য়াকুব আব্দুল ৰাজ্জাক মেমন ১ মুম্বাইৰ অপৰাধ জগতৰ এজন কুখ্যাত ব্যক্তি যাক ১৯৯৩ চনৰ ১২ মাৰ্চ শুক্ৰবাৰে বোম্বাই (এতিয়া মুম্বাই) মহানগৰৰ বিভিন্ন স্থানত সংঘটিত হোৱা এলানি বোমা বিস্ফোৰণৰ অপৰাধিক ষড়যন্ত্ৰত জড়িত বুলি দোষী সাব্যস্ত কৰি ২০০৭ চনৰ ২৭ জুলাইত মুম্বাইৰ এখন বিশেষ টাডা আদালতে মৃত্যুদণ্ডৰ হুকুম দিছিল।২ মৃত্যুদণ্ডৰ হুকুম কাৰ্যকৰী কৰিবৰ বাবে তেওঁৰ ৫৩তম জন্মদিন ২০১৫ চনৰ ৩০ জুলাইৰ দিনটো ধাৰ্য্য কৰা হৈছিল।৩
ভাৰতীয় মূলৰ এইজন আতঙ্কবাদী পেশাগত ভাৱে এজন ফৰমানী লেখাধিকাৰী৪ আৰু বিস্ফোৰণৰ সেই ঘটনাৰ সময়ত তেওঁৰ বয়স প্ৰায় ৩০ বছৰমান হৈছিল।
শিক্ষা আৰু কৰ্মজীৱন
য়াকুব মেমনৰ জন্ম বোম্বাইৰ বাইকূলা অঞ্চলৰ প্ৰসিদ্ধ মেমন পৰিয়ালত হৈছিল। পিতৃ আব্দুল ৰাজ্জাক মেমন আৰু মাতৃ হানিফা মেমনৰ ৬জন পুত্ৰৰ মাজত য়াকুব মেমনেই আটাইতকৈ উচ্চ শিক্ষিত বুলিব পাৰি। য়াকুবে বোম্বাইৰ এণ্টনিয় ডি ছুজা হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা সাং কৰি পাচত বুৰহানী কলেজৰ পৰা বাণিজ্য বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ১৯৮৬ চনত তেওঁ ইন্সটিউত অৱ চাৰ্টাৰ্ড একাউণ্টেণ্টছ অব ইণ্ডিয়াত নাম ভৰ্ত্তি কৰি ১৯৯০ চনত ফৰমানী লেখাধিকাৰী হিচাপে মান্যতা লাভ কৰে। কাৰাবন্দী অৱস্থাৰ মাজতে তেওঁ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ পৰা ২০১৩ চনত ইংৰাজী সাহিত্য আৰু ২০১৪ চনত ৰাজনীতি বিজ্ঞানত দুটা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।৫
১৯৯১ চনত তেওঁৰ লৰালিৰ বন্ধু চেতন মেহতাৰ সৈতে লগ লাগি মেহতা এণ্ড মেমন এচছিয়েটছ নামৰ এটা প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰি ফৰমানী লেখাধিকাৰী হিচাপে কাম আৰম্ভ কৰে কিন্তু তাৰ পিছৰ বছৰতেই নিজাকৈ এ. আৰ. এণ্ড চান্স নামেৰে এক প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰি যথেষ্ট প্ৰসিদ্ধি লাভ কৰে। তেওঁ টেজৰথ ইণ্টাৰনেচনেল বোলা এক কোম্পানী গঠন কৰি পাৰস্য উপসাগৰীয় অঞ্চল তথা মধ্য-প্ৰাচ্যলৈ মাংস ৰপ্তানিৰ ব্যৱসায়ো কৰি আছিল।
বোম্বাই বিস্ফোৰণ, ১৯৯৩ চন আৰু য়াকুব মেমন
য়াকুব মেমনক তেওঁৰ ভাতৃ ইব্ৰাহিম মুস্তাক আব্দুল ৰাজ্জাক নাদিম মেমন চমুকৈ 'টাইগাৰ' মেমন আৰু কুখ্যাত ডাউদ ইব্ৰাহিমক আৰ্থিক ভাৱে সহায় কৰি ১৯৯৩ চনৰ বোম্বাই বিস্ফোৰণৰ অপৰাধিক ষড়যন্ত্ৰ কৰা বুলি অভিযুক্ত কৰা হৈছিল আৰু গোচৰৰ এই ধাৰাতেই তেওঁ আদালতৰ দ্বাৰা দোষী সাব্যস্ত হৈ মৃত্যুদণ্ডৰে দণ্ডিত হৈছে। গোচৰৰ আন তিনিটা ধাৰাটো য়াকুব মেমন আদালতৰ দ্বাৰা দোষী সাব্যস্ত হৈছিল যদিও বিহিত শাস্তিসমূহৰ পৰিমাণ মৃত্যুদণ্ডতকৈ লঘু হোৱাৰ পৰিপেক্ষিতত সেইবোৰ কাৰ্যতঃ অৰ্থহীন হৈ থাকে।
২১ জুলাই, ২০১৫ ত ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে তেওঁৰ অন্যায়োপশম লাভাৰ্থে কৰা আবেদন এখন নাকচ কৰে যদিও ২৪ জুলাই,২০১৫ ত তেওঁ সৰ্বোচ্চ ন্যায়ালয়ত পুনৰ এখন আবেদন কৰি যুক্তি দৰ্শাই যে তেওঁৰ বিৰুদ্ধে দিয়া মৃত্যু-পৰোৱানাখন বেআইনী কিয়নো সেইখন তেওঁ ক্ষমা লাভৰ সকলো আইনী পথ ৰুদ্ধ হোৱাৰ পূৰ্বেই জাৰী কৰা হৈছিল। ২৭ জুলাই,২০১৫ ত এই আবেদনৰ শুনানি লোৱাৰ দিন ধাৰ্য্য হয়।৬ দুদিনৰ শুনানিৰ অন্তত ২৯ জুলাই,২০১৫ত তেওঁৰ এই আবেদনখন খাৰিজ কৰি ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে ৰায় দিয়ে।৭ একেদিনাই নিশা তেওঁ ততাতৈয়াকৈ পুনৰ এখন আবেদন একেখন আদালততে দাখিল কৰে আৰু ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ে মাজনিশা শুনানি লৈ তেওঁৰ সেই আবেদনখনো খাৰিজ কৰে।৮
ফাঁচী
য়াকুব মেমনৰ অন্তিম আবেদনখন ৩০ জুলাই,২০১৫ ৰাতিপুৱা প্ৰায় ৫:০০ মান বজাত খাৰিজ হোৱাৰ কিছুসময়ৰ পাছত পুৱা ৬:৩৫ মানত নাগপুৰ কেন্দ্ৰীয় কাৰাগাৰত তেওঁক ফাঁচী দিয়া হয়।৯১০মুম্বাইৰ চন্দনৱাৰী কবৰস্থানত মেমনক কবৰ দিয়া হয়। মুম্বাইৰ পুলিচ প্ৰশাসনে সংবাদমাধ্যমৰ দ্বাৰা য়াকুব মেমনৰ জানাজা আৰু শেষকৃত প্ৰচাৰত বাধা আৰোপ কৰিছিল বুলি জনা যায়।১১
তথ্যসূত্ৰ
- ↑ আৰ্কাইভ কপি
- ↑ আৰ্কাইভ কপি
- ↑ www.latestnews360.com/readmore/320550/latest-new link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ আৰ্কাইভ কপি
- ↑ indianexpress.com/article/explained/yakub-memons
- ↑ www.thehindu.com/news/national/sc-bench-to-hear-
- ↑ supremecourtofindia.nic.in/FileServer/2015-07-29
- ↑ www.ndtv.com/cheat-sheet/yakub-memon-to-hang-rul
- ↑ www.thehindu.com/news/national/sc-begins-hearing
- ↑ www.ndtv.com/cheat-sheet/yakub-memon-to-hang-rul
- ↑ timesofindia.indiatimes.com/india/Gag-order-on-Y
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়াকুব মেমন” প্ৰবন্ধৰ সংশোধন ৬৪০১৮০ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।