰ সদস্য। ১০ ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ আজীৱন সদস্য হয়।

কাউন্সিল অৱ চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চে সিঙক ১৯৮০ চনত ভাৰতৰ অন্যতম সৰ্বোচ্চ বিজ্ঞান বঁটা শান্তি স্বৰূপ ভাটনগৰ বঁটা প্ৰদান কৰিছিল। ১৯৮৪ চনত তেওঁ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ পীতাম্বৰ পন্ত ৰাষ্ট্ৰীয় পৰিৱেশ ফেল’শ্বিপৰ বাবে নিৰ্বাচিত হয় আৰু ১৯৮৫ চনত ভাৰতীয় বিশ্ববিদ্যালয় অনুদান আয়োগে তেওঁক প্ৰাণৱনন্দ সৰস্বতী বঁটাৰ বাবে নিৰ্বাচিত কৰে। ১৯৯৯ চনত ভাৰতীয় উদ্ভিদ সমাজে তেওঁক বীৰবল সাহনী স্বৰ্ণ পদক প্ৰদান কৰে আৰু সেই বছৰতে ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ অধ্যাপক এছ বি ছাক্সেনা সোঁৱৰণী পদক লাভ কৰে।১১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2016). Brief Profile of the Awardee. Shanti Swarup Bhatnagar Prize
  2. ↑ (2016). Indian Fellow - J. S. Singh. Indian National Science Academy
  3. ↑ (2016). View Bhatnagar Awardees. Shanti Swarup Bhatnagar Prize
  4. ↑ (2016). Biodata of Jamuna Sharan Singh. The World Academy of Sciences
  5. ↑ (2016). Ecology in India. Indian Institute of Science
  6. ↑ (2016). About the Department; DSB Campus, Nainital. Kumaon University
  7. ↑ (2016). Fellow profile - J. S. Singh. Indian Academy of Sciences
  8. ↑ (2016). NASI Fellow - J. S. Singh. National Academy of Sciences, India
  9. ↑ (2016). TWAS fellow - Jamuna Sharan Singh. The World Academy of Sciences
  10. ↑ (2016). ISC Life Members. Indian Science Congress. পৃ. 1444
  11. ↑ (2016). Profile. Botanical Survey of India

সম্পৰ্কিত শ্ৰেণী

বিজ্ঞানীজীৱবিজ্ঞানীশিক্ষাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যমুনা শৰণ সিং” প্ৰবন্ধৰ সংশোধন ৬২৬৬৭০ (১৩ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।