অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

যশৱন্ত সিং

যশৱন্ত সিং (; ৩ জানুৱাৰী ১৯৩৮ – ২৭ ছেপ্টেম্বৰ ২০২০) আছিল ভাৰতীয় সেনাৰ এজন বিষয়া আৰু কেন্দ্ৰীয় চৰকাৰৰ এজন কেবিনেট মন্ত্ৰী। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল আৰু ভাৰতৰ আটাইতকৈ দীঘলীয়া সময়লৈকে কাৰ্যনিৰ্বাহ কৰা সাংসদসকলৰ ভিতৰত এজন আছিল।

হালনাগাদ: ১৭ জানুৱাৰী ২০২৫ ৬৭৬ শব্দ · ৪ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

যশৱন্ত সিং (; ৩ জানুৱাৰী ১৯৩৮ – ২৭ ছেপ্টেম্বৰ ২০২০) আছিল ভাৰতীয় সেনাৰ এজন বিষয়া আৰু কেন্দ্ৰীয় চৰকাৰৰ এজন কেবিনেট মন্ত্ৰী। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল১ আৰু ভাৰতৰ আটাইতকৈ দীঘলীয়া সময়লৈকে কাৰ্যনিৰ্বাহ কৰা সাংসদসকলৰ ভিতৰত এজন আছিল। তেওঁ ১৯৮০ চনৰপৰা ২০১৪ চনৰ ভিতৰত প্ৰায় নিৰন্তৰভাৱে লোকসভা বা ৰাজ্যসভাৰ সদস্য আছিল।২২০১২ চনত ভাৰতীয় উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আছিল। সিং ৰাজস্থানৰ একমাত্ৰ নেতা আছিল যে তেওঁ বৈদেশিক পৰিক্ৰমা, বিত্ত আৰু প্ৰতিৰক্ষা মন্ত্ৰী হোৱাৰ গৌৰৱ লাভ কৰিছিল।৩তেওঁ পাঁচবাৰ ৰাজ্যসভালৈ (১৯৮০, ১৯৮৬, ১৯৯৮, ১৯৯৯, ২০০৪) আৰু চাৰিবাৰ (১৯৯০, ১৯৯১, ১৯৯৬, ২০০৯) লোকসভালৈ বিজেপিৰ টিকটত নিৰ্বাচিত হৈছিল। ১৯৯৮ চনৰ পৰা ২০০৪ চনৰ ভিতৰত বাজপেয়ী প্ৰশাসনৰ সময়ত, তেওঁ বিত্ত, বৈদেশিক পৰিক্ৰমা আৰু প্ৰতিৰক্ষাকে ধৰি একাধিক কেবিনেট দপ্তৰৰ দায়িত্ব পালন কৰিছিল।৪তেওঁ ১৯৯৮ ৰ পৰা ১৯৯৯ চনৰ মাজৰ সময়ছোৱাত পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।৫ ১৯৯৮ চনৰ ভাৰতৰ পাৰমাণৱিক পৰীক্ষাৰ পিছত, তেওঁক প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীয়ে পাৰমাণৱিক নীতি আৰু ৰণনীতি সম্পৰ্কীয় বিষয়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ (ষ্ট্ৰোব টালবটৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা) সৈতে বাৰে বাৰে, দীৰ্ঘম্যাদী আলোচনা কৰিবলৈ ভাৰতৰ প্ৰতিনিধি হিচাপে কাম কৰিবলৈ নিযুক্ত কৰিছিল আৰু নিৰন্তৰ ব্যস্ততাৰ ফলাফল দুয়োখন দেশৰ বাবে ইতিবাচক আছিল।৬৭২০০৪ চনত তেওঁৰ দলে ক্ষমতা হেৰুওৱাৰ পিছত, তেওঁ ২০০৪ চনৰ পৰা ২০০৯ চনলৈ ৰাজ্যসভাত বিৰোধী দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৮

২০১৪ চনৰ নিৰ্বাচনত, তেওঁৰ দলে তেওঁক কোনো সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব নিদিয়াৰ সিদ্ধান্ত লৈছিল। তেওঁ যিকোনো ধৰণে তেওঁৰ জন্মভূমি ৰাজস্থানৰ বাৰমেৰ (লোকসভা সমষ্টি)ৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছিল বাৰমাৰ প্ৰাৰ্থী কৰ্ণেল সোণাৰাম চৌধুৰীৰ বিপৰীতে। ২০১৪ চনৰ ২৯ মাৰ্চত তেওঁ নিৰ্দলীয় প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ নকৰাত তেওঁক বিজেপিৰ পৰা বহিষ্কাৰ কৰা হয়, আৰু নিৰ্বাচনত পৰাজিত হয়।৯ ২০১৪ চনৰ ৭ আগষ্ট তাৰিখে তেওঁ বাসগৃহৰ বাথৰুমত পৰি মূৰত গুৰুতৰ আঘাত পাইছিল। ১০ ২০২০ চনৰ জুন মাহত তেওঁক চিকিৎসাৰ বাবে দিল্লীত অৱস্থিত সেনাৰ গৱেষণা আৰু ৰেফাৰেল চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ২০২০ চনত মৃত্যুলৈকে তেওঁ ছয় বছৰ কোমা অৱস্থাত আছিল।১১

প্ৰাৰম্ভিক জীৱন

যশৱন্ত সিঙৰ জন্ম ১৯৩৮ চনৰ ৩ জানুৱাৰীত বৃটিছ ভাৰতৰ ৰাজস্থানৰ ৰাজপুতানা এজেন্সিৰ (বৰ্তমানৰ বালোত্ৰা জিলা) জাচোল গাঁৱত এটা ৰাজপুত পৰিয়ালত হৈছিল।১২ তেওঁৰ দেউতাক আছিল জাচোলৰ চৰ্দাৰ সিং ৰাথোড় আৰু মাতৃ আছিল কুঁৱৰ বাইছা। সিঙে শীতল কানৱাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।১৩ তেওঁলোকৰ দুটা পুত্ৰ আছিল। তেওঁৰ ডাঙৰ পুত্ৰ মানবেন্দ্ৰ সিং বাৰমাৰৰ এজন প্ৰাক্তন সংসদ সদস্য।১৪ তেওঁ ১৯৬০ ৰ দশকত ভাৰতীয় সেনাৰ এজন বিষয়া আছিল আৰু মেয়ো কলেজ আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী, খাদকৱাছলাৰ প্ৰাক্তন ছাত্ৰ আছিল।১৫

ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ পৰা শিক্ষা লোৱাৰ পিছত, তেওঁ ১৯৫৭ চনত ভাৰতীয় সেনাত নামভৰ্তি কৰে আৰু চেণ্টেল ইণ্ডিয়া হৰ্ছ ইউনিটত কেপ্টেইন পদলৈ মনোনীত হয়। আৰু তেওঁ ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ অংশগ্ৰহণকাৰী আছিল আৰু তেওঁ গোটৰ কমাণ্ডাৰ আছিল। ১৯৬৫ চনৰ চীন-ভাৰত সীমান্ত বিবাদৰ সময়ত তেওঁ মেজৰ আছিল আৰু ইয়াৰ পিছত তেওঁ ১০ বছৰ সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়োৱাৰ পিছত ৰাজনীতিত যোগদান কৰিবলৈ পৰৱৰ্তী বছৰত ভাৰতীয় সেনাৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।১৬১৭তেওঁৰ ভৈৰোঁ সিং শ্বেখাৱতৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল আৰু ভাৰতীয় জনসংঘৰ সৈতে তেওঁৰ সম্পৰ্ক স্থাপন কৰিছিল।১৮তেওঁ ১৯৬০ ৰ দশকৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য আৰু সহযোগী আছিল।১৯

কৰ্মজীৱনৰ ঘটনা প্ৰৱাহ

বাজপেয়ীৰ চৰকাৰৰ সময়ত সিং বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আছিল আৰু পিছত বিত্ত মন্ত্ৰী হৈছিল।২০তেওঁ প্ৰতিৰক্ষা মন্ত্ৰীও আছিল যেতিয়া জৰ্জ ফাৰ্ণাণ্ডেজক তেহেলকাৰ উন্মোচনৰ পিছত পদত্যাগ কৰিবলৈ বাধ্য কৰা হৈছিল।২১ সিঙক আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক স্থাপনত ব্যাপকভাৱে সফল হৈছিল বুলি গণ্য কৰা হয়। কিয়নো ১৯৯৮ চনৰ ভাৰতৰ পাৰমাণৱিক পৰীক্ষাৰ পিছত তিক্ত হৈ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক কিন্তু ২০০০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টনৰ ভাৰত ভ্ৰমণত সমাপ্ত হোৱাৰ পিছতে ইয়াৰ উন্নতি হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে আলোচনাৰ সময়ত এজন আলোচনাকাৰী আৰু কূটনীতিবিদ হিচাপে তেওঁৰ দক্ষতাক তেওঁৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমকক্ষ ষ্ট্ৰোব টালবটে ভালদৰে স্বীকাৰ কৰিছে।২২

সন্ত্ৰাসবাদীসকলক আফগানিস্তানৰ কান্ধাহাৰলৈ লৈ যোৱাৰ বাবে ৰাজনৈতিক দলসমূহে সিঙক সঘনাই সমালোচনা কৰি আহিছে। অপহৃত ইণ্ডিয়ান এয়াৰলাইনছৰ বিমান আই চি ৮১৪ৰ যাত্ৰীৰ বিনিময়ত ভাৰত চৰকাৰে তেওঁলোকক মুকলি কৰি দিছিল।

ৰাজনৈতিক জীৱন

সিঙে ১৯৬০ ৰ দশকত ৰাজনীতিত প্ৰৱেশ কৰিছিল যদিও জনসংঘত দীক্ষা গ্ৰহণ কৰা আগলৈকে তেওঁ ৰাজনৈতিক জীৱনৰ প্ৰথম কেইটামান বছৰত সীমিত সফলতা লাভ কৰিছিল। তেওঁ ১৯৮০ চনত তেওঁৰ ৰাজনৈতিক কেৰিয়াৰত সফলতাৰ সোৱাদ লৈছিল যেতিয়া তেওঁ প্ৰথমবাৰৰ বাবে ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ বাবে নিৰ্বাচিত হৈছিল। ১৯৯৬ চনৰ ১৬ মে'ৰ পৰা ১ জুন ১৯৯৬ লৈ কেৱল ১৬ মে'ৰ পৰা চলি থকা অটল বিহাৰী বাজপেয়ীৰ কম সময়ৰ চৰকাৰত তেওঁ বিত্ত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। দুবছৰপিছত বাজপেয়ী পুনৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত তেওঁ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হয়। ১৯৯৮ চনৰ ৫ ডিচেম্বৰৰ পৰা ১ জুলাই ২০০২ লৈকে এই সেৱা আগবঢ়াইছিল।৮ বৈদেশিক নীতিৰ ক্ষেত্ৰত তেওঁ ভাৰত আৰু পাকিস্তানৰ মাজত উচ্চ উত্তেজনাৰ মোকাবিলা কৰাত দায়বদ্ধ আছিল।২৩

তথ্যসূত্ৰ

  1. ↑ Jaswant's expulsion is the BJP's gift to the RSS. Rediff
  2. ↑ The Dates That Defined the Life and Times of Jaswant Singh (1938-2020). The Wire
  3. ↑ (27 September 2020). Ex-Union Minister Jaswant Singh No More. Pratidin Time
  4. ↑ Hebbar, Nistula. (27 September 2020). Jaswant Singh: End of a long journey for the Army man-turned-parliamentarian. দ্য হিন্দু
  5. ↑ (27 September 2020). From the archives: Jaswant Singh through the lens of Express photographers. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  6. ↑ Singh, Manvendra. (11 May 2018). When the US envoy protested about the nuclear test, my father Jaswant Singh gifted a toy for his son. ThePrint
  7. ↑ (11 May 2018). Benign Fallout of India's Nuclear Tests. Economic Times Blog
  8. ↑ Varma, Gyan. (27 September 2020). Jaswant Singh, key BJP face during Vajpayee era, passes away. mint
  9. ↑ (29 March 2014). BJP expels defiant Jaswant Singh for 6 years. হিন্দুস্তান টাইমছ
  10. ↑ (8 August 2014). Jaswant Singh in coma after severe head injury, condition 'highly critical'. Zee News
  11. ↑ (27 September 2020). Jaswant Singh death news: Former BJP leader Jaswant Singh passes away | India News - Times of India. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  12. ↑ (28 November 2018). In Rajasthan, Jaswant Singh's Son Banks On Rajput Anger, Father's Legacy. NDTV
  13. ↑ Biographical Sketch of Member of XI Lok Sabha. লোকসভা
  14. ↑ (16 July 2012). Jaswant Singh (Biography) BJP Leader. Matpal
  15. ↑ (27 September 2020). RIP Jaswant Singh: Ex-Army Officer, Outstanding Parliamentarian. TheQuint
  16. ↑ (27 September 2020). Jaswant Singh dead: From key figure in Vajpayee govt to BJP rebel. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  17. ↑ (27 September 2020). Jaswant Singh's tumultuous career was marked by revival of India-US ties, ignominy of Kandahar hijacking. Firstpost
  18. ↑ (27 September 2020). Jaswant Singh: Former Army Major and ex-PM Atal Bihari Vajpayee's 'Man Friday'. Zee News
  19. ↑ (19 August 2009). RSS must also introspect about their organisation: Jaswant. হিন্দুস্তান টাইমছ
  20. ↑ Saxena, Sparshita. (27 September 2020). Leaders across party lines condole former Union minister Jaswant Singh's demise. হিন্দুস্তান টাইমছ
  21. ↑ Baweja, Harinder; Chengappa, Raj. (26 March 2001). Post-Tehelka scandal, George Fernandes hands over his resignation letter. ইণ্ডিয়া টুডে
  22. ↑ (27 September 2020). Jaswant Singh's illustrious political legacy— A snapshot. Deccan Herald
  23. ↑ (28 September 2020). Jaswant Singh, advocate of peace with Pakistan, dies at 82. DAWN.COM

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদলোকসভাৰ সাংসদৰাজ্যসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যশৱন্ত সিং” প্ৰবন্ধৰ সংশোধন ৪৬৪৭৬২ (১৭ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।