যশোধৰা ৰাজে সিন্ধিয়া (জন্ম-১৯ জুন ১৯৫৪) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ শিৱৰাজ সিং চৌহানৰ অধীনত মধ্যপ্ৰদেশৰ ক্ৰীড়া আৰু যুৱ কল্যাণ, কাৰিকৰী শিক্ষা, দক্ষতা বিকাশ আৰু নিয়োগ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মধ্যপ্ৰদেশ চৰকাৰৰ বাণিজ্য, উদ্যোগ আৰু নিয়োগ বিভাগৰো তেওঁ প্ৰাক্তন মন্ত্ৰী। গোৱালিয়ৰৰ মাৰাঠা মহাৰাজা জীৱজীৰাও সিন্ধিয়া আৰু গোৱালিয়াৰৰ প্ৰয়াত ৰাজমাতা বিজয়াৰাজে সিন্ধিয়া১ৰ তেওঁ কনিষ্ঠ কন্যা। প্ৰথমবাৰৰ বাবে ২০০৭ চনত উপ-নিৰ্বাচনৰ জৰিয়তে গোৱালিয়ৰৰ (লোকসভা সমষ্টি)ৰ পৰা চতুৰ্দশ লোকসভালৈ নিৰ্বাচিত হয় আৰু পুনৰ ২০০৯ চনৰ সাধাৰণ নিৰ্বাচনত নিৰ্বাচিত হয়। ২০১৩ চনৰ পৰা মধ্যপ্ৰদেশৰ শিৱপুৰী সমষ্টিৰ পৰা তেওঁ বিধানসভাৰ সদস্য হয়।২
তেওঁ মুম্বাইৰ দ্য কেথেড্ৰেল আৰু জন কনন স্কুলত, তাৰ পিছত কোড়াইকানালৰ প্ৰেজেণ্টেচন কনভেণ্টত আৰু শেষৰ ২ বছৰ গোৱালিয়ৰৰ সিন্ধিয়া কন্যা বিদ্যালয়ত৩ তেওঁ মাতৃয়ে প্ৰতিষ্ঠা কৰা স্কুলত শিক্ষা গ্ৰহণ কৰে।
ৰাজনৈতিক জীৱন
১৯৯৪ চনত ভাৰতলৈ উভতি আহি আনুষ্ঠানিক ৰাজনীতিত সোমাই যশোধৰাই ১৯৯৮ চনত মধ্যপ্ৰদেশ ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে প্ৰতিদ্বন্দ্বিতা কৰে আৰু তাৰ ৫ বছৰৰ পিছত পুনৰবাৰ নিৰ্বাচিত হয়৷ ২০০৩ চনত ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনত দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হয়।৪ তেওঁৰ ৰাজ্যিক বিধানসভা দলৰ এগৰাকী সক্ৰিয় সদস্য। তেওঁ মধ্যপ্ৰদেশ চৰকাৰত পৰ্যটন, ক্ৰীড়া আৰু যুৱ কল্যাণৰ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৫২০০৬ চনৰ অক্টোবৰ/নৱেম্বৰ মাহত যশোধৰাই এক ধৰণৰ বিতৰ্কৰ সৃষ্টি কৰিছিল যেতিয়া তেওঁ বিজেপিক এখন জাননী জাৰি কৰিছিল যে তেওঁক আনুষ্ঠানিকভাৱে "শ্ৰীমন্ত" বুলি সম্বোধন কৰা হ'ব যাৰ অৰ্থ হৈছে আপোনাৰ মহামহিম।৬
২০০৭ চনৰ মাৰ্চ মাহৰ আৰম্ভণিতে অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনত মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ পৰা দলটোৰ প্ৰাৰ্থী হিচাপে মনোনীত হৈছে। ২০০৭ চনৰ ১১ মাৰ্চ দেওবাৰে বিজেপিৰ যশোধৰা ৰাজে সিন্ধিয়াক গোৱালিয়ৰৰ লোকসভাৰ আসনলৈ নিৰ্বাচিত ঘোষণা কৰা হয়। নিকটতম ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিদ্বন্দ্বী অশোক সিঙক তেওঁ ৩৫ হাজাৰৰো অধিক ভোটত পৰাস্ত কৰে। ২০১৩ চনৰ ৮ ডিচেম্বৰত শিৱপুৰীত বিধানসভাৰ নিৰ্বাচনত ৭৬,৩৩০ টা ভোট লাভ কৰি জয়ী হয়। পুনৰ ২০১৮ চনত শিৱপুৰী বিধান সভা সমষ্টিৰ পৰা ২৪,২৮২ ভোট লাভ কৰি জয়ী হয়।
তথ্যসূত্ৰ
- ↑ SAWNET: Who's Who: Vijaya Raje Scindia
- ↑ Shivpuri Assembly constituency (Madhya Pradesh): Full details, live and past results. News18
- ↑ Glide
- ↑ Yadav, Shyamlal. (2020-03-13). The Gwalior dynasty: A short history of the Scindias in Indian politics. The Indian Express
- ↑ Wharton Global Alumni Forum - Mumbai - 2006. www.whartonforummumbai.com
- ↑ Princely gift: 'Shrimant' to Yashodhara - Times of India. দ্য টাইম্ছ অৱ ইণ্ডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যশোধৰা ৰাজে সিন্ধিয়া” প্ৰবন্ধৰ সংশোধন ৪৮৭১০৬ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।