যমুনা দেৱী (Jamuna Devi, ১৯২৯ চনৰ ১৯ নৱেম্বৰ – ২০১০ চনৰ ২৪ ছেপ্টেম্বৰ) মধ্যপ্ৰদেশৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী নেত্ৰী আছিল। মধ্যপ্ৰদেশ বিধানসভাৰ তেওঁ সদস্য আছিল৷ লগতে তেওঁ বিৰোধীৰ নেত্ৰী আৰু ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১তেওঁ ঝাবুৱাৰ পৰা লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল (১৯৬২–৬৭)। ১৯৭৮ চনৰ পৰা ১৯৮১ চনলৈকে ৰাজ্যসভাৰ সদস্যও আছিল।২
কৰ্মজীৱম
১৯৫২ চনৰ পৰা ১৯৫৭ চনলৈকে তেওঁ মধ্য ভাৰতৰ প্ৰথমখন বিধানসভাৰ সদস্য আছিল৷ তাৰ পিছত ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈকে ঝাবুৱাৰ সংসদৰ সদস্য হোৱাৰ লগতে ১৯৭৮ চনৰ পৰা ১৯৮১ চনলৈকে তেওঁ ৰাজ্যসভাৰ সদস্য আছিল।
অৰ্জুন সিং, মোটিলাল ভোৰা আৰু শ্যামা চৰণ শুক্লা চৰকাৰৰ কনিষ্ঠ মন্ত্ৰী আছিল যদিও দিগ্বিজয় সিঙৰ অধীনত মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ পিছত ১৯৯৮ চনত তেওঁ মধ্যপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী পদত পদোন্নতি লাভ কৰি প্ৰথম মহিলা উপ-মুখ্যমন্ত্ৰী হয়।
২০০৩ চনত যেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছে ক্ষমতা হেৰুৱাইছিল, তেতিয়া তেওঁক বিৰোধীৰ নেত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল আৰু ২০১০ চনলৈকে এই পদত আছিল।৩৪
মৃত্যু
কৰ্কট ৰোগৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া যুঁজ দি ২০১০ চনৰ ২৪ ছেপ্টেম্বৰত ইন্দোৰত দেৱীৰ মৃত্যু হয়।৫৬৭৮৯
তথ্যসূত্ৰ
- ↑ MP Legislative Assembly
- ↑ (24 September 2010). Congress leader Jamuna Devi passes away
- ↑ Cong leader Jamuna Devi passes away
- ↑ MP Leader of Oppn Jamuna Devi dies at 80
- ↑ MP Leader of Oppn Jamuna Devi dies at 80
- ↑ Singh, Mahim Pratap. (24 Sep 2010). Veteran Congress leader Jamuna Devi passes away. thehindu.com
- ↑ (24 Sep 2010). Cong leader Jamuna Devi passes away. indiatoday.in
- ↑ (24 Sep 2010). MP's senior INC leader Jamuna Devi passes away. hindi.oneindia.com
- ↑ (24 Sep 2010). MP Leader of Oppn Jamuna Devi aka Buaji is dead. news.webindia123.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যমুনা দেৱী” প্ৰবন্ধৰ সংশোধন ৪৭৫৪৬০ (১১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।