অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মৰিষ্কা পোখৰেল

মৰিষ্কা পোখৰেল (मरिष्का पोखरेल) এগৰাকী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী, মডেল আৰু চিত্ৰশিল্পী। ‘মৰিষ্কা’ নামটো তেওঁৰ পৰিয়াল প্ৰদত্ত নাম। এই হিব্ৰু ভাষাৰ নামটোৰ অৰ্থ হৈছে জলপৰী বা সাগৰৰ দেৱী। ২০১৬ চনত, আকাশ অধিকাৰীৰ পৰিচালনাত নিৰ্মিত কে ম তিম্ৰো হৈন ৰ নামৰ ছবিখনত অভিনয়েৰে তেওঁ চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰে।

হালনাগাদ: ৯ ডিচেম্বৰ ২০২৫ ৩৫৫ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

মৰিষ্কা পোখৰেল (मरिष्का पोखरेल) এগৰাকী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী, মডেল আৰু চিত্ৰশিল্পী। ‘মৰিষ্কা’ নামটো তেওঁৰ পৰিয়াল প্ৰদত্ত নাম। এই হিব্ৰু ভাষাৰ নামটোৰ অৰ্থ হৈছে জলপৰী বা সাগৰৰ দেৱী। ২০১৬ চনত, আকাশ অধিকাৰীৰ পৰিচালনাত নিৰ্মিত কে ম তিম্ৰো হৈন ৰ নামৰ ছবিখনত অভিনয়েৰে তেওঁ চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰে।১ একে বছৰতে তেওঁৰ দ্বিতীয়খন চলচ্চিত্ৰ চপলী হাইট ২য়ো মুক্তি পাইছিল। মনস্তাত্ত্বিক থ্ৰিলাৰধৰ্মী এই নেপালী ছবিখনৰ পৰিচালক আছিল আছিল দীপেন্দ্ৰ কে খানাল আৰু প্ৰযোজক আছিল অৰ্জুন কুমাৰ। ছবিখন ২০১২ চনৰ ছবি চপলী হাইট-ৰ ছিকুৱেল আছিল।২

কৰ্মজীৱন

পোখৰেলে, ২০২০ চনত, য়াৰা নামৰ হিন্দী চলচ্চিত্ৰ এখনত অভিনয় কৰিছিল। অলিভিয়াৰ মাৰ্চালৰ ছবি ‘এ গেং ষ্ট’ৰী’ৰ আধাৰত নিৰ্মিত, টিগমাংশু ঢুলীয়াৰ দ্বাৰা পৰিচালিত, এই ছবিখনত বিদ্যুৎ জামৱাল আৰু শ্ৰুতি হাছানে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।৩ কে ম তিম্ৰো হৈন ৰ (২০১৬) নামৰ ছবিখনত আৰিয়ান অধিকাৰীৰ বিপৰীতে অভিনয়েৰে তেওঁ নেপালী চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।১ ইয়াৰ পিছত চপলী হাইট ২ (২০১৬), লাম্ফু (২০১৮), পণ্ডিত বাজেকো লৌৰী (২০১৮),৪ ছালি কস্কো ভেনাকো: (২০১৮) আৰু মিষ্টাৰ ভাৰ্জিন (২০১৮)ৰ দৰে ছবিসমূহত অভিনয় কৰে। মিষ্টাৰ ভাৰ্জিন (২০১৮) চলচ্চিত্ৰখনত এগৰাকী এস্কৰ্টৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ তেওঁ ‘কল গাৰ্লছ’ৰ জীৱনশৈলী আৰু দৈনন্দিন সময়সূচীৰ বিষয়ে জানিবলৈ গৱেষণা কৰিবলগীয়া হৈছিল।৫

২০১৫ চনত, স্বৰূপ ৰাজ আচাৰ্যৰ আজা মান মা তিম্ৰো নামৰ সংগীত ভিডিঅ’ এটিত পোখাৰেলে অভিনয় কৰিছিল। তাৰ পিছৰ পৰাই ২০১৯ চনৰ মাজভাগলৈকে ইতিমধ্যে দুডজন নেপালী সংগীত ভিডিঅ’ত কাম কৰিছে। ইউটিউবত, তেওঁৰ আটাইতকৈ বেছি চোৱা সংগীত ভিডিঅ’সমূহৰ ভিতৰত শিৰফুল৬ আৰু শালকো পাত অন্যতম।৭ বিষ্ণু মাঝিৰ শালকো পাতে তেওঁলৈ খ্যাতি কঢ়িয়াই আনিছিল আৰু ইয়ে সকলো বয়সৰ দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।৮

চলচ্চিত্ৰপুঞ্জী

এই চিনে এতিয়াও মুক্তি নোপোৱা ছবিসমূহক বুজাইছে

অভিনেত্ৰী হিচাপে

বৰ্ষচলচ্চিত্ৰচৰিত্ৰটোকা
২০১৬কে ম তিম্ৰো হৈন ৰ৯শ্ৰেয়াঅভিষেক চলচ্চিত্ৰ
চপলী হাইট ২আকৃতি
২০১৮লাম্ফুআৰতি
পণ্ডিত বাজেকো লৌৰীজানকী
মিষ্টাৰ ভাৰ্জিনৰʼজী
ছালি কস্কো ভেনাকোমণিছাৰা
২০২০য়াৰা১০হিন্দী চলচ্চিত্ৰ
গাইডছাৰা
পূৰ্ব পশ্চিমচাৰু

পৰিচালক হিচাপে

তলত তেওঁৰ দ্বাৰা পৰিচালিত সংগীত ভিডিঅ'সমূহ তলত উল্লেখ কৰা হ'ল:

বৰ্ষশিৰোনামটোকা
২০১৮তিমিলাই দুখনাসংগীত ভিডিঅʼ
২০১৮ত্যো স্বপ্নাসংগীত ভিডিঅʼ
২০১৮মেৰো প্ৰাণ তিমিলাইস‍ংগীত ভিডিঅʼ

সংগীত ভিডিঅʼ

পোখাৰেলে ইতিমধ্যে ২০১৯ চনৰ মাজভাগলৈকে প্ৰায় দুডজন সংগীত ভিডিঅ’ত কাম কৰিছে। তেওঁৰ অভিনীত কিছুমান সংগীত ভিডিঅ’ তলত দিয়া হ’ল:

বৰ্ষশিৰোনামশিল্পী
২০১৬ম হৰায়ে১১দীপক গুৰুং
আঁখা আঁখাউৰ্জা ব্যাণ্ড
২০১৭শিৰফুল৬দেৱৰাজ/তাৰা শ্ৰীজ
জুনা জস্তো শীতল তিম্ৰো মায়া১২সুমন কেচি
2018জিতেৰা পনি হাৰ মা ছুশিৱ পাৰিয়াৰ
শালকো পাতকুলেন্দ্ৰ বিশ্বকৰ্মা আৰু বিষ্ণু মাঝি
২০১৯সৰহাই মান অত্যুনেবিষ্ণু মাঝি আৰু বিক্ৰম মাল্লা
ছলটিনি জ্যু১৩জিবিহাং ৰায় / কিশু গুৰুং
বনমৰাবিষ্ণু মাঝি আৰু হেমন্ত শৰ্মা
২০২০মৌনাতা মা ধেৰাইৰাম কৃষ্ণ ঢাকাল

জনহিতৈষী কাম-কাজ

ৰূপালী পৰ্দাৰ বাহিৰেও পোখৰেলে শিশুৰ অধিকাৰৰ বাবে কাম কৰা সংস্থাসমূহত সক্ৰিয়ভাৱে জড়িত হৈ আছে আৰু কলা তথা চিত্ৰশিল্পৰ কামসমূহত যথেষ্ট সময় কটায়। কলাৰ ক্ষেত্ৰত শৈশৱৰ পৰাই তেওঁৰ আগ্ৰহ আছিল।১৪ ২০১৮ চনৰ আৰম্ভণিৰ পৰাই তেওঁ হিউমেন লাইফ প্ৰটেকচন ফ’ৰাম (অলাভজনক সংস্থা)ৰ সমন্বয়ক হিচাপে কাম কৰি আহিছে। ২০১৭ চনৰ পৰা সেৱা সংস্থা ৰটাৰীৰ সৈতে পোখৰেল জড়িত। ৰটাৰী ইণ্টাৰনেশ্যনেল এম এইচ এম হৈছে আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় সেৱা সংস্থা যাৰ উল্লিখিত উদ্দেশ্য হৈছে মানবতাৰ সেৱাত ব্যৱসায়ী তথা পেছাদাৰী নেতৃবৃন্দক একত্ৰিত কৰা আৰু বিশ্বজুৰি শান্তিৰ বাৰ্তা কঢ়িয়াই নিয়া। তেওঁ বানেশ্বৰ ৰটাৰী ক্লাবৰ এগৰাকী সক্ৰিয় সদস্য হোৱাৰ উপৰিও ২০১৯-২০ বৰ্ষৰ বাবে এগৰাকী সঞ্চালকো (জনসংযোগৰ অধ্যক্ষ) আছিল।১৫

তথ্যসূত্ৰ

  1. ↑ (14 May 2016). Mediocre fare. The Himalayan Times
  2. ↑ (20 August 2016). Chapali's clichéd height this time on. The Himalayan Times
  3. ↑ Fun talk with Mariska Pokhrel & Kabir Khadka. OSNepal.com:: Latest News,Breaking News, Latest, Politics, World, Entertainment, Sports, Technology, Interview, Nepal News
  4. ↑ Pandit Bajeko Lauri movie review: When good story meets natural actors – OnlineKhabar
  5. ↑ Marsika in Mr.Virgin
  6. ↑ SHIRPHOOL TITLE SONG: ALL EYES ON MARISKA'S TRADITIONAL AVATAR. Street Nepal
  7. ↑ Salko Patko Tapari Celebration With Kedar Ghimire Magne Budo. CanadaNepal
  8. ↑ Team Saal Ko Paat Ko Tapari Celebrates Success Party Of The Song. OSNepal.com:: Latest News,Breaking News, Latest, Politics, World, Entertainment, Sports, Technology, Interview, Nepal News
  9. ↑ मरिष्का भन्छिन्-'आर्यनको छायाँमा पर्दिन, चलचित्र हेरेपछि कामको मुल्यांकन हुन्छ'. Online Khabar
  10. ↑ Yaara Movie: Showtimes, Review, Trailer, Posters, News & Videos · eTimes
  11. ↑ Nepal, Glamour. (2016-09-21). Sizzling Movements of Mariska and Suraj, a video that make you feel HOT!. Glamour Nepal
  12. ↑ Watch The Latest Song 'Jun Jastai' By Suman KC. OSNepal.com:: Latest News,Breaking News, Latest, Politics, World, Entertainment, Sports, Technology, Interview, Nepal News
  13. ↑ Dcnepalonline. सोल्टिनी ज्यू. DCNepal Online - dcnepalonline.com
  14. ↑ 5 things about Mariska Pokharel. My Republica
  15. ↑ Rotary Baneshwor Board of Director 2019-20. rotaryclubofbaneshwor.org.np

সম্পৰ্কিত শ্ৰেণী

নেপালৰ ব্যক্তিনেপালী অভিনেত্ৰীনেপালী চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীমডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৰিষ্কা পোখৰেল” প্ৰবন্ধৰ সংশোধন ৫৬২১৬৬ (৯ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।