যশিকা আনন্দ (ইংৰাজী ভাষা: Yashika Aannand; জন্ম: ৪ আগষ্ট ১৯৯৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু টেলিভিছন ব্যক্তিত্ব, যিয়ে মূলতঃ তামিল ভাষা চলচ্চিত্ৰ আৰু টেলিভিছন অনুষ্ঠানত কাম কৰে।১২
প্ৰাৰম্ভিক জীৱন
যশিকা আনন্দৰ জন্ম ১৯৯৯ চনৰ ৪ আগষ্টত নতুন দিল্লীৰ এটা পঞ্জাবী হিন্দু পৰিয়ালত হৈছিল।৩৪ তেওঁৰ পৰিয়াল চেন্নাইলৈ স্থানান্তৰিত হোৱাৰ পিছত, তেওঁ চেন্নাইৰ চেটপেটত থকা শ্বেৰউড হল স্কুলত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে।
কৰ্মজীৱন
যশিকা আনন্দ এগৰাকী ইনষ্টাগ্ৰাম মডেল হোৱাৰ পিছত অভিনয় জীৱনৰ পাতনি মেলে।৫ মাত্ৰ ১৪ বছৰ বয়সতে তেওঁ চন্থনমৰ সৈতে ইনিমে ইপ্পাডিথান (২০১৫) বোলছবিৰ বাবে নিৰ্বাচিত হৈছিল, কিন্তু এটা গানৰ দৃশ্যগ্ৰহণত উপস্থিত থাকিব নোৱাৰাৰ বাবে পিছলৈ তেওঁৰ চৰিত্ৰটো কাটি পেলোৱা হৈছিল।৬ ইয়াৰ পিছত তেওঁ কাভালাই ভেণ্ডাম (২০১৬) বোলছবিত এগৰাকী সাতুৰ প্ৰশিক্ষকৰ চৰিত্ৰত অভিনয় কৰে, যিখন আছিল তেওঁৰ প্ৰথম মুক্তিপ্ৰাপ্ত ছবি।৭
যশিকাৰ বাবে ২০১৬ চনৰ বোলছবি ধৰুৱাংগল পথিনাৰু আছিল এক বিশেষ মাইলৰ খুঁটি। অতি কম বাজেটত নিৰ্মিত ছবিখনে ব্যাৱসায়িক সফলতা লাভ কৰাৰ লগতে ইয়াৰ শিল্পীসকলকো বিশেষ স্বীকৃতি প্ৰদান কৰিছিল।৮ ইয়াৰ পিছত তেওঁ পাদম (২০১৮) আৰু থম্বি ৰামাইয়াৰ মানিয়াৰ পৰিয়াল (২০১৮) বোলছবিত অভিনয় কৰে।
যশিকাই ইয়াৰ পিছত এখন প্ৰাপ্তবয়স্কৰ কমেডী ছবি ইৰুত্তু আৰাইল মুৰাট্টু কুথুত (২০১৮) অভিনয় কৰিছিল। থাইলেণ্ডত দৃশ্যগ্ৰহণ কৰা এই ছবিখনত তেওঁৰ সৈতে বৈভৱী শাণ্ডিল্য আৰু চন্দ্ৰিকা ৰবিয়ে অভিনয় কৰিছিল আৰু ছবিখনে বক্স অফিচত ভাল প্ৰদৰ্শন কৰিছিল।৯
২০১৮ চনত যশিকাই কমল হাছানে পৰিচালনা কৰা ৰিয়েলিটি শ্ব’ বিগ বছ তামিলৰ দ্বিতীয়টো ছিজনত অংশগ্ৰহণ কৰিছিল। ইয়াৰ আগতে তেওঁক প্ৰথমটো ছিজনৰ বাবেও যোগাযোগ কৰা হৈছিল, কিন্তু তেওঁ সেই প্ৰস্তাৱ নাকচ কৰিছিল।১০ তেওঁ ৯৮তম দিনত প্ৰতিযোগিতাৰপৰা বাহিৰ হয় আৰু পঞ্চম স্থান লাভ কৰি শ্ব’টো শেষ কৰে।১১১২ প্ৰতিযোগিতাৰপৰা বাহিৰ হোৱাৰ আগতে তেওঁ কিছুমান নিৰ্দিষ্ট কামত জয়ী হোৱাৰ বাবে ৫ লাখ টকাৰ নগদ পুৰস্কাৰ লাভ কৰিছিল।১৩ পিছলৈ তেওঁ ২০১৯ চনত ষ্টাৰ বিজয়ৰ টিভি ধাৰাবাহিক জোডী আনলিমিটেডত এগৰাকী পৰামৰ্শদাতা (mentor) হিচাপে উপস্থিত হৈছিল।
যশিকাই পৰৱৰ্তী সময়ত এনিমেটেড জম্বী বোলছবি জম্বীত মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল।১৪১৫১৬
২০১৮ চনত চেন্নাই টাইমছ-এ তেওঁক "টেলিভিছনৰ আটাইতকৈ আকৰ্ষণীয় মহিলা" হিচাপে তালিকাভুক্ত কৰিছিল।১৭
২০২১ চনত তেওঁ লাছ ভেগাছত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।
ব্যক্তিগত জীৱন
২০২১ চনৰ ২৪ জুলাইত চেন্নাইৰ সমীপৰ মহাবলীপুৰমত যশিকা এক ভয়াবহ পথ দুৰ্ঘটনাত পতিত হয় আৰু তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। তেওঁ বন্ধু-বান্ধৱীৰ সৈতে যাত্ৰা কৰি থকা অৱস্থাত তেওঁলোকৰ বাহনখনে এখন ডিভাইডাৰত খুন্দা মাৰি ওচৰৰ গাঁতত পৰি গৈছিল।১৮১৯ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি দুৰ্ঘটনাস্থলীতে তেওঁৰ এজনী বান্ধৱীৰ মৃত্যু হয়। প্ৰত্যক্ষদৰ্শীৰ মতে অভিনেত্ৰীগৰাকীৰ এছ ইউ ভি (SUV) বাহনখন তীব্ৰ গতিত আছিল আৰু নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হৈছিল।২০২১
যশিকাই সমাজত নিয়মীয়াকৈ নাৰী সবলীকৰণৰ বাবে সজাগতা সৃষ্টি কৰি আহিছে।২২
তথ্যসূত্ৰ
- ↑ Padikkaatha Pakkangal Trailer: Yashika Aannand plays an actor who is attacked by her fan. Cinema Express
- ↑ Richard Rishi and Yashika Aannand's cosy pictures from vacation spark dating rumours. India Today
- ↑ (5 August 2020). Bigg Boss Tamil 3 fame actress Yashika Anand turns 21; fans arrange blood donation campaign to celebrate the occasion. The Times of India
- ↑ (4 August 2020). (Tweets) Fans pour warm wishes on Bigg Boss Tamil 2 contestant Yashika Aannand's 21st birthday. Zoom
- ↑ (23 July 2017). Teen temptations. Deccan Chronicle
- ↑ (8 September 2018). Yaashika Anand shot for Inimey Ippadithan. The Times of India
- ↑ (3 October 2020). Yashika gives a sneak peek into her body flex workout. The Times of India
- ↑ (1 December 2016). An aspiring entrant!. Deccan Chronicle
- ↑ Rajendran, Gopinath. (8 November 2017). Cast of Iruttu Araiyil Murattu Kuthu gets stronger. Cinema Express
- ↑ Pandiarajan, Ma. (17 June 2018). 'பிக்பாஸ் சீசன் -2 பிரமாண்ட தொடக்கம்! ' - முதல் போட்டியாளர் யாஷிகா ஆனந்த். Ananda Vikatan
- ↑ பிக்பாஸ் சீசன் 2-ல் கலந்து கொள்ளும் 18 வயது இளம் போட்டியாளர் এই நடிகைதானாம்.!. NewsFast
- ↑ Venkateswaran, Vikram. (18 June 2018). Bigg Boss Tamil Season 2: #YashikaArmy, Unprepared Kamal. The Quint
- ↑ (25 September 2018). Ex-Bigg Boss Tamil 2 contestant Yashika Anand thanks her fans; See video. The Times of India
- ↑ Manikandan, Rajeshwari. (1 January 2019). Yogi Babu To Star With Yashika Anand In A Horror Comedy. Silverscreen.in
- ↑ (31 December 2018). Yashika and Yogi Babu team up for a 3D adult horror comedy. The Times of India
- ↑ (7 April 2019). Yogi Babu completes shoot for Zombie. News Today
- ↑ (2 February 2019). Chennai Times 15 Most Desirable Women on Television 2018. The Times of India
- ↑ (25 July 2021). Actor Yashika Aanand injured in a road accident, is critical. Hindustan Times
- ↑ Madhav, Pramod. (25 July 2021). Yashika Aannand meets with a car accident, actress seriously injured. India Today
- ↑ Kannan, Sindhu. (25 July 2021). Actor Yashika Aannand injured in road accident near Chennai; friend dies. The Times of India
- ↑ Sunder, Gautam. (25 July 2021). Yashika Aannand interview: This is the true version of how the accident happened. The Hindu
- ↑ Yashika Aannand reveals her personal experience about casting couch in film industry. CatchNews.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যশিকা আনন্দ” প্ৰবন্ধৰ সংশোধন ৫৯৯৭৪৪ (২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।