অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মৰিয়ম মিৰবাগেৰী

মৰিয়ম মিৰবাগেৰী (ফাৰ্চী: مریم میرباقری; জন্ম ১৮ ফেব্ৰুৱাৰী), তেওঁৰ পেছাদাৰী নাম মাৰিয়ামা হিচাপে বেছি জনাজাত। তেওঁ লছ এঞ্জেলছত বসবাস কৰা এগৰাকী ইৰানী-আমেৰিকান সংগীতজ্ঞ, সংগীত প্ৰবন্ধক আৰু উদ্যোগী।

হালনাগাদ: ১৯ জুন ২০২৬ ৩৫৫ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

মৰিয়ম মিৰবাগেৰী (ফাৰ্চী ভাষা: مریم میرباقری; জন্ম ১৮ ফেব্ৰুৱাৰী), তেওঁৰ পেছাদাৰী নাম মাৰিয়ামা হিচাপে বেছি জনাজাত। তেওঁ লছ এঞ্জেলছত বসবাস কৰা এগৰাকী ইৰানী-আমেৰিকান সংগীতজ্ঞ, সংগীত প্ৰবন্ধক আৰু উদ্যোগী।১২

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

মাৰিয়ামাই ইৰানত জন্মগ্ৰহণ কৰিছিল আৰু তাতেই ডাঙৰ-দীঘল হৈছিল।৩ তেওঁৰ পিতৃ-মাতৃ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰিছিল, কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে পুনৰ ইৰানলৈ ঘূৰি যোৱাৰ সিদ্ধান্ত লয়। তেওঁ পিছলৈ আমেৰিকান ৰিভাৰ কলেজত জাজ ভইচ আৰু সংগীত ৰচনা অধ্যয়ন কৰিবলৈ কেলিফৰ্নিয়ালৈ স্থানান্তৰিত হয়। ইয়াৰ পিছত তেওঁ কেলিফৰ্নিয়া ইনষ্টিটিউট অৱ দি আৰ্টছৰপৰা মিউজিক কম্পোজিশ্যন আৰু ফিল্ম মিউজিক বিষয়ত ললিত কলাৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৪৫৬

সংগীত জীৱন

মাৰিয়ামাই সৰুৰেপৰাই গীটাৰৰ শিক্ষা ল’বলৈ আৰম্ভ কৰিছিল আৰু মিডল স্কুলত পঢ়ি থকা সময়তেই তেওঁৰ প্ৰথমটো মিউজিক বেণ্ড গঠন কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ইৰানৰ আণ্ডাৰগ্ৰাউণ্ড সংগীত জগতৰ সৈতে জড়িত হৈ পৰে।৭ মাৰিয়ামাই মেটেল বেণ্ড 'কাহটমায়ান'-ৰ মুৰব্বী তথা ইৰানৰ বিখ্যাত ৰক তাৰকা আৰ্দায়ান আনজাবিপুৰ আৰু হোমায়ুন মাজদজাদেহৰ ওচৰত গীটাৰৰ প্ৰশিক্ষণ লৈছিল।৮

কেলিফৰ্নিয়ালৈ স্থানান্তৰিত হোৱাৰ পিছত তেওঁ ফাজৰ আন্তঃৰাষ্ট্ৰীয় সংগীত মহোৎসৱ, দ্য কেপিটেল জাজ ফেষ্টিৱেল, মণ্টেৰী জাজ ফেষ্টিৱেল আৰু দ্য কলম্বিয়া জাজ ফেষ্টিৱেলৰ দৰে কেইবাটাও জাজ উৎসৱ আৰু কনচাৰ্টত সংগীত পৰিৱেশন কৰে। মাৰিয়ামাই কেলিফৰ্নিয়াৰ আমেৰিকান ৰিভাৰ কলেজ (ARC) জাজ বেণ্ডৰ মুখ্য কণ্ঠশিল্পী হিচাপেও কাম কৰিছিল আৰু একেৰাহে ২ বছৰ ধৰি ছেক্ৰামেণ্টো মিউজিক ফেষ্টিৱেলত গীত পৰিৱেশন কৰিছিল।৯ এ.আৰ.চি.-ত থকাৰ সময়ছোৱাত তেওঁ জাজ সংগীতজ্ঞ জো গিলমেনৰ ওচৰত অধ্যয়ন কৰিছিল। কেলআৰ্টচত থকা সময়ত তেওঁ পিৰায়েহ পৌৰাফাৰ, উলৰিচ ক্ৰীগাৰ, জো লাবাৰবেৰা আৰু মীৰ’স্লাভ তাডিচৰ সৈতে সংগীত পৰিৱেশন কৰাৰ লগতে শিক্ষা গ্ৰহণ কৰিছিল।১০১১

মিৰবাগেৰীয়ে এ.টি. এণ্ড টি. (AT&T)দ্বাৰা স্পনছৰ কৰা তথা চেলিন তিয়েনৰ পৰিচালনাত নিৰ্মিত ভিআৰ (VR) অভিজ্ঞতা পিপ্পাছ পেন আৰু ফ্ৰেডী টাঙে পৰিচালনা কৰা চুটি ছবি হিয়েৰআফটাৰ-ৰ আৱহ সংগীত ৰচনা কৰিছিল।

শেহতীয়া বছৰবোৰত তেওঁ ইৰানৰ প্ৰখ্যাত পৰিচালক ফাৰবোদ আছদেৱিলীৰ বঁটা বিজয়ী ছবি ফৰবিডেন টু চি আছ স্ক্ৰীম ইন তেহৰাণ আৰু দ্য গিফট (২০২২)-ৰ আৱহ সংগীত সজাই বিশেষভাৱে চৰ্চালৈ আহে। অনুৰাগীসকলৰ মাজত বিভ্ৰান্তি দূৰ কৰিবলৈ মিৰবাগেৰীৰ স্পটিফাইড দুটা আৰ্টিষ্ট একাউণ্ট আছে এটা তেওঁৰ পেছাদাৰী নাম 'মাৰিয়ামা'ৰ অধীনত, য’ত তেওঁৰ গায়ক-গীতিকাৰ প্ৰকল্পসমূহ থাকে আৰু আনটো তেওঁৰ সম্পূৰ্ণ নাম 'মৰিয়ম মিৰবাগেৰী'ৰ অধীনত, য’ত তেওঁৰ বাদ্যযন্ত্ৰ ভিত্তিক চলচ্চিত্ৰৰ আৱহ সংগীত আৰু চাউণ্ডট্ৰেকসমূহ উপলব্ধ।

বঁটা আৰু সন্মান

তেওঁৰ ২০১৪ চনৰ একক গীত ইন জেন্দেগিস্ত আৰু ২০১৭ চনৰ একক গীত চুফী দুয়োটা গীতেই হলিউড মিউজিক ইন মিডিয়া এৱাৰ্ড-ৰ বাবে মনোনীত হৈছিল।১২ তেওঁ এ.আৰ.চি. ভোকেল জাজ এনচেম্বলৰ সৈতে জাজ ডাউনবিট বঁটা লাভ কৰিছে।৪ তেওঁৰ ২০১৭ চনৰ প্ৰথমটো এলবাম ৱেয়াৰ দ্য মাৰমেইডছ আৰ-ৰ মিক্সিং আৰু মাষ্টাৰিং কৰিছিল গ্ৰেমী বঁটা বিজয়ী প্ৰযোজক মাৰ্ক উৰ্চেলী আৰু স্কট হ্লালে। ২০১৮ চনত মাৰিয়ামাই ৱেয়াৰ দ্য মাৰমেইডছ আৰ গীতটোৰ বাবে কেলিফৰ্নিয়া ভিডিঅ' মিউজিক এৱাৰ্ড লাভ কৰে।১৩১৪১৫

তথ্যসূত্ৰ

  1. ↑ Calarts Music Source. California Institute of the Arts
  2. ↑ (2 March 2017). Single Review: "Where the Mermaids Are," Maryama. HuffPost
  3. ↑ (22 April 2017). Discover Where the Mermaids Are with Marayama. Almost Real Things
  4. ↑ (20 February 2017). Maryama "Where The Mermaids Are". HIP Video Promo
  5. ↑ The Happy Fits with Maryama. bpt.me
  6. ↑ Maryama reveal the hypnotic 'Where The Mermaids Are' video. Music-News.com
  7. ↑ Maryamamusic. losanjealous.com
  8. ↑ (2 March 2017). Maryama "Where The Mermaids Are". Essentially Pop
  9. ↑ (21 March 2012). March 2012. Shiftsync Media
  10. ↑ (7 March 2017). Maryama New Video "Where The Mermaids Are" – Skope Entertainment Inc. skopemag.com
  11. ↑ Vox Musica - PICTURA: New Music for Women's Voices. www.sacchoralcalendar.com
  12. ↑ (31 October 2018). Maryam Mirbagheri. EDMJobs
  13. ↑ (13 April 2018). Maryam Mirbagheri to Perform a Mermaid Baptism. calarts.edu
  14. ↑ (17 October 2017). Maryama Nominated for Hollywood Music in Media Award. calarts.edu
  15. ↑ (30 December 2017). MCVA Visual Effects Award Winner – TasteTV. tastetv.com

সম্পৰ্কিত শ্ৰেণী

ইৰানৰ ব্যক্তিসুৰকাৰগীতিকাৰগায়িকাউদ্যোগপতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৰিয়ম মিৰবাগেৰী” প্ৰবন্ধৰ সংশোধন ৬১৩০১১ (১৯ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।